Thursday, September 26, 2019

BRONCHIAL ASTHMA (হাইফাই বা হাঁপানী)

হাইফাই বা হাঁপানী (BRONCHIAL ASTHMA)


এই ৰোগ হোৱাৰ কাৰণ


এই ৰোগ মূলতঃ শ্বাস যন্ত্ৰৰ কোনো অংশত যদি বীজাণুৱে আক্ৰমণ কৰে তেনেস্থলত এই ৰোগ হয়।এলাৰ্জি বা বংশগত কৰণতো এই ৰোগ সচৰাচৰ হোৱা দেখা যায়।এই ৰোগ আচলতে কম বয়সতে আৰম্ভ হয়।ধূলি বালি,পানী লগা,ঠাণ্ডা লাগিলে এই ৰোগ বৃদ্ধি হয় । হঠাতে উত্তেজিত হোৱা আৰু ভিৰু লোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি হোৱা দেখা যায়।
হাইফাই বা হাঁপানী (BRONCHIAL ASTHMA)


এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল


কাহ হয় লগতে বুকুখন গধুৰ গধুৰ লাগে।উশাহ জোৰকৈ লব লাগে।উশাহ নিশাহ
লোৱাত কষ্ট হয়।উশাহ নিশাহ লওঁতে ঘেৰ ঘেৰণি শব্দ হয়।শেষ ৰাতি টোপনি নাইকিয়া হয়।ৰোগী শুব নোৱাৰি উঠি বহে।শৰীৰ দুৰ্বল হৈ যায়।ৰোগ পুৰণা হলে ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে।এনে অৱস্থাক asthemetic trouble বোলা হয়।
হাইফাই বা হাঁপানী (BRONCHIAL ASTHMA)

এই ৰোগ নিৰাময়ৰ উপায়


ইয়াৰ বাবে কিছু পুৰণি ঘৰুৱা বন্দৰৰ আমাৰ হাতত সংগ্ৰহ আছে তাৰে কেই প্ৰকাৰ মান আপোলোকলৈ আগবঢ়ালোঁ।
১/ এটা নেমুৰ ৰসৰ লগত মৰণ আদা খুন্দি দুয়োটা একেলগে মিহলি কৰি তিনি বা চাৰি চামুচ প্ৰতিদিনে খাব লাগে যেতিয়ালৈকে ৰাম নাপায়।
২/ আঠ বা দহ খন বাসকৰ পাত খুন্দি দিনে দুবাৰকৈ একেৰাহে এমাহ মান খালেই এই ৰোগ নিৰ্মূল কৰিব পাৰি।
৩/ কলীয়া তুলসীৰ ৰস ,মৌ জোল আৰু মৰাণ আদাৰ ৰস সমপৰিমাণে লৈ ৰাতিপুৱা আৰু গধূলি দিনে দুবাৰকৈ কিছুদিন খালে এই ৰোগ পৰা হাত সাৰিব পাৰি।
৪/ সৰিয়হৰ তেল নিমখৰ লগত গৰম কৰি ঠাণ্ডা হব দিব লাগে তাৰ পাছত লাহে লাহে এই তেলেৰে বুকু মালিচ কৰিব লাগে।
৫/ ষষ্ঠীমধু (পান দোকানত পোৱা যায়) আৰু ৰঙা চন্দন পিহি গাখীৰৰ লগত মিহলি কৰি নিয়মীয়াকৈ উনৈশ বা বিশ দিন মান খাব লাগে। এনে কৰিলে ৰোগীয়ে যথেষ্ট ৰাম পায়।
৬/ পুৰণি গুড় (তিনি বছৰীয়া পুৰণা হলে ভাল ) ত্ৰিশ গ্ৰাম সৰিয়হৰ তেল দহ গ্ৰাম একেলগে মিহলি কৰি খাব লাগে।
৭/ পুৰণি ঘিউ আকণৰ পাতত লগাই সেই পাত জুইত সেঁক দি বুকুত বান্ধি ৰাখিব।এনে কৰিলে ততালিকে ৰোগী আৰাম পাব।
৮/ আকণৰ শিপাৰ ছাল প্ৰথমে খুন্দি গুড়ি কৰি তাক আকণৰ আঠাত তিয়াই ৰাখি শুকুৱাই তাক ৰোগীৰ ওচৰত ধোঁৱা দিব লাগে যাতে সেই ধোঁৱা ৰোগীৰ নাকেৰে ৰোগীৰ শ্বাস তন্ত্ৰত সোমায় ।
৯/ আমলখিৰ শিপাৰ ৰস দৈনিক পৈত্ৰিশ গ্ৰামকৈ খালেও এই ৰোগৰ ক্ষেত্ৰত কিছু সকাহ পোৱা যায়।
১০/ দৈনিক দহ টা পোন্ধৰ টা মান ভেঁকুৰি গুটি খুন্দি বা চোবাই খালে পুৰণি হাঁপানী ৰুজু ভাল হোৱা দেখা যায়।
১১/ ৰবাব টেঙাৰ শিপা পচিশ গ্ৰাম ,শিলিখা পাঁচটা, আদা বিশ গ্ৰাম ভাল দৰে খুন্দি তাত অলপ হৈন্ধোব লোণ ( কলা নিমখ ) মিহলি কৰি দিনে দুবাৰকৈ ৰাতিপুৱা আৰু গধূলি খাব লাগে।
১২/ বগা পদুম ফুল অফ আৰু জালুক বাৰ গ্ৰাম মান লৈ পিহি কেইদিন মান খালেই হাঁপানী ৰোগৰ পৰা দূৰতে থাকিব পাৰি।
হাইফাই বা হাঁপানী (BRONCHIAL ASTHMA)

১৩/ দুটা জালুক আৰু এশ গ্ৰাম পনৌ নৌৱা শিপাৰ ৰসত সামান্য গঙ্গাজল মিহলি কৰি এনেদৰে দুবাৰকৈ দিনে একেৰাহে বাৰ দিন খালে হাঁপানী ৰোগ নিৰ্মূল কৰাত বহু সহায় হয়।
১৪/ মৌ জোল পঞ্চাশ গ্ৰাম ,খোৱা কৰ্পোৰ তিনিটা মান ,মৰাণ আদা পঞ্চাশ গ্ৰাম,গুড় পঞ্চাশ গ্ৰাম,মিঠাতেল পঞ্চাশ গ্ৰাম ,জালুক পঞ্চাশ গ্ৰাম, ভালদৰে পিহি লৈ আধা লিটাৰ পানীত সিজাই তাৰে তিনিশ শুকুৱাই দুশ মিঃ লিঃ ৰাখি পঞ্চাশ মিঃ লিঃ কৈ কুহুমীয়া গৰম কৰি খুৱাব লাগে।এনেদৰে তিনি দিন মান খুৱালেই হাঁপানী ৰোগ দূৰ কৰিব পাৰি। এই সময়ত বা এই ঔষধ খোৱা সময়ত পুঠী মাছ কেতিয়াও নাখাব।

এই ৰোগত কি কি খোৱা উপযোগী


সাধাৰণতে এই ৰোগৰ ক্ষেত্ৰত বাছি খোৱাটো খুব প্ৰয়োজন । এই সময়ত কি কি খোৱা দৰকাৰ তাৰে এখন তালিকা তলত উল্লেখ কৰা হল
কাঁটাখুতুৰা, বগা বাসকৰ ফুল, ভাত কেৰেলা,নহৰু, শিলিখা,মৰাণ আদা,জালুক,পিপলি,জৰা টেঙা,ৰবাব টেঙা,জলকীয়া,শুসনি বনৰ পাত,কলীয়া তুলসী,কালজিৰা, অপৰাজিতা ফুল,লং,পকা আম, থেকেৰা,বেল, কিচমিছ, ৰঙা জবাব ফুলৰ ৰস,মধুৰী আম, চিৰতা,বিলাহী,মানিমুনি, চজিনা আদি বহু খোৱাটো বহু লাভজনক। এই সময়ত সদায় গৰম পানী খোৱা অতি প্ৰয়োজনীয়।

এই ৰোগত কি কি খোৱা অনুপযোগী


এই ক্ষেত্ৰত কিছু মান খাদ্য খোৱাটো স্বাস্থ্য সন্মত নহয়।তাৰে কিছুমানৰ তালিকা প্ৰস্তুত কৰি তলত উল্লেখ কৰা হল
কচু,কণী, পিয়াঁজ,উৰহি, আলু,পুৰৈ শাক,কোমোৰা,ঔ টেঙা,নতুন চাউলৰ ভাত,ভেন্দি,চোকা শাক,তেঁতেলী, শাল মাছ,চেঙা মাছ,মাগুৰ মাছ,আৰি মাছ,ৰসৰ দাইল,হাঁহৰ মাংস আদি কিছু মান খাদ্যৰ পৰা আঁতৰি থাকিলে এই ৰোগ সোনকালে নিৰ্মূল হব।

বিঃদঃ এই ৰোগৰ বিষয়ে আৰু বিশেষ জানিবলৈ আমাক মেইল বা কমেণ্ট কৰিব পাৰে।আমি আপোনালোকৰ প্ৰশ্নৰ বাবে সদায় আগ্ৰহী। আপোনালোকৰ সহায়ৰ বাবে আমি সদায় সাজু।