জলোদৰ বা পেটৰ শোথ ( ASCITES)
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
পেটত অধিক পানী জমা হয় সেই কাৰণ বসত জলোদৰ ৰোগ হয়। যকৃতৰ বা লিভাৰ বিকাৰ, প্লীহা, হৃদ বিকাৰ , যক্ষ্মা আদি বিভিন্ন ৰোগৰ কাৰণে এই ৰোগ উৎপন্ন হব পাৰে।
এই ৰোগৰ লক্ষণ সমূহ হল
পেটত পানী জমা হবলৈ ধৰে, খোৱা বোৱাত অৰুচি ভাৱ হয় বা খাব মন নোযোৱা
হয়। হাত আদি ফুলি উঠে, ঊষাহ লওতে কষ্ট হয়, পেটত বিষ হয়, প্ৰস্ৰাৱ কম হবলৈ ধৰে, আৰু শৌচ কেতিয়াবা কেতিয়াবা কঠিন হবলৈ ধৰে।
এই ৰোগ নিৰাময় কৰাৰ উপাই সমূহ হল
১/ কেঁচা পীয়াজ ২ টাকৈ দিনে খালে প্ৰস্ৰাৱ বৃদ্ধি কৰে আৰু লগতে পেটত জমা হোৱা পানী নাইকিয়া কৰিবলৈ ধৰে।
২/ এক গিলা চ পানীত এক চা মোচ নহৰুৰ ৰস মিহলাই কেইদিন মান একেৰাহে খালে ৰোগীয়ে যথেষ্ট উপকাৰ পোৱা সাধাৰণতে দেখা পোৱা যায়।
৩/ ২৫ গ্ৰাম কেৰেলাৰ ৰস পানীত মিহলি কৰি দিনে তিনি বাৰ মানকৈ খালে এই ৰোগৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল পোৱা দেখা যায়।
৪/ অপৰাজি তা পাতৰ ৰস নাইবা ফল মূলৰ ৰস খাব লাগে, এনে কৰিলে এই ৰোগৰ ক্ষেত্ৰত ততালিকে আৰাম পোৱা দেখা যায়।
৫/ বেল পাতৰ ৰস ৩/৪ চামো চ অলপ জলুকৰ গুৰি আৰু এক চমু চ মৌ জুল মিহলি কৰি এনেদৰে দিনে ২ বাৰকৈ কেইদিনমান খালে এই ৰোগ নিৰাময় হব আৰম্ভ কৰে।
৬/ ১০ গ্ৰাম আদা খুন্দি পুৰণি গুৰ সতে খালে এই ৰোগ অতি সোনকালে সুস্থ হবলৈ আৰম্ভ কৰে।
৭/ আমলক্ষী আৰু পিপলি গুৰি ৫ গ্ৰাম কৈ পুৰণি গুৰ ৫ গ্ৰাম মিহলি কৰি খালে এই ৰোগ সম্পূৰ্ণ নিৰাময় হবলৈ ধৰে।
৮/ বগা পনৌ নৌৱা আৰু আদা ১০ গ্ৰাম কৈ ভালদৰে বাতি লৈ পুৰণি গুৰ সতে মিহলি কৰি খালে এই ৰোগ পৰা হাত সাৰিব পাৰি।
৯/ বেলপাত ৰ ৰস ২৫ গ্ৰাম লগত ৮ গ্ৰাম জালুক আৰু ৮ গ্ৰাম মৌ মিহলি কৰি খালে সকলো প্ৰকাৰৰ জলো দৰ ৰোগ পৰা হাত সাৰিব পৰা যায়।
১০/ মাইকী মানুহৰ প্ৰসৱৰ সময়ত জৰায়ু পানী জমা হলে দিনে ৩ পৰা ৪ টাকৈ নাচ পতি খালে পানী বাহিৰ হয় আৰু ৰোগী নিৰাময় হবলৈ ধৰে।
১১/ মহা ভৃঙ্গৰাজ ৰস গাখীৰৰ লগত ২০ গ্ৰাম কৈ খালে ৰোগীয়ে অতি সোনকালে আৰাম পায় লগতে নিৰাময় হবলৈ আৰম্ভ কৰে।
১২/ ২০০ গ্ৰাম পানী আৰু ২৫ গ্ৰাম বুট হিজাই তাৰ পৰিমাণ আধা হলে হেই পানী ছেকি লৈ হেই পানী লাহে লাহে খাব লাগে।
১৩/ পিপোলি গুৰি কৰি তাক গাখীৰৰ লগত ভালদৰে মিহলি কৰি লৈ লাহে লাহে খাব লাগে। এনে কৰিলে ৰোগী সোনকালে সুস্থ হবলৈ আৰম্ভ কৰে।
এই ৰোগৰ সময়ত কি কি খোৱা উপযোগী
কলীয়া তুলসী পাত আৰু গুটি পি চি লৈ খাব লগে, দুপৰ টেঙা পাত, দুৰুন বন, পদিনা, ঢেঁকীয়া, মনকচু, ভেদাইলতা পাত, হালধি মানে কেঁচা হালধি, কালজিৰা, খোটোৰা শাক, মৌ জুল, চ জিনা , আঠিয়া কল, ব্ৰাহ্মী শাক, হতমূল, ধুন্দুলি, মহা নিমৰ পাত, বেতৰ গাজ, হুকুটা, চিৰতা, ষষ্ঠী মধু, শিঙি মাছ, কাছ কিন্তু দুৰ্লভ আদি খুৱাটো অতিকৈ উপযোগী। কেঁচা মূলা হিজাই খাব লাগে। পালেং শাক এই ক্ষেত্ৰত বহু উপকাৰী।
এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী
এই ৰোগৰ সময়ত অতিকৈ নিমখ বা কেঁচা নিমখ খুৱাটো অতিকৈ অনুপযোগী। দৈ, খিচিৰি, পিঠা, ভুল, মাহ জাতীয় খাদ্য, হজম নোহোৱা খাদ্য বস্তু, আচাৰ, তেঁতেলি, নতুন চাউলৰ ভাত, মছলা আদি খুৱাটো অত্যন্ত অনুপযোগী। চ জিনা ফুল খাব নালাগে । এনে খাদ্য সমূহৰ পৰা বিৰত থকাটো অত্যন্ত উপযোগী।