Tuesday, July 11, 2023

মূৰ্চ্চা ৰোগ ( hysteria,Epilepsy)

 মূৰ্চ্চা ৰোগ ( hysteria,Epilepsy)

ই এক মানসিক ৰোগ, পুৰুষতকৈ নাৰীৰ এই ৰোগ বেছিকৈ হয়।

Headache
Hysteria 


এই ৰোগৰ কাৰণ সমূহ হল

এই ৰোগ স্নায়ু বিকৃত হোৱাৰ কাৰণে হয়। অধিক চিন্তা , মানসিক অশান্তি , অত্যন্ত কাম ভাৱ , অতিৰিক্ত মকমৰম, অনিয়মীয়া ঋতু শ্ৰাৱ , জৰায়ু বিকাৰ, শাৰীৰিক দুৰ্বলতা,

হজম শক্তিহীন আদিৰ কাৰণে এই ৰোগ হব পাৰে।

এই ৰোগ হোৱাৰ মুখ্য লক্ষণ সমূহ হল

মুৰ ঘূৰাই , চকুৰে জ্বলা - কলা দেখে, কপাল ঘামি যায়, পেট উখহে। স্বাসত কষ্ট হয়। কেতিয়াবা দাঁতট দাঁত লাগি ধৰে। হঠাতে মাটিতে বা জতে ততে ঢলি পৰে। হঠাতে কান্দে বা হঠাতে হাহিবও পাৰে। হাত - ভৰি অৱশ হয়, সাধাৰণ জ্ঞান লোপ পায়।

Epilepsy


এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল

১/ হৰপগন্ধাৰ ৰস ১৫ মিলিগ্ৰাম, ১০০ গ্ৰাম গাখীৰৰ লগত মিহলাই খুৱালে উপকাৰ হয়। ইয়াৰ উপৰিও মৃগী ৰোগত যি বন দৰৱৰ কথা উল্লেখ কৰিছিলোঁ তাক u ব্যৱহাৰ কৰিব পাৰি।

২/ নহৰু ৪/৫ ফুটা পিহি তাত তিলতেল ১১ গ্ৰাম মিহলি কৰি দিনে ২ বাৰকৈ খালে এই ৰোগ ভাল হয়। ছয় মাহ একেৰাহে খুওৱা উচিত।

৩/ শত মূলৰ ৰস ২৫ গ্ৰাম ১/২ গিলাছ গৰুৰ গাখীৰৰ লগত মিহলাই প্ৰায় ৬ মাহ একেৰাহে খোৱালে ৰোগীয়ে আৰোগ্য অনুভৱ কৰে।

৪/ ব্ৰাহ্মী শাকৰ ৰস ২৫ গ্ৰামত ১ চামুচ বিশুদ্ধ মৌ জোল মিহলি কৰি একেৰাহে ছয় মাহ ৰোগীক খাবলৈ দিলে ৰোগ ভাল হয়।

Epilepsy 


৫/ আমলখিৰ ৰস ১৫ গ্ৰাম সমপৰিমাণৰ মৌৰে সৈতে মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়।

এই ৰোগৰ সময়ত কি কি খোৱা উপকাৰী

তিতা বস্তু, চেনী ,পদিনা, পুৰণি কোমোৰা , কলদিল, ডালিম , শিলিখা, নাৰিকল, মতৰমাহ, পুৰৈ শাক, পটল, ভোমোৰা, গাখীৰ, আমলখি আদি উপকাৰী।

এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী

বিড়ি, চিগাৰেট, ধপাঁত, তামোল, মাদক দ্ৰব্য খোৱা বেয়া, স্ত্ৰী সহ বাস কৰিব নালাগে।