Sunday, September 29, 2019

RINGWORM (খৰ খজুৱতি)

খৰ খজুৱতি (RINGWORM)

এই ৰোগ হোৱাৰ কাৰণ সমূহ হল

Tinea নামৰ এক প্ৰকাৰৰ ভেঁকুৰ ( fungus) ৰ পৰা এই ৰোগ হয়। গাৰ ছাল আৰু পিন্ধা কাপোৰ অপৰিষ্কাৰ , তিতা কাপোৰ পিন্ধা, দেহত খাদ্য প্ৰাণৰ অভাৱ হোৱা আদি কাৰণেও এই ৰোগ হয়। এই ৰোগত ছাল কোলা পৰি যায় আৰু খুব খজুৱতি অনুভৱ হয়।
খৰ (RINGWORM)

এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল

ছালৰ যিকোনো ঠাইত হব পাৰে। বাৰিষা কালত এই ৰোগ বেছিকৈ হয়। ছালৰ
ওপৰ ভাগত ৰঙা বা কজলা বৰণ হৈ সৰু সৰু ফোঁহা হয় আৰু চকলা চকল হৈ থাকে। ফোঁহা বিলাকত খজুৱতি হয় আৰু খজুৱালে কিছুমানৰ পৰা পানী বাহিৰ হয়। এই আঠা যুক্ত পানী পিন্ধা কাপোৰ কানি দ্বাৰা বেলেগ ঠাইত লাগিলে তাতো এই ৰোগ হোৱা সম্ভাৱনা হয়। লগে লগে উপযুক্ত চিকিৎসা নললে খৰ দোষৰ বাঢ়ি গৈ গোটেই শৰীৰ লৈ বিয়পা সম্ভাৱনা থাকে।

এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল

১/ কেঁচা হালধি পিচী দিনত তিনি বাৰ কৈ আৰু ৰাতি হুৱাৰ আগত এবাৰ খৰ হোৱা ঠাই কন খজু ৱাই লৈ তাত লগালে খৰ খজুৱতি সোনকালে ভাল হয়।
২/ নহৰু ৪/৫ ফুটা মান খুন্দি খৰ হোৱা স্থানত লগালে খৰ খজুৱতি সহজে ভাল হয়। এনেদৰে হাতী খৰতো ব্যৱহাৰ কৰিব পাৰি।
খৰ (RINGWORM)

৩/ মাখিয়তী গছৰ ঘাই শিপা ৩ ইঞ্চি মান কৰি তিনি টুকুৰা ভালদৰে খুন্দি খৰ হোৱা ঠাইত লগালে বহুদিনীয়া পুৰণি খৰো ভাল হয়।
৪/ কলীয়া তুলসীৰ কেইটামান পাত মোহাৰি সামান্য নিমখ দি খৰ হোৱা ঠাইত খজু ৱাই দিনে দুবাৰকৈ লগালে খৰ খজুৱতি ভাল হয়।
৫/ খৰ পাতৰ ২/৩ পাত খুন্দি লগালেও খৰ খজুৱতি ভাল হয়।
৬/ অমিতা ৰ আঠা খৰ হোৱা ঠাইত খজুৱাই লগালে খৰ খজুৱতি ভাল হয়।
৭/ কলীয়া তুলসী পাত কেইটামান খুন্দি তাত অলপ নিমখ মিহলাই খৰ হোৱা ঠাইত ঘহিলে খৰ খজুৱতি গুচে।

এই ৰোগত কি কি খোৱা উপযোগী

তিতা দ্ৰব্য, কঁঠাল গুটি, হালধি, সজিনা, খাদ্য প্ৰাণ ' খ' vitamin 'B' যুক্ত আহাৰ খোৱা ভাল। অমিতা, চয়াবিন, খুতুৰা, ইলাচি, বগা সৰিয়হ আদি উপকাৰী ।
খৰ (RINGWORM)

এই ৰোগত কি কি খোৱা অনুপযোগী

বিজলুৱা খাদ্য বস্তু, বেঙেনা, বৰা চাউল আদি সমূহ খোৱা অতিকৈ বেয়া।

বিঃদঃ এই ৰোগৰ বিষয়ে আৰু অধিক জানিবলৈ আমাক ইমেইল বা মেচেজ কৰিব পাৰে। আপোনাৰ প্ৰতিটো মেচেজ বা ইমেইল ৰ উত্তৰ দিয়াটো আমাৰ দায়িত্ব।