জিভাৰ ঘাঁ sore tongue
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
দেহত যদি খাদ্যাপ্রান খ ভিটামিন বি অভাৱ হলে এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আৰু বহু কাৰণত হব পাৰে কেতিয়াবা তামোল পাণ খোৱা লোকে যদি চূণ বেছিকৈ খায় বা অখাদ্য যেনে গুটখা বেছিকৈ খালে হব পাৰে ।
![]() |
জিভাৰ ঘাঁ |
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
প্ৰথমতে সৰু সৰু ফোঁহা হয়। পিছত সেই ফোঁহা পকি ঘাঁ হয়। পাছলৈ বিষ হবলৈ ধৰে। খোৱা বোৱাত অসুবিধা হয়।
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ ৰহৰ মাহ বা ৰহৰ দাইলৰ কেঁচা পাত কেইখন মান চোবাই খালেই জিভাৰ ঘাঁ ভাল হয়।
২/ হুহনি বনৰ ফুল আৰু পাত চোবাই খালেও জিভাৰ ঘাঁ পৰা পৰিত্ৰাণ পোৱা যায়।
৩/ ডালিমৰ বাকলিৰ ক্কাথেৰে মুখ কুলকুলিয়াব লাগে।
৪/ বকুল গছৰ চালৰ ৰসেৰে দিনে ৩ বাৰকৈ মুখ কুলকুলিয়াব লাগে এনে কৰিলে অতি সোনকালে পৰিত্ৰাণ পাব পাৰি।
৫/ মধুৰি গছৰ কুঁহিপাত আগ তিনিটা পিহি জিভাত লগালে জিভাত হোৱা গুটি ফোঁহা বা ঘাঁ তৎক্ষণাৎ নিৰাময় হবলৈ আৰম্ভ কৰে।
![]() |
জিভাৰ ঘা |
৬/ অনন্তমূলৰ ৰস আৰু ভেড়া ছাগলীৰ গাখীৰ মিহলি কৰি জিভাত হোৱা ঘাঁ ত লগাব লাগে। অনন্ত মূলৰ শিপাৰ ৰসেৰে মুখ কুলকুলিয়ালেও উপকাৰ পোৱা যায়।
৭/আহত গছৰ চালৰ ৰসত মৌ মিহলাই মুখ কুলকুলিয়ালে জিভা বা মুখৰ যিকোনো ঘাঁ সহজে ভাল হয়।
৮/ হুৱগা অকণমান জুইত কিছু সময় দিয়াৰ পাছত হুৱগা যেতিয়া আখৈৰ দৰে হয় তেতিয়া তাক মৌ জুলৰ লগত পিহি জিভাৰ ঘাঁ হোৱা ঠাইত সানিলে ঘাঁ হুকায়।
৯/ মানকচুৰ শিপা পুৰি তাৰ ছাই মৌ জুলৰ লগত মিহলি কৰি জিভাৰ ঘাঁ হোৱা ঠাইত সানিলে জিভাৰ ঘাঁ ভাল হয়।
১০/ ফুটুকা গছৰ পকা গুটি জিভাত সানিলে ঘাঁ ভাল হয়।
১১/জিভাত গুটি গুটি ফোঁহা হলে পকা কণ জলকীয়া পিহি ফোঁহা হোৱা ঠাইত দিনে ২ বাৰ মানকৈ সানিলে ফোঁহা বহি যায় আৰু বিষ কমে।
এই ৰোগত কি কি খোৱা উপকাৰী
লঘূ আহাৰ কৰিব লাগে। তিতা দ্ৰব্য বিশেষ কৈ চিৰতা, মহানিম, হুকুতা আদি অতিশয় উপকাৰী। খাদ্যাপ্রান বি যুক্ত খাদ্য খাব লাগে।
এই ৰোগত কি কি খোৱা অপকাৰী
মাদক দ্ৰব্য , ধপাঁত, ভাং আদি সমূহ অত্যন্ত অপকাৰী, মচলা,নিমখ বেছিকৈ খোৱা বেয়া। তামোল পাণ, গুটখা আদি সমূহ অতিশয় বেয়া।