Tuesday, September 10, 2019

snake bite সাপে কামোৰা ঘৰুৱা চিকিৎসা



সাপে (snake) কামোৰা ঘৰুৱা চিকিৎসা

সকলো সাপ বিষাক্ত নহয় যদিও সাপে কামোৰা মাত্ৰেই উপযুক্ত চিকিৎসা লব লাগে। কাৰণ, সাপে কামুৰিলে যদি সাপটো বিষাক্ত হয় তেন্তে বিষ শিৰা-উপশিৰাই দি তেজৰ লগত মিহলি হৈ শৰীৰৰ বিভিন্ন অংগ লৈ তৎক্ষণাত বিয়পি পৰে। সেই কাৰণে সাপে কামুৰিলে ৰোগী বচোৱা কঠিন হৈ পৰে। সেই কাৰণে সাপে কামুৰিলে বিষ যাতে তেজৰ লগত মিহলি হৈ বিয়পি পৰিব নোৱাৰে তাৰ বাবে কামোৰা অংশৰ দুয়োফালে কাপোৰ বা ৰচি জাতীয় বস্তুৰে টানকৈ বান্ধিব লাগে। ইয়াৰ উপযুক্ত চিকিৎসা তৎক্ষণাত পালে ৰোগী আৰোগ্য নোহোৱাৰ কোনো কাৰণ নাথাকে। অৱশ্যে বিষাক্ত সাপে মূৰত দংশন কৰিলে ৰোগীক বচোৱা কঠিন হয় পৰে যদিও উপযুক্ত চিকিৎসা যথা সময়ত পালে ৰোগী বচোৱা সম্ভাৱনা বাঢ়ি যায়।
বহুলোক সাপে কামোৰা ফলত ভয়ক আশ্ৰয় দি তেজৰ চাপ বঢ়াই (blood pressure) আৰু হৃদপিণ্ড ক্ৰিয়া বন্ধ (heart fail) হোৱাৰ ফলত মৃত্যুক আকোঁৱলী লয়। সাপে কামুৰিলে কেতিয়া ভয়ক আশ্ৰয় নিদিব সংযম আৰু ধৈৰ্য ধৰক আৰু সোনকালে চিকিৎসা লওক ।

সাপে (snake) কামোৰা ঘৰুৱা চিকিৎসা
Neeramoy.com

বিষাক্ত সাপ কেনেকৈ চিনি পাব

১/ ৰঙীন যিকোনো সাপ বিষাক্ত।

২/ যি সাপৰ ছালৰ বাকলি বহল সেই সাপ বিষাক্ত।
৩/ কামুৰিলে যদি কেৱল দুটা দাঁতৰ দাগ বহে তেন্তে সেই সাপ বিষাক্ত।
৪/ ভাৰতবৰ্ষত পোৱা ১০০% সাপৰ ভিতৰত মাথোঁ ৫% সাপহে বিষাক্ত।
৫/ যিকোনো পানীত থকা সাপ বিষাক্ত নহয়।
সাপে (snake) কামোৰা ঘৰুৱা চিকিৎসা
Neeramoy.com

সাপে কামুৰিলে কি বন-দৰৱ উপযোগী

এই ৰোগ নিৰাময় কৰিবৰ বাবে বহু কেইবিধ বনৌষধি উপলব্ধ তাৰেই কিছুমান বছা বছা সহজে উপলব্ধ বনৌষধ তলত উল্লেখ কৰি

১/ আধা কাপ ঘিউট অলপ গাখীৰ দি ভালদৰে মিহলি কৰি লৈ ৩,৪ বাৰ খুৱালে বিষ উপশম হয়।
২/ নাহৰ ফুল আৰু পাত খাব লাগে আৰু পিহি কামোৰা ঠাইত লগাব লাগে।
৩/ অপৰাজিতা শিপা মিহিকৈ পিহি লৈ ঘিউৰ লগত খালে ছালৰ বিষ কমিব।
৪/ অপৰাজিতা শিপা পিহি গুৰি কৰি গাখীৰ লগত মিহলাই খালে তেজৰ বিষ উপশম হয়।
৫/ অপৰাজিতা শিপা আৰু হালধি পিহি গুৰি কৰি মিহলাই লগত খালে হাড়ৰ বিষ কমে ।
৬/ অপৰাজিতা শিপা পিপলি গুড়িৰ লগত খালে মজ্জাগত বিষ দূৰ হয়।
7/ ঘিউ, মৌ, মাখন, পিপলি, জালুক, শুথ আৰু সৈন্ধব লোণ একেলগে মিহলাই খালে সাপে কামোৰা সকলো প্ৰকাৰৰ বিষ কমে।
৮/ দোৰণ বন খুন্দি কামোৰা ঠাইত লগাব লাগে আৰু ইয়াৰ ৰস খুৱাব লাগে।
বিঃদঃ
 পৰাপক্ষত যিমান পাৰি সিমান সোনকালে ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ নিয়া অতিদৰকৰি । আজি কালি প্ৰতিটো চিকিৎসা কেন্দ্ৰতেই সাপৰ বিষ নিৰাময় ঔষধ উপলব্ধ । চৰকাৰেও এই বিষয়ত সকলো সেৱা সুবিধা বিনামূল্যে আগবঢ়াই।