Thursday, October 3, 2019

PILES কেঁচুমূৰিয়া বা অৰ্শ হলে কি দৰে যতন লব

কেচুমুৰীয়া বা অৰ্শ (piles)

এই ৰোগ পুৰুষ তিৰোতা, লৰা বুঢ়া সকলোৰে হব পাৰে মলদ্বাৰ শিৰা ফুলি উঠে। মটৰ মাহ আকৃতিৰ সৰু সৰু ফোঁহা হয়।

এই ৰোগ হোৱাৰ কাৰণ সমূহ হল

যকৃতৰ দোষ, কৌষ্ঠ কঠিন্য, অতিৰিক্ত আহাৰ খালে, বেছি মছলা দিয়া খাদ্য খালে, উত্তেজক দ্ৰব্য গ্ৰহণ কৰিলে, অখাদ্য বস্তু খোৱাৰ ফলত এই ৰোগ হয়। শৰীৰত পানীৰ পৰিমাণ কমি গলেও এই ৰোগ হব পাৰে।

এই ৰোগৰ লক্ষণ সমূহ হল

মলদ্বাৰ ৰ ভিতৰ বা বাহিৰ ত সৰু সৰু ফোঁহা হয়। সাধাৰণতে বিষ নহয়। মলদ্বাৰ
ৰেদি পিছত পায়খনা লগত বা এনেয়ে তেজ পৰে। মলদ্বাৰ খুব জ্বলা পুৰা কৰে কেতিয়াবা আকৌ বিষ অনুভব হয়। শৌচ টান হয় আৰু বাৰে বাৰে শৌচ কৰিব লাগে। ভূমি বাহিৰ ওলাই যায় আৰু তেজ পৰে।

এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল

১/ তেজ পৰিলে আধা গিলাচ গাখীৰৰ আধা গীলাচ গোল নেমূ ৰ ৰস মিহলি কৰি খালে এই ৰোগ ভাল হয়।
২/ মিঠা আমৰ ৰস আধা কাপ, মিঠা দৈ ২৫ গ্ৰাম ত এক চামুচ আদা ৰস মিহলি কৰি খালে অৰ্শ ৰোগ ভাল হয়।
৩/ পিয়াজ ঘিওঁ , চেনী সমপৰিমাণৰ লৈ (২৬ গ্ৰাম) মিহলি কৰি একেৰাহে কেইদিনমান খালে অৰ্শ ত তেজ পৰা বন্ধ হয়।
৪/ এটা মূলা কাটি শৌচ দ্বাৰত এক ৰাতি বান্ধি ৰাখি পিছদিনা মূলা ৰসেৰে মলদ্বাৰ ধুলে অৰ্শ ৰোগ ভাল হোৱা দেখা যায়।

৫/ মেথি গুটি ১০ গ্ৰাম খুন্দি আধা গিলাচ গাখীৰৰ সৈতে খালে অৰ্শ তেজ পৰা বন্ধ হয়।
৬/ গৰমে গৰমে মাটি মাহ খালে তেজ পৰা অৰ্শ ভাল হয়।
৭/ কেঁচু মুৰীয়াত তেজ পৰিলে ৰাতিপুৱা আহাৰৰ লগত মচুৰ দাইল খোৱাৰ পাছত এক গিলাচ বিশুদ্ধ মাখন খালে ৰোগ উপশম হয়।
৮/ অৰ্শত তেজ পৰিলে ৬০ গ্ৰাম তিলৰ লগত অলপ দৈ মিহলি কৰি খালে তেজ পৰা বন্ধ হয়। অকল তিল খোৱাৰ পাছত পানী খালে তেজ নপৰা অৰ্শ ৰোগৰ ভাল হয়। দিনে তিনি বাৰ কৈ খাব লাগে।
৯/ গুস্য দ্বাৰ বাহিৰ ওলাই আহিলে এড়ী তেল প্ৰায় এক মাহ একেৰাহে লগালে অৰ্শ শুকাই যায় আৰু বিষ নাইকিয়া হয়।
১০/ এগিলাছ পানীত এচামুচ ফিতকিৰি মিহলাই সদাই গুস্য দ্বাৰ ধুলে আৰু কাপোৰ এডোখৰ পানীত তিয়াই হেই মিশ্ৰণত যুবুৰীয়াই গুস্য দ্বাৰ ত অলপ সময় ৰাখি থলে তেজ পৰা বন্ধ হয় আৰু কেঁচু মুৰীয়া ৰোগ ভাল হয়।
১১/ ছফ গুটি, জীৰা, ধনীয়া, এক চা মুচ কৈ লৈ ২ কাপ পানীত মিহলাই , উতলাই আধা পানী ৰলে সেকি এক চা মূচ খাঁটি ঘিও মিহলাই খালে ভাল হয়।
১২/ নিয়মীয়াকৈ হাড় জোৰা লতা ৰ ৰস ৪/৫ টোপালৰ লগত পানী মিহলাই খালে এই ৰোগ ভাল হয়।
১৩/ নিমৰ গুটিৰ পৰা তৈয়াৰ কৰা পাউদৰ মৌৰ সতে সমপৰিমাণৰ ২৫ গ্ৰাম মিশ্ৰণ কৰি দিনে দুবাৰকৈ খালে তেজ পৰা বন্ধ হয়।
১৪/ নাহৰ গছৰ ৪ ইঞ্চি দীঘল ২ইঞ্চি বহল ১০ ইঞ্চি ছটা নাহৰ ছাল এৰুৱাই পানীত ভালদৰে ধুই খুন্দি দিনে তিনি বাৰ কৈ প্ৰতি বাৰত ৮ চামো চ কৰি তিনি দিন খালে অৰ্শ ৰোগ ভাল হব আৰম্ভ কৰে।
১৫/ দোপৰ টেঙা পাত খুন্দি গুস্যদ্বৰত প্ৰলেপ দি ১৫ মিনিট মান সময় ৰাখি ধুই দিব লাগে।
১৬/ পদুম ফুলৰ কেঁচা পাতৰ ৰস চেনী আৰু মাখনৰ সৈতে খালে অৰ্শ ৰোগ নীবাৰিত হয়।
১৭/ একোটাকৈ পকা বেল নিয়মীয়াকৈ ৮/১০ দিন মান খালে এই ৰোগ উপশম হয়।
১৮/ কৰবি গছৰ শিপা খুন্দি মলদ্বাৰ ত প্ৰলেপ দিব লাগে।
১৯/ উলকচো বা কচু গুটি তেতেলি পাত দি হীজা ই খাব লাগে। উলকচু আঠাও উপকাৰী।
২০/ কচু থুৰি কণজলকীয়াৰ সৈতে পাতত দি খালে অৰ্শ ৰোগৰ নিৰাময় হয়।
২১/ ছাল কুঁৱৰী ১ চা মুচ ৰসত সামান্য গৰুৰ ঘিঁ উ মিহলাই খালে অৰ্শ ৰোগ ভাল হয়।
২২/ সোণাৰু গছৰ গুটিৰ মাজৰ অংশ ( মলমৰ দৰে ওলোৱা অংশ) ১০ গ্ৰাম মান লৈ তাত অলপ পানী মিহলি কৰি ৰাতিপুৱা খাব লাগে। আৰু মলম বনাই গুস্যদ্বৰত লগাব লাগে।

২৩/ মিঠা আমৰ গুটি পুৰি চাই খিনি নাৰিকল তেলৰ লগত দিনে ২ বাৰ কৈ অৰ্শ ৰোগ হোৱা ঠাইত লগালে সোনকালে ভাল হোৱা দেখা যায়।

এই ৰোগত কি কি খোৱা উপযোগী

অমিতা, ও লকচু, ডাবৰ পানী, মানিমুনি, খুটুৰা, ভেদাই লতা, কৰ্দৈ টেঙা, ও লকবি, বেত গাজ, নহৰু, পুৰণি চাউলৰ ভাত খাব লাগে।

এই ৰোগত কি কি খোৱা অনুপযোগী

ৰাতি উজাগৰে থকা, অতিপাত সংগম কৰা, জোৰেৰে মল মূত্ৰ ৰোধ কৰা, চাইকেল চলোৱা, উপবাস কৰা আদি সমূহ বেয়া। ৰদত থাকিব নালাগে। জ্বলা পুৰা খাদ্য বস্তু, উৰহি, পূৰৈ শাক, মাছ মাংস, লাও, বৰা চাউলৰ ভাত বা বৰাচাউল ব্যৱহাৰ কৰিব নালাগে।

বিঃ দঃ এই ৰোগৰ বিষয় আৰু অধিক জানিবলৈ আমাক ইমেইল কৰক নতুবা মেচেজ দিব পাৰে। আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াটো আমাৰ কৰ্তব্য।