গ্ৰহণী ( DYSENTERY)
এই ৰোগ হোৱাৰ কাৰণ
গ্ৰহণী হল এবিধ সোঁচৰা ৰোগ।অপৰিষ্কাৰ শাক পাচলি , ফল মূল,মাছ,মাংস,গাখীৰ,খোৱা পানী আৰু ৰোগীৰ শৌচৰ যোগেদি এই ৰোগ অতি সহজে বিয়পে । এই ৰোগত আক্ৰান্ত ৰোগীক যতে যতে কেতিয়াও শৌচ কৰিবলৈ দিব নালাগে।
এই ৰোগৰ লক্ষণ সমূহ হল
গ্ৰহণী ৰোগ দুবিধ।এবিধ সাঁও গ্ৰহণী আৰু আনবিধ হল তেজ গ্ৰহণী।প্ৰথম বিধ ৰোগত শৌচৰ লগত সাঁও পৰে আৰু দ্বিতীয় বিধ ৰোগত শৌচৰ লগত তেজ পৰে।
দুয়োবিধতেই পেট চিকুট মাৰি ধৰে আৰু লগে লগে শৌচ আৰম্ভ হয়।এনেদৰে ঘনাই ঘনাই শৌচ হোৱাৰ ফলত শৰীৰ অতি দুৰ্বল হৈ পৰে আৰু চকু সোমাই যায়।উপযুক্ত চিকিৎসা যথা সময়ত নাপালে ৰোগীৰ মৃত্যু পৰ্য্যন্ত হোৱা সম্ভাৱনা থাকে।
এই ৰোগ নিৰাময়ৰ উপায়
এই গ্ৰহণী ৰোগ বিনা খৰছে বা অতি সামান্য খৰচতে আমি সকলোৱে অতি সহজে পোৱা বন দৰবৰ দ্বাৰা সম্পূৰ্ণ নিৰ্মূল কৰিব পৰা যায়।ইয়াৰে কেইটামান বছা বছা প্ৰমানিক ঔষধ আপোনালোকলৈ আগবঢ়োৱা হল। এই ঔষধ সমূহৰ পৰা বহু লোকে এই ৰোগৰ পৰা অতি সোনকালে হাত সাৰিব পৰিছে।
১/ আমৰ কেঁচা ছাল আৰু কুমলীয়া পাতৰ ৰস পাঁচ গ্ৰাম লৈ দহ গ্ৰাম ছাগলীৰ গাখীৰ আৰু এক চামুচ মৌ মিহলাই দিনে দুবাৰ বা তিনিবাৰকৈ খাব লাগে।
২/ গাজৰ আৰু কিচমিছৰ ৰস প্ৰায় পঞ্চাশ গ্ৰাম একেলগে খাব লাগে।
৩/ পুৰণি গোল নেমুৰ ৰস সামান্য নিমখৰ সৈতে খালে ভাল হয় । নতুবা গোল নেমুৰ ৰস গৰম পানীত মিহলাই খালে গ্ৰহণী ৰোগৰ পেট কামোৰণী ভাল হয়।
৪/ পুৰণী বেলৰ শাহৰ লগত দৈ মিহলি কৰি খালে পুৰণি সঞ্চিত গ্ৰহণী ৰোগ সোনকালে নিৰাময় হয়।
৫/ কলীয়া তুলসীৰ ৰস দহ গ্ৰাম নাইবা চিৰতা তিতা সেই একে পৰিমাণৰ খালে যথেষ্ট উপকাৰ পোৱা যায়।
৬/ কেঁচা পিয়াঁজ খুব মিহিকৈ পিহি ছাগলী গাখীৰৰ লগত খাব লাগে। এনে কৰিলে ৰোগীয়ে যথেষ্ট আৰাম পাব।
৭/ মেথি গুটি পিহি দৈৰ সৈতে খালে গ্ৰহণী ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
৮/ নহৰু ৰস দুই গ্ৰাম আৰু সম পৰিমাণৰ মাখন মিহলি কৰি খালে বহুখিনি উপকাৰ হয়।
৯/ নতুন চফ গুটি পানীত উটলাই কলা নিমখৰ সৈতে খালে গ্ৰহণী ৰোগ সোনকালে দূৰ হয়।
১০/ বৰ মানিমুনি পাতৰ ৰস বিশ গ্ৰামত অলপ পানী মিহলাই খাব লাগে।এনে কৰিলে ৰোগী সোনকালে সুস্থ হৈ উঠে।