ফোঁহা (Abscess)
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
শৰীৰ টো অপৰিষ্কাৰ কৈ ৰাখিলে। ছাল খন লতেৰাকৈ ৰাখিলে। কাম কাজ কৰা পাছত ভৰি হাত ভালকৈ নুধুলে। আৰু তেজৰ দোষত ফোঁহা হোৱা দেখা যায়।
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
ই এক প্ৰকাৰৰ ছালৰ ৰোগ। দেহৰ ভিতৰতো হব পাৰে। ছাল প্ৰথমে ৰঙা পৰে ।উখহী ফুলি উঠে আৰু বিষ হবলৈ ধৰে। পকিলে পুজ ওলাই বাহিৰ হয়।
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ দেহৰ কোনো অংগত ফোঁহা হলে তাত নহৰু ২/৩ ফুটা খুন্দি কিছু সময় প্ৰলেপ দিলে ফোঁহা সহজে শুকায় আৰু লগতে ফোঁহা পৰা হোৱা বিষ কোষ বিলাকো সোনকালে নাইকিয়া হয়।
২/ ফোঁহা উঠিলে বিষ হলে ডুপৰ টেঙা পাত খুন্দি প্ৰলেপ দিলে ফোঁহা লাহে লাহে জামৰি যায় আৰু বিষ লাহে লাহে দুৰ হবলৈ আৰম্ভ কৰে।
৩/ জেতুকা পাতৰ ৰসেৰে ফোঁহা ধুলে ফোঁহা জমৰি যায়।
৪/ সৰু হুনবৰিয়ালৰ পাত ৫ টা খুন্দি ফোঁহা মুখত দিলে ফোঁহা যামৰি যায় আৰু ফোঁহা মূৰটো ভাঙি প্ৰলেপ দিলে ফোঁহা সোনকালে পকী শুকাই যায়।
৫/ বগা বাহকৰ ৪/৫ খন পাত খুন্দি তাত অলপ চেনী মিশ্ৰণ কৰি ফোঁহা ত প্ৰলেপ দিলে ফোঁহা বহি যায় আৰু তেজ পূঁজ বাহিৰ হৈ শুকাই যায়।
৬/ বিশল্যকৰণিৰ পাত খুন্দি ফোঁহা প্ৰলেপ দিলে যিকোনো প্ৰকাৰৰ ঘা অতি সহজে শুকাই।
৭/ হিজুৰ কেঁচা ঠাৰি থেতেলিয়াই ফোঁহা ত প্ৰলেপ দিলে ফোঁহা বহি ফাটি যায় আৰু বিষ কোষ নাইকিয়া হয়।
৮/ চকুত ফোঁহা উঠীলে চ জিনা এঠা বা গোলাপ জল দিব লাগে।
৯/ পচতীয়া পাত ৪/৫ খিলা খুন্দি ফোঁহা ত প্ৰলেপ দিলে ফোঁহা সহজে পকী পুয আদি বাহিৰ হৈ সহজে শুকাই আৰু বিষ কমে।
১০/ ২/৩ খিল বেলৰ পাত আৰু ২ টা জালুক ভালদৰে পিছী ফোঁহা প্ৰলেপ দিলে ফোঁহা শুকাই নাইকিয়া হৈ যায়।
১১/ ফোঁহা পকিলে সোনকালে হুকুৱাবলে হলে কুহুমীয়া পানীৰে ধুই চিৰতাৰ পাতৰ ৰস নাইবা মহানিম্ পাতৰ ৰসেৰে ফোঁহা ধুই ইয়াৰ পাত খুন্দি প্ৰলেপ দিব লাগে।
এই সময়ত কি কি খোৱা দৰকাৰ
তিতা বস্তু , পোৰাকল, খুটোৰা শাক, শিলিখা, মগু, বুট, তিতা ফুল, হালধি ৰস ইত্যাদি খোৱা অতিকৈ উপযোগী। তদুপৰি ৰক্ত বিকাৰত যি পথ্য দিয়া হৈছে হেই পঠ্য ব্যৱহাৰ কৰিব পাৰি।
এই ৰোগ সময়ত কি কি খোৱা অনুপযোগী
টেঙা বস্তু, সহজে হজম নোহোৱা বস্তু, ধূম্ৰপান, মাদক দ্ৰব্য ইত্যাদি খাদ্য সমূহ অতিকৈ বেয়া।