Monday, October 7, 2019

THREAD WORM কৃমি পেলু পৰা হাত সৰাৰ উপায় সমূহ

কৃমি পেলু (THREAD WORM)


এই ৰোগ সাধাৰণতে শিশু অৱস্থাতে হয় যদিও বয়সীয়াল লোকৰো এনে ৰোগ হোৱা দেখা যায়। কৃমি সকলো লোকৰে থাকে কিন্তু যেতিয়া ইয়াৰ পৰিমাণ জোখতকৈ অধিক হৈ যায় তেতিয়াই কৃমি ৰোগ আৰম্ভ হয়।

এই ৰোগ হোৱাৰ কাৰণ হল


Enterobas Vermicularis নামৰ এবিধ জিৱানুৰ পৰা হয়। এই জিৱানুৱে খোৱা পানী আৰু অপৰিষ্কাৰ খাদ্য বস্তুৰ দ্বাৰা শৰীৰত প্ৰৱেশ কৰে আৰু এই জিৱানুৱেই শৰীৰত কৃমিৰ সৃষ্টি কৰি বিভিন্ন প্ৰকাৰে অনিষ্ট সাধন কৰে। বিশেষকৈ অধিক মিঠা বস্তু, পকা ফল, মচলা, আৰু অপৰিষ্কাৰ হাতেৰে কোনো খাদ্য বস্তু খালে কৃমি হোৱা সম্ভাৱনা যথেষ্ট পৰিমানে বাঢ়ি যায়।
কৃমি পেলু (THREAD WORM)

এই ৰোগ হোৱাৰ লক্ষণ সমূহ হলN


টোপনিতে গম নোপোৱাকৈ দাঁত চোবাই বা কৰচি থাকে, নাক খুব খজুৱাই, শৌচ
দ্বাৰ পিৰপিৰাই থাকে, শৌচ কঠিন হয়, টোপনি কমে, টোপনিতে প্ৰসাৱ হয়, মিঠা বস্তু খাবলৈ খুব ইচ্ছা হয়, আঙুলিৰ বিষ হয়, গাঁঠি কেতিয়াবা উখহি যায় । জিভাৰ পানী বা লালতি ওলাই থাকে।
কৃমি পেলু (THREAD WORM)

এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল


এই ৰোগ নিৰাময় কৰিবৰ বাবে বহু বিধ বনৌষধ আমাৰ সমাজত উপলব্ধ যি নিকী আমাৰ পূৰ্ব পুৰুষৰ মুখে মুখে আছিল।আজিৰ দিনত কৃত্ৰিম ঔষধৰ দিনত এইবিলাক মানুহে প্ৰায়ে পাহৰি গৈছে। তথাপিও আমাৰ এই ঔষধ সমূহ সজীৱ কৰিবলৈ আপোলোকৰ সুবিধাৰ্থে কিছুমান বনৌষধ আগবঢ়ালোঁ।

১/ নেমুৰ গুটি পাঁচ টামান ভালদৰে খুন্দি লৈ পানীৰ সৈতে খালি পেটত খালে কৃমি সহজে দূৰ হয় আৰু ৰোগীয়েও সোনকালে আৰাম পায়।
২/ জালুক এটা, বিলাহী এটা আৰু সামান্য পৰিমাণে নিমখ একেলগে ভালদৰে খুন্দি লৈ দিনে দুবাৰকৈ খাব লাগে।এনে কৰিলে কৃমি সোনকালে মৰে।
৩/ আম গুটিৰ চূৰ্ণ দুই চামুচৰ লগত অলপ পৰিমাণে গৰম পানী মিহলি কৰি তাতে দৈ দি ৰাতিপুৱা আৰু ৰাতি শুৱাৰ আগতে খালে কৃমি পৰা সোনকালে হাত সাৰিব পাৰি।
৪/ আঠ / দহ টামান অমিতা গুটি খুন্দি কম পৰিমাণে পানীত মিহলি কৰি একেৰাহে পোন্ধৰ দিন মান খালে কৃমি পেলুৰ পৰা নিজকে দূৰ কৰিব পৰা যায়।
৫/ নহৰু লগত গাখীৰ সিজাই খাব পাৰিলে যথেষ্ট উপকাৰ সাধন হয়।
৬/ অকণমান খোৱা হিং পানীত গুলি খুৱালে এই ৰোগীয়ে যথেষ্ট আৰাম পায়।
কৃমি পেলু (THREAD WORM)

৭/ দিনে চাৰি চামুচকৈ আমলখি ৰস চাৰি বা পাঁচ দিন মান একেৰাহে খালে কৃমি সমূলি নাইকিয়া হয়।
৮/ মাটি কঁঠালৰ কুঁহিপাত ভালদৰে পিহি তাৰ ৰস বাৰ গ্ৰাম ৰাতিপুৱা শুদা পেটত তিনি দিন মান খালে।এই ৰোগ অতি সহজে নিৰ্মূল হয়।
৯/ নহৰু আঠ বা দহ ফোটা ভালদৰে পিহি লৈ এচামুছ মাখনৰ সৈতে খালে এই ৰোগত যথেষ্ট খিনি উপকাৰ হয়।
১০/ টুবুকি লতাৰ পাতৰ ৰস নাইবা পিয়াঁজ পিহি তাৰ ৰস বাৰ গ্ৰাম কৈ খুৱাব পাৰিলে শিশুৰ ক্ষেত্ৰত কৃমি দূৰ হয়।
১১/ নাৰিকল এফাল মিহিকৈ চুৰুকি লৈ ৰাতিপুৱা শুদা পেটত খাব লাগে।
১২/ এক গ্ৰাম গুৰত আধা গ্ৰাম কেঁচা হালধিৰ ৰস মিহলি কৰি খুৱালে শিশুৰ কৃমি নাশ হয়।
১৩/ যি কোনো ঔষধ খোৱাৰ আগতে এটুকুৰা গুড় খুৱালে কৃমি হবলৈ সুবিধা নাপায়।
১৪/ দুই টোপাল ধতোৰা পাতৰ ৰোষত ঘোল মিহলি কৰি খাব লাগে।
১৫/ খালি পেটত বয়সীয়াল লোকে চাৰি বা পাঁচ চামুচ চিৰতা ৰস সাত দিন মান খাব লাগে।

এই ৰোগত কি কি খাব লাগে


এই ৰোগত সামান্য পৰিমাণে সাৱধানতা অৱলম্বন কৰাটো ভাল ।  এই ৰোগত কিছুমান খাদ্য বহু উপকাৰী সিদ্ধি হয়। তেনে কিছুমান খাদ্যৰ একোখন তালিকা তলত উল্লেখ কৰা হল
যিকোনো তিতা খাদ্য, মানিমুনি ৰস, খেজুৰীৰ কুঁহিপাত, পুৰাকল, কলডিল, দোৰোন, চজিনাৰ ফুল, তুলসী পাত আদি খোৱাটো উপযোগী।

এই ৰোগত কি কি খোৱা অনুচিত


এই ৰোগত সামান্য পৰিমাণে হলেও বাছি খোৱাটো বেছ উপকাৰী । আৰু অলপ সাৱধানতা প্ৰয়োজন । এই ৰোগত কিছুমান খাদ্য খোৱাটো শৰীৰৰ পোকপক্ষে অনুচিত তাৰে কিছুমানৰ একোখন তালিকা প্ৰস্তুত কৰি তলত উল্লেখ কৰা হল
যিকোনো মিঠা বস্তু, পকা বা মাটিত পৰা বস্তু ভালকৈ পৰিষ্কাৰকৈ ধুই পখালী লব লাগে, ঘিউ, মাখন আদি খোৱাটো এই ৰোগৰ ক্ষেত্ৰত অনুচিত।


বিঃ দঃ এই ৰোগৰ বিষয়ে সবিশেষ জানিবলৈ বা যদি কোনো সহায়ৰ প্ৰয়োজন তেন্তে আপোনালোকে আমাক মেছেজ বা কমেণ্ট কৰিব পাৰে। আপোনালোকৰ প্ৰশ্নৰ ততালিকে উত্তৰ দিবলৈ আমি সদায় প্ৰস্তুত । আমি আপোনালোকৰ সহায়ৰ বাবে সদায়ে আগ্ৰহী।