অতিসাৰ বা পেটচলা(DIARRHOEA)
এই ৰোগৰ হোৱাৰ কাৰণ
অধিক খোৱা,হজম ভালকৈ নোহোৱা,ভালকৈ খাদ্য চোবাই নোখোৱা, কেঁচা বস্তু বেছিকৈ খোৱা,নিষিদ্ধ বস্তু ভোজন কৰা,অপৰিষ্কাৰ পানী সেৱন কৰা,হাইজা বা কৃমি আদিত,অধিক ঠাণ্ডা বস্তু খোৱা,মানসিক অশান্তি,অনিদ্ৰা আদি হলেও এই ৰোগ হব পাৰে । এই ৰোগ সংক্ৰমিত ৰোগ হয়।
এই ৰোগৰ লক্ষণ
ঘনাই ঘনাই আৰু পাতল পনীয়া শৌচ হয় । পেটৰ বিষ হয় । প্ৰায়ে বমি হোৱা দেখা যায়। শৌচ বগা আৰু দুৰ্গন্ধ যুক্ত হয়। ৰোগী লাহে লাহে দুৰ্বল আৰু নিষ্টেজ হয়পৰে। শৰীৰ ঠাণ্ডা হয় আৰু ঘনাই পিয়াহ লাগে। ছালৰ স্থিতৱস্থা নাথাকে, শিশুৰ তালু বহি যোৱা দেখা যায়।
এই ৰোগৰ নিৰাময়
১/ আধা কাপ গৰম পানীত এচামুচ আদাৰ ৰস মিহলাই খালে ৰোগ নিৰাময় হয়।২/ ৫ টা আমলখি পিহি গুড়ি কৰি তাত অলপ কলা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে এই ৰোগ ভাল হয়।
৩/ আধা কাপ মিঠা অমৰ ৰসৰ লগত ২৫ গ্ৰাম দৈ আৰু আদাৰ ৰস এচামুচ মিহলাই দিনে দুবাৰকৈ খালে পেটচলা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
৪/ পাঁচ টা তেঁতেলীৰ গুটি পিহি গোড়া কৰি তাত ৩/৪ গ্ৰাম মাখন মিহলি কৰি দিনে দুবাৰকৈ কেইদিন মান খালে সোনকালে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।
৫/ আধা কাপ মাখনত মৌ জোল মিহলি কৰি খাব লাগে। জীৰা আৰু চেনি পিহি লৈ মাখনৰ লগত খালে অতি সোনকালে আৰোগ্য হব।
৬/ পিপলি গছৰ ছাল ১০ মিঃ লিঃ গ্ৰাম ৰসৰ লগত একে পৰিমাণৰ মিচিৰি আৰু পানীৰ লগত মিহলি কৰি দিনে দুবাৰকৈ খালে এই ৰোগত তেজ পৰিলে তেনে ৰোগ নিৰাময় হয়।
৭/ ৰাতি শোৱাৰ আগতে মুখত কেঁচা ধনীয়াৰ পাত চুহি খাব লাগে। ধনীয়া পাতৰ ৰসৰ লগত কলা নিমখ মিহলি কৰি খালে ৰোগী বহুত আৰাম পায়।
৮/ কমলা টেঙাৰ লগত ছাগলী গাখীৰ মিহলি কৰি খুৱালে শিশুৰ পেটচলা ৰোগ সোনকালে নিৰাময় হৈ।
৯/ অধিক ভোজনৰ কাৰণে পেটচলা ৰোগ হলে দুটা গোল নেমুৰ ৰসত পানী মিহলি কৰি খুৱালে ভাল হব।
১০/ এটা পকা বেলৰ শাহ দৈৰ লগত মিহলি কৰি খুৱালে আৰাম পাব।
১১/ শতমূলৰ আলু ৰস ২৫মিঃ লিঃ লগত এচামুচ মৌ জোল মিহলি কৰি দিনে দুবাৰকৈ খাব লাগে।
১২/ নাভিৰ চাৰিওফালে ৩/৪ আমলখি খুন্দি প্ৰলেপ দিব লাগে।
১৩/ ৫/৬ টা শিলিখা আৰু সম পৰিমাণৰ পিপলি খুন্দি একেলগে খালেও এই ৰোগৰ পৰা হাত সাৰিব পাৰি।
১৪/ ৫/৬ খিলা জামুকৰ পাত খুন্দি লৈ তাৰ ৰসৰ লগত ছাগলী গাখীৰ মিহলি কৰি দিনে দুবাৰকৈ খুৱালে সৰু লৰা ছোৱালীৰ পেটচলা ৰোগ সোনকালে ভাল হয়।
১৫/ কুতজ গছৰ ছালৰ ৰস ৫০ গ্ৰাম মৌ জোলৰ সৈতে মিশ্ৰণ কৰি লৈ দিনে দুবাৰকৈ খালে এই ৰোগ নিৰাময় হয়।
১৬/ ভীমকল আৰু দৈ লত মিশ্ৰণ কৰি খাব লাগে।
১৭/ শিলিখা আৰু পিপলি সমপৰিমানৰ লৈ ১০০ গ্ৰাম পানীত গৰম কৰি খুৱাব লাগে।
১৮/ কুমলীয়া কাজী নেমু এটা জুইত পুৰি তাত কম পৰিমাণৰ নিমখ আৰু মিঠাতেল দি পিটিকা কৰি খাব লাগে।
এই ৰোগৰ সময়ত কি কি খাদ্য খাব লাগে
ভেদাই লতা,পালেং শাক, চিৰতা তিতা, মহানিমৰ পাত, টেঙেচি পাত, ডালিম, মানিমুনি ,খেজুৰি,অমিতা, মধুর আমৰ কুঁহি পাত, মাটি কন্দুৰী, সৰু মাছৰ জোল আৰু পৰিষ্কাৰ পানী সেৱন কৰাটো অতি প্ৰয়োজনীয়।
এই ৰোগত কি কি নাখাব
নাৰিকল,বগৰী,উৰোহী, তিয়হ, বেঙেনা,আলু,লাউ,কোমোৰা,জ্বলা পুৰা বস্তু,অপৰিষ্কাৰ পানী খোৱাটো অনুপযোগী। জলকীয়া মচলা যুক্ত খাদ্য,ঘিউত সিজোৱা বস্তু অতি অনুপযোগী।