Sunday, September 22, 2019

ACIDITY (অম্লসুল)

অম্লসুল( ACIDITY)


এই ৰোগ হোৱাৰ কাৰণ 


গধুৰ খাদ্য আৰু উত্তেজক খাদ্য খোৱাৰ ফলত এই ৰোগ হয়। তামৰ পাত্ৰত বহু সময় বস্তু ৰাখি খোৱাৰ ফলত, হঠাৎ ঋতু পৰিৱৰ্তন হলে, ঠাণ্ডা লাগিলে,কৌস্থাকঠিন্য হলে,অজীৰ্ণ হলে, গেছৰ পৰিমাণ বাঢ়ি গলে,সময়ত আহাৰ গ্ৰহণ নকৰিলে,খালি পেটত চাহ বা কফি জাতীয় বস্তু গ্ৰহণ কৰিলে,বহু সময় লঘুনত থকাৰ ফলত এই ৰোগ হয় তদুপৰি তামোল,ধঁপাত,গোটখা,চিগাৰেট আদি সেৱন কৰা ফলতো এই ৰোগ হব পাৰে। বৃক্কত(kidney) পাথৰ হলেও এই ৰোগ হব পাৰে।
অম্লসুল( ACIDITY)

এই ৰোগৰ লক্ষণ সমূহ হল


পেটত জ্বলা পোৰা হয় আৰু যতে যতে বিষ হয়। অৰুচি অৰুচি ভাব হয়। শৌচ কঠিন হয় ,পেটত বায়ু জমা হয় আৰু আহাৰ খোৱাৰ এক ডেৰ ঘন্টা পিচত বিষ
অনুভৱ হয়। কলিজা জ্বলা পোৰা কৰে আৰু অধিক পিয়াহ লাগে। ৰক্তহীনতা আৰু শৰীৰ দুৰ্বল হৈ যায় । বহু ক্ষেত্ৰত কেতিয়াবা বমি বমি ভাব হয়। ঘনাই শৌচ কৰিব লগীয়া হয়।


অম্লসুল( ACIDITY)

এই ৰোগ নিৰাময় কেনেদৰে কৰিব


১/ ভীমকলৰ দিল এই ক্ষেত্ৰত বহু উপকাৰী । ইয়াত চেনি আৰু ইলাচী দি খালে ভাল ফল পোৱা যায়।
২/ গাজৰৰ ৰস এইসময়ত খালে ৰোগীয়ে যথেষ্ট আৰাম পোৱা দেখা যায়।
৩/ মিঠা মাটিকঠাল আৰু লগত আমলখি ৰস ১২গ্ৰাম এটা পাত্ৰত লৈ তাত অলপ পৰিমাণৰ চেনি মিহলাই কাপোৰেৰে সেকি তাত দুটা লং পিহি লৈ ৰাতিপুৱা খালি পেটত খালে বহুগুণে আৰাম পোৱা যায়।
৪/ মৌ জোলৰ লগত আমলখি ৰস মিহলাই খোৱাটো এই ৰোগৰ বাবে সৰ্বোত্তম প্ৰাকৃতিক ঔষধ।
৫/ ডাব নাৰিকলৰ পানী খালে পেটৰ জ্বলা পোৰা আৰু বিষ সকলো দূৰ হৈ যায় ।
৬/ কাজি নেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খালি পেটত খোৱাৰ উপৰিও ৰাতি আহাৰ খোৱাৰ এক ডেৰ ঘণ্টাৰ পিছত খালে এই ৰোগৰ পৰা অতি সোনকালে হাত সাৰিব পাৰি।
৭/ আধা কোপ বিশুদ্ধ গৰুৰ গাখীৰৰ লগত ৬০ গ্ৰাম পিয়াঁজৰ ৰস মিহলি কৰি দিনে তিনিবাৰকৈ একেৰাহে এসপ্তাহ খালে অম্লপিত্ত( Appendix) ৰোগ ভাল হয়।
অম্লসুল( ACIDITY)

৮/ ভীমকলৰ পিটিকা চেনি আৰু ইলাচী লগত খালে এই ৰোগ সমূলি নাইকিয়া হয়।
৯/ হালধি ৰস চেনি লগত মিহলি কৰি ৰাতি পোৱা সময়ত খালে বহু উপকাৰ হয়।
১০/ কেঁচা নহৰু সদায় দুফুটা বা তিনিফুটা মান নিতৌ আহাৰৰ লগত খাব লাগে।

এই ৰোগত কি কি খোৱা দৰকাৰ


এই ৰোগৰ পৰা হাত সাৰিবলৈ কিছুমান খাদ্য বাছি খোৱাটো নিত্য প্ৰয়োজনীয় সেয়েহে তাৰে কিছুমান খাদ্যৰ এখন তালিকা উল্লেখ কৰা হল পিয়াঁজ, লং,কেৰেলা,কল,গাজৰ,তুলসী,পদিনা, ভেঁকুৰি, আঙুৰ, খেজুৰ, আদি উপযোগী।জিলমিল শাক,ছাগলীৰ গাখীৰ, মিচিৰি আদি খোৱাটো অতি উপযোগী।

এই ৰোগত কি কি খোৱা অনুপযোগী


এই ৰোগত কিছুমান সতৰ্কতা বহু দৰকাৰী সেয়েহে কিছুমান অনুপযোগী খাদ্যৰ এখন তালিকা উল্লেখ কৰা হল ৰহৰ দাইল, টেঙা জাতীয় বস্তু (নেমুৰ বাহিৰে),মাদক দ্ৰব্য, চিগাৰেট,আদা,অধিক নিমখ,তিল আদি খোৱা বেয়া।ৰদত অধিক সময় থকা অনুপযোগী। এই সময়ত ওপৰত উল্লেখিত সামগ্ৰী সমূহৰ পৰা দূৰত থকা ভাল।

বিঃ দঃ এই ৰোগৰ বিষয়ে আৰু বিশেষ জানিবলৈ আমাক মেইল নতুবা কমেণ্ট কৰিব পাৰে।আমি আপোনালোকৰ সহায়ৰ বাবে সদায় প্ৰস্তুত হৈ থাকোঁ। প্ৰত্যেক কমেণ্ট আৰু মেছেজ বা মেইল আমি সকলো সময় আমি নিৰীক্ষণ কৰোঁ। আমি আপোনালোকৰ প্ৰতি  সদায় সজাগ।