Wednesday, September 25, 2019

HIGH BLOOD PRESSURE (উচ্চ ৰক্তচাপ)

উচ্চ ৰক্তচাপ(HIGH BLOOD PRESSURE)


এই ৰোগ হোৱাৰ কাৰণ


সাধাৰণতে বয়সস্থ লোকৰ এই ৰোগ হোৱা যায়।কিন্তু আজি কালি বজাৰত উপলব্ধ বিভিন্ন প্ৰকাৰৰ ভেজাল আৰু লগতে কৃত্ৰিম সাৰ প্ৰয়োগ কৰা খাদ্য খোৱাৰ বাবে কম বয়সীয়া লোকৰোঁ এই ৰোগ হোৱা দেখা যায়।ইয়াৰ কাৰণ হল তেজ চলাচল কৰা ধমনী বোৰৰ ভিতৰৰ ছাল অতি ডাঠ হলে আৰু সাধাৰণতে তেজৰ পৰিমাণ বেছি হলে। অৱশ্যে দেহৰ প্ৰয়োজনতকৈ তেজ কম পৰিমাণে থাকিলেও এই ৰোগ হব পাৰে।
উচ্চ ৰক্তচাপ(HIGH BLOOD PRESSURE)

এই ৰোগৰ লক্ষণ সমূহ হল


সাধাৰণতে স্বাভাৱিক ৰক্তচাপ ১২০/৮০ ( ৪৫ বছৰৰ তলৰ লোকৰ )
স্বাভাৱিক ৰক্তচাপ ১৪০/৯০ (৪৫ বছৰৰ ওপৰৰ লোকৰ)

বয়সস্থ লোকৰ কাৰণে ১৭০/১১০ ৰক্তচাপো স্বাভাৱিক ৰক্তচাপ বুলি ধৰিব পাৰি ।
স্বাস্থ্যবান মানুহৰ ক্ষেত্ৰত ওপৰত উল্লেখ কৰা স্বাভাৱিক বা নিয়মিত ৰক্ত চাপতকৈ বেছি হলে উচ্চ ৰক্তচাপ বোলা হয়। এই ৰোগত মূৰ বিষ আৰু মূৰ কামোৰণি হয় । বুকুৰ বিষ আৰু শৰীৰ দুৰ্বল হবলৈ ধৰে। চকুৰে জলক তপক দেখে।টোপনি কম হবলৈ ধৰে । কাণেৰে কম শুনা আৰম্ভ হয়। গা জিন জীনাই থাকে।উত্তেজনা আৰু উদ্বেগ আদি লক্ষণ সমূহে দেখা দিয়ে। সাধাৰণ কথাতে খন উঠিব ধৰে। স্মৃতি শক্তি হ্ৰাস হবলৈ ধৰে। প্ৰস্ৰাৱ সঘনাই হব ধৰে।
উচ্চ ৰক্তচাপ(HIGH BLOOD PRESSURE)

এই ৰোগৰ বনৌষধি সমূহ হল


১/ সৰ্পগন্ধাৰ ৰস দহ গ্ৰাম কৈ দৈনিক দুবাৰকৈ খালে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
২/ জেতুকাৰ পাত ভাল দৰে খুন্দি লৈ মূৰত আৰু ভৰিৰ তলুৱাত লাহে লাহে প্ৰলেপ দিব লাগে।
৩/ ছালকুঁৱৰীৰ পাত দুখিলা মান ভাল দৰে খুন্দি লৈ মূৰত লাহে লাহে প্ৰলেপ দিলে এই ৰোগৰ পৰা সোনকালে নিৰাময় হব।
৪/ দৈনিক কেঁচা নহৰু দুটাকৈ ভাতৰ লগত একেৰাহে এক ডেৰ মাহ খালে উচ্চ ৰক্তচাপ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
৫/ কলীয়া তুলসীৰ পঞ্চাছ গ্ৰাম ৰসৰ লগত সাত আঠ চামুচ মান কেঁচা হালধী মিহলি কৰি দিনে দুই বাৰকৈ প্ৰায়ে খালে এই ৰোগ শৰীৰৰ পৰা দূৰতে ৰাখিব পাৰি।
৬/ দৈনিক সাত আঠ টা মান ভাল জাতৰ আমলখি খোৱাটো এই ৰোগৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী।
৭/ পলাশ ফুল গছৰ শিপা দৈনিক দহ গ্ৰামকৈ দিনে দুবাৰকৈ খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়।
৮/ বিলাহী ভাল দৰে পিহি লৈ তাৰ ৰস দুশ গ্ৰামকৈ দৈনিক খাব লাগে।এনে কৰিলে উচ্চ ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ আহে।
৯/ অপেল পিহি তাৰ ৰস দুশ পঞ্চাছ গ্ৰামকৈ নিয়মীয়াকৈ একমাহ খালে ।এই ৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমানে কমি যায়।
১০/ মৌ জোল দুশ গ্ৰামকৈ তুলসী ৰসৰ লগত খালে উচ্চ ৰোক্তচাপৰ পৰা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।
১১/ আমলখি সাত আঠ টা মান খুন্দি তাৰ অৱশিষ্ট খিনি অলপ মিচিৰি সৈতে মিহলি কৰি খালে ৰক্তচাপ স্বাভাৱিক হয়।
উচ্চ ৰক্তচাপ(HIGH BLOOD PRESSURE)

১২/ চজিনাৰ কুঁহিপাত আঞ্জা কৰি নিয়মীয়াকৈ খালে এই ৰোগ ভাল হয়।ৰাতি পোৱা শুদা পেটত চজিনাৰ পাতৰ ৰস পঞ্চাশ গ্ৰাম খাব লাগে।এনে কৰিলে এই ৰোগৰ পৰা বহু পৰিমাণে আৰাম পোৱা যায়।
১৩/ মানিমুনি বা ব্ৰাহ্মী শাকৰ ৰস সাত আঠ চামুচকৈ মৌ জোল বা মিচিৰি মিহলি কৰি একেৰাহে পোন্ধৰ বিশ দিন খাব লাগে।
১৪/ নফাফুৰ কুমলীয়া চাৰি বা পাঁচটা মান আগ লগতে চাৰি ফুটা মান নহৰু সৈতে পাতত দি ৰাতি পোৱা শুদা পেটত খাব লাগে। এনে কৰিলে এই ৰোগৰ ক্ষেত্ৰত বহু পৰিমানে উপকাৰ হব।


এই ৰোগত কি কি খোৱা উপযোগী


এই ৰোগত বাছি খুৱাটোৱেই হল প্ৰধান ঔষধ। ইয়াৰে কিছু মান খাদ্যৰ তালিকা উল্লেখ কৰা হল
এইক্ষেত্ৰত বিলাহী,মাটি কঁঠাল,কমলা টেঙা,নাচপতি,আম, মধুৰী আম আদি খোৱাৰ উপকাৰী।পকা তেঁতেলী আৰু গুৰ খোৱাটো লাভজনক।
আহাৰ কমকৈ খাব লাগে,এনেয়ে বহি বা শুই থাকিব নালাগে মানে পাতলীয়াকৈ দুই এটা কাম কৰিলে তেজ চলাচল ভাল হয় আৰু ৰক্ত চাপো নিয়ন্ত্ৰণ হয়।পোৱা সোনকালে শুই উঠিব লাগে।গ ধোতে গা খুব পিহি ধোৱা তো ভাল।

এই ক্ষেত্ৰত কি কি খোৱাটো অনুপযোগী


এই ৰোগত কিছুমান খাদ্যৰ পৰা আঁতৰি থাকিব লাগে তাৰে এখন তালিকা দিয়া হল
এই ক্ষেত্ৰত পিয়াঁজ, কণী,কঁঠাল, নিমখ, ভজা মাছ,দাইল, মাংস, তিতা কেৰেলা,যিকোনো তিতা বস্তু,পালেং শাক,বন্ধা কবি,তিয়হ,মটৰ মাহ,বেকিং পাউদাৰ দিয়া বিস্কুট,খেজুৰি,বেঙেনা,মাদক দ্ৰব্য,বিড়ি, চিগাৰেট, ধঁপাত,চাহ,কফি আদি সামগ্ৰী সমূহ অতি বেয়া । অধিক চিন্তা আৰু দুখ বেজাৰ কৰিব নালাগে। কথা কমকৈ কব লাগে।উত্তেজক আৰু গৰম ক্ৰিয়া দায়ক খাদ্য বস্তু খোৱাৰ পৰা বিৰত থকাটো ভাল।


বিঃদঃ এই ৰোগৰ আৰু বিশেষ জানিবলৈ আমাক মেইল নতুবা কমেণ্ট কৰিব পাৰে।আমি এই ৱেবছাইটৰ জৰিয়তে যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ আমি চেষ্টা কৰোঁ । আমি আপোলোকৰ মাইল বা কমেণ্ট সদায় নিৰীক্ষণ কৰোঁ।আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰৰ বাবে সদায় সজাগ।