Saturday, September 21, 2019

HEART DISEASE (হৃদ ৰোগ)

হৃদ ৰোগ (HEART DISEASE)


হৃদপিণ্ড হল সকলো স্তন্যপায়ী জীৱৰ জীৱনৰ মূল আধাৰ । হৃদপিণ্ডই জীৱৰ ৰক্ত পৰিবহণ তন্ত্ৰৰ মূল কাৰ্য্য কৰোঁতা। ই ৰক্ত সঞ্চালন কৰি দূষিত তেজক হাওঁফাওঁৰ দ্বাৰা অক্সিজেন যুক্ত কৰি বিভিন্ন মাংস পেশী আৰু মূল অংগ বিলাকলৈ সঞ্চালন কৰে। হৃদপিণ্ডৰ ৰোগ অতি সাংঘাতিক ৰোগ।এই ৰোগত বিশ্বৰ বহু গুণী মানী ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ কথা আমি সকলোৱে জানো।এই ৰোগ যথা সময়ত ধৰা পৰিলে ইয়াক বিভিন্ন প্ৰকাৰে প্ৰতিকাৰ কৰিব পাৰি। ইয়াৰ প্ৰতিকাৰক হিচাপে বনৌষধিয়েও বহু পৰিমাণে অৰিহণা যোগায়। বনৌষধি আৰু সাধাৰণ আহাৰৰ দ্বাৰা এই ৰোগৰ পৰা আৰোগ্য হব পাৰি। নিৰোগীয়ে খোৱা বস্তুৰ প্ৰতি সাৱধানতা অৱলম্বন কৰি এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
হৃদ ৰোগ (HEART DISEASE)

এই ৰোগ হোৱাৰ কাৰণ


অত্যাধিক মানসিক পৰিশ্ৰম কৰা,অধিক ভোজন কৰা,উত্তেজনাশীল আৰু উদ্ভিগ্ন লোকক প্ৰায়ে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। শাৰীৰিক পৰিশ্ৰম মুঠেই ন
কৰিলেও এই ৰোগ হোৱাৰ আশংকা বেছি হয়। তদুপৰি বহুদিনীয়া উচ্চ ৰক্ত চাপ, নিউমোনিয়া, কৌস্থাকঠিন্য, দেহত অম্লৰস বৃদ্ধি,অধিক মাদক দ্ৰব্য সেৱনেও এই ভয়ঙ্কৰ ৰোগ কৰিব পাৰে। বৃদ্ধতাৰ আৰু বংশগত কৰণতো এই ৰোগ হোৱা দেখা যায়।সাধাৰণতে বৃদ্ধ লোকৰ হোৱা দেখা যায়।মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰৱণতা বেছি হয়।
হৃদ ৰোগ (HEART DISEASE)

এই ৰোগৰ লক্ষণ সমূহ হল


বুকু ধপ ধঁপায়।কেতিয়াবা বুকুৰ বিষ হয়।উশাহ নিশাহ লোৱাত কষ্ট পায়। অলপ কাম কৰিলেই ভাগৰ অনুভৱ হয়।মূৰ ঘূৰায়, তেজৰ সঞ্চালন গতি খৰতকীয়া হয়।জ্বৰ, শুকান কাঁহ,বাওঁ ফালে বুকুৰ বিষ হয়।যকৃত(lever) আকাৰ বৃদ্ধি হয়। ভৰিৰ তল গাঁঠিৰ ওচৰত ওখহে আৰু হাত ভৰি ঠাণ্ডা হয়।
হৃদ ৰোগ (HEART DISEASE)

এই ৰোগৰ নিৰাময়ৰ উপায়


১/ অৰ্জুন গছৰ ছালৰ গুঁড়া ,মৌ জোল আৰু গাখীৰৰ সৈতে মিহলাই প্ৰতিদিনে খাব লাগে।৫০গ্ৰাম গুড়ৰ লগত ২০০ মিঃ লিঃ  গাখীৰ আৰু ১০গ্ৰাম ঘিউ মিহলাই খালে এই ৰোগ দূৰ কৰিব পাৰি।
২/ কুঁহিয়াৰ ৰস দিনে ২৫গ্ৰামকৈ দুবাৰ খাব লাগে।
৩/ অৰ্জুন গছৰ কেঁচা ছাল ২০০গ্ৰাম খুন্দি ২লিটাৰ পানীত উতলাই সমানে দুভাগ কৰি দিনে দুবাৰকৈ একেৰাহে ১৮/২০ দিন খালে এই ৰোগ দূৰ হয়।
৪/ আমলখি ৰস ১০গ্ৰাম, ২৫০গ্ৰাম গৰুৰ গাখীৰৰ লগত মিহলাই খালে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি।
৫/ ১৫গ্ৰাম নহৰু ৰস, ২০০গ্ৰাম গৰুৰ গাখীৰৰ সৈতে মিহলাই খালে এই ৰোগ নিৰাময় হয়।
৬/ নিতৌ লং ৬/৭টা খাব লাগে।
৮/ গৰুৰ গাখীৰৰ দৈ নিতৌ ভাত খোৱাৰ পাছত খালে হৃদৰোগ প্ৰতিৰোধ হয়।
৯/ শুকান ধনীয়া আৰু মিচিৰি মিহলাই এচামুচ পানীৰ লগত ১৬/১৮দিন একেৰাহে খাব লাগে।
১০/ সৰু সোনবৰীয়ালৰ শিপাৰ ৰস গাখীৰৰ লগত মিহলি কৰি খালে বহু উপকাৰ পোৱা যায় ।
১১/ গুলঞ্চা ৰস ৫গ্ৰাম আৰু ৩টা জালুক পিহি ৰাতিপুৱা একেৰাহে দহ দিন খাব লাগে।
হৃদ ৰোগ (HEART DISEASE)

১২/ অৰ্জুনঘৃত ১২গ্ৰামৰ লগত মিচিৰি ২০ গ্ৰাম আৰু গাখীৰ মিহলি কৰি ৰাতিপুৱা খালে এই ৰোগ ভাল হয়।
১৩/ অৰ্জুনচুর্ণ ১২গ্ৰাম অলপ পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খাব লাগে।
১৪/ ঘৰুৱা মৌজোল ২৫গ্ৰাম কৈ ৰাতিপুৱা আৰু গধূলি খালে এই ৰোগৰ পৰা আঁতৰি থাকিব পাৰি।
১৫/ ত্ৰিফলা ২৫গ্ৰাম পানীত মিহলি কৰি আহাৰ খোৱা পাছত খাব লাগে।
১৬/ ৰঙা চাহ ৰাতিপুৱা শুদা পেটত খাব পাৰিলে ভাল।
১৭/ পুৰণি বৰথেকেৰা গুটি ১০/১৫টা মান খুন্দি তাক ১০০মিঃলিঃ পানীত তিয়াই সেই পানী খালে হৃদৰোগ ভাল হয়।
১৮/ চজিনা কিন্তু এইক্ষেত্ৰত বহু উপকাৰী।
১৯/ অস্বগন্ধাৰ গুড়ি ৩০গ্ৰাম কুহুমীয়াকৈ গাখীৰ ১২৫মিঃ লিঃ গৰম কৰি একেলগে মিহলাই দিনে দুবাৰকৈ খালে এই ৰোগ নিৰাময় হয়।
২০/ বেলৰ পাত ১০খনকৈ একেৰাহে ৬০ দিন খাব লাগে।

এই ৰোগত কিকি খোৱা উপকাৰী


কচু,ঢেঁকীয়া, কলমৌ,কলডিল, পদিনা,মানিমুনি,নহৰু,আদা,খেজুৰি,জালুক,মচুৰ, কমলা,আম,ধনীয়া, পুৰণি কোমোৰা,পুৰণি গুড়, শিলিখা,নীলবৰণীয়া ভেটফুল, শতমূল, ডালিম,গুলঞ্চ আদি খোৱা উপযোগী।পকা কঁঠাল এই ৰোগৰ বাবে বহুত ভাল।

এই ৰোগত কি কি খোৱা অপকাৰী


অধিক আহাৰ নাখাব।পিয়াঁজ,তিতাকেৰেলা,কৰ্দৈ, বাদাম,নিম পাত,উৰহি, আলু,অতি নিমখ,মাদক দ্ৰব্য, মহৰ গাখীৰ,কবি,কেঁচা জলকীয়া,মাংস,মাছ, তিতা দ্ৰব্য আদি খোৱা অপকাৰী।ঘিউ ,পুৰণি তেল বা তেনেকৈ ৰন্ধা খাদ্য বেছিকৈ নাখাব।

বিঃ দঃ  এই ৰোগৰ বিষয়ে আৰু ইয়াৰ নিৰময়ৰ উপায় অধিক জানিবলৈ আমাক মেইল নতুবা কমেণ্ট কৰিব। ধন্যবাদ