সাৰ বেমাৰ বা কামলা (JAUNDICE)
যকৃতৰ অন্তৰ্গত পিত্তাশয়ৰ পৰা ওলোৱা পিত্ত বৰ্ণক(Biles Figment) ইমানকৈ বাঢ়ি যায় যে যকৃত কোষ(cells of the liver) ৰ দ্বাৰা তাক গ্ৰহণ কৰিবলৈ নোৱাৰা হৈ যায় যাৰ ফলত ই ৰক্ত নলীকাৰ লগত মিহলি হৈ যায়। সেই কাৰণে শৰীৰৰ বিভিন্ন অংগ প্রত্যঙ্গ হালধীয়া হৈ যায়।
এই ৰোগৰ হোৱাৰ কাৰণ হল
যকৃত (liver) ৰোগ হলে,পিত্তত পাথৰ হলে,পিত্ত নলী সংকোচন হলে বা পিত্ত নলীত কৃমি হলে,বাহি বা দূষিত খাদ্য খালে, অপৰিষ্কাৰ পানী খালে, শৌচ কঠিন
হলে,নিমখ বেছিকৈ খালে আৰু অৱশ্যকতকৈ বেছি ব্যায়াম কৰিলে এই ৰোগ হোৱাৰ সম্ভাৱনা বা হোৱা দেখা যায়।শৰীৰত তেজৰ পৰিমাণ কমি গলেও এই ৰোগ হোৱাৰ সম্ভাৱনা কিছু পৰিমাণে বাঢ়ি যায়।
এই ৰোগ হোৱাৰ লক্ষণ
চকু,জিভাৰ তল আৰু ছাল হালধীয়া হয়।আনকি প্ৰসাৱ ও হালধীয়া হবলৈ আৰম্ভ কৰে। ৰোক্তহীনতা ই দেখা দিয়ে ,শৰীৰ দুৰ্বল হয়,পেটত বিষ হয়,জ্বৰ উঠে,ভোক কম হয়,যকৃত আৰু প্লীহা বৃদ্ধি হয়।গুহ্যদ্বাৰেদি কেতিয়াবা তেজ ক্ষৰণ হোৱা দেখা যায়।যকৃতত হাতেৰে টিপি চালে বিষ অনুভৱ হয়।প্ৰথম অৱস্থাত বমি বমি ভাব হৈ থাকে।
এই ৰোগ নিৰাময়ৰ উপায়
এই ৰোগ নিৰাময় কৰিবৰ বাবে বহু কেইবিধ বনৌষধি উপলব্ধ তাৰেই কিছুমান বছা বছা সহজে উপলব্ধ বনৌষধ তলত উল্লেখ কৰা হল।
১/ মিঠা আমৰ ৰস আৰু এক কাপ গাখীৰ মিহলি কৰি লৈ তাত মৌ জোল তিনি চামুচ দি ৰাতি পোৱা গধূলি খালে এই ৰোগ নিৰাময় হয়।
২/ ২০ গ্ৰাম কেৰেলাৰ ৰস লগত এক কাপ পানী মিহলি কৰি ৰাতি পোৱা আৰু গধূলি সময়ত খাব লাগে।
৩/ পাঁচ টা বা ছয় টা মান শিলিখা গুড়ি কৰি তাৰ লগত গুড় মিহলি কৰি খালে সকলো প্ৰকাৰৰ জণ্ডিচ ৰোগৰ পৰা হাত সাৰিব পাৰি।
৪/ এক কাপ পানীত ২৫ গ্ৰাম কিচমিচ ৰাতি তিয়াই থৈ ৰাখি ৰাতি পোৱা কিচমিচ কেইটা খচি তাক চেকি বাকী থকা পানী খিনিত কেই গ্ৰামমান মৌ জোল মিহলি কৰি খাব লাগে। এনেকৈ খালে ৰোক্তহীনতা দূৰ হয় আৰু সাৰ বেমাৰ সোনকালে আৰোগ্য হোৱাত যথেষ্ট সহায় কৰে।
৫/ দোকাপ পানীত আধাকপ পৰিষ্কাৰ ঘেঁহু বাৰ ঘণ্টা মান তিয়াই ৰাখি পাছত সেই পানী খাব লাগে।
৬/ এক কাপ গাজৰৰ ৰসত দুই বা তিনি চামুচ মৌ জুল মিহলি কৰি খালে এই ৰোগ অতি সোনকালে দূৰ হব।
৭/ গুলঞ্চ লতা বা আমৈ লতা মৌ জোলৰ লগত মিহলি কৰি খালে এই ৰোগ শীঘ্ৰে নাইকিয়া হব।
৮/ গুলঞ্চ ৰস ঘোলৰ সৈতে খালেও সোনকালে এই ৰোগৰ ক্ষেত্ৰত সুফল পাব।
৯/ কেঁচা হালধি গুৰি কৰি, মৌ জোল, ঘিউ , চেনি মিহলি কৰি খালে এই সাৰ ৰোগৰ পৰা হাত সাৰিব পাৰি।
১০/ আঁকি কুঁহিয়াৰ ৰস এগিলাচ কৈ দিনে দুবাৰ খাব লাগে। ই সাৰ ৰোগৰ নিৰাময়ৰ সৰ্বোত্তম উপায়।
১১/ আমলখিৰ দহ গ্ৰাম ৰসত দুই বা তিনি চামুচ মৌ মিহলাই খালে যথেষ্ট ভাল।
১২/ কেঁচা অমিতা তৰকাৰী কৰি (মচলা,জলকীয়া নিদিয়াকৈ) কেইদিন মান খালেই এই ৰোগ ভাল হোৱা ক্ষেত্ৰত সহায় হব।
১৩/ কেঁচা মূলা চোবাই খালে এই ৰোগ নাশ হয়। মূলাৰ পাতৰ ৰস একাপ সৈতে চাৰি বা পাঁচ চামুচ চেনি আৰু মৌ জোল মিহলি কৰি খালেও ভাল ফলা ফল পোৱা যাব।
১৪/ চাৰি বা পাঁচ ফুটা নহৰু খুন্দি আধা কাপ গৰম গাখীৰত মিহলি কৰি একেৰাহে চাৰি পাঁচ দিন খালেই এই ৰোগৰ পৰা সম্পূৰ্ণ সুস্থ হ পাৰি। এই ঔষধ খোৱা আগতে কিছু পৰিমাণে গাখীৰ খাই লোৱাটো উচিত।
১৫/ মিচিমি তিতাৰ লগত গ্লুকোজ মিহলি কৰি খালে এই ৰোগ আৰোগ্য হয় ।
১৬/ এক গিলাচ পানীত এটা কাজী নেমু ৰস মিহলি কৰি লৈ খালেও এই ৰোগৰ ক্ষেত্ৰত যথেষ্ট উপকাৰ হব।
১৭/ তিতা ফুল ( বাহক তিতা ) বিশ গ্ৰাম ৰসত সামান্য পৰিমাণে চেনি মিহলি কৰি দিনে দুবাৰকৈ একেৰাহে তিনিদিন বা চাৰিদিন ৰোগীক খুৱাব লাগে।
১৮/ বগী জামুকৰ ছাল এৰুৱাই ভাল দৰে খুন্দি তাৰ ৰসৰ সৈতে বিশুদ্ধ গাখীৰ আধা গিলাচ মিশ্ৰণ কৰি খাব লাগে।
১৯/ যম লাখুটিৰ শিপা ছয় ইঞ্চি দীঘল তিনি ডাল শিপাৰ ৰস উলিয়াই দুশ মিলি লিটাৰ গাখীৰৰ সৈতে খাব লাগে।
২০/ ওভোটা বনসূতৰ শিপা তিনি ডাল গৰু গাখীৰ আধা গিলাচ আৰু অলপ মিচিৰি মিহলি কৰি একে উশাহতে খাব লাগে।
এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী
এই ক্ষেত্ৰত কিছু মান খাদ্য স্বাস্থ্য আৰু ৰোগৰ পৰা হাত সৰাৰ বাবে উপযোগী। তাৰেই কিছুমান তলত উল্লেখ কৰা হল
ধনীয়াৰ ৰস,কৰ্দৈ টেঙা,আমলখি,কুঁহিয়াৰ, ব্ৰাহ্মী শাক,দুৰুণ বন,পুৰা কল,কেহেৰাজ,নিম পাত,মাটি কঁঠালৰ ৰস,শিলিখা,দুপৰ টেঙা পাত,পটল, পকা মিঠা আমৰ ৰস,জেতুকাৰ ৰস আদি এই ৰোগৰ বাবে উপযোগী।
এই ৰোগৰ বাবে কি কি খোৱা অনুপযোগী
এই ক্ষেত্ৰত কিছুমান খাদ্যৰ পৰা দূৰত থকা ভাল।সেয়েহে তাৰেই কিছুমানৰ নাম তলত উল্লেখ কৰা হল
যিকোনো মচলা,জলকীয়া,জ্বলা জাতীয় খাদ্য,তেল,উৰহি, নিমখ,ভজা পুৰা বস্তু,বৰালি মাছ,মাটি মাহ,হালধি,তামোল পান খোৱা,মাদক দ্ৰব্য সেৱন কৰা ইত্যাদি খাদ্যৰ পৰা দূৰত থাকিলে অতি সোনকালে সুফল পাব।