Tuesday, September 10, 2019

Beauty Tips সৌন্দৰ্য্য চৰ্চা

সৌন্দৰ্য্য চৰ্চা (Beauty Tips)

সৌন্দৰ্য্য হল এক প্ৰকাৰৰ প্ৰকৃতিৰ অতুলনীয় অনুদান । পৃথিৱীৰ প্ৰত্যেক বস্তু আৰু জীৱৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দুটো হৈছে সৌন্দৰ্য্য। সৌন্দৰ্য্য দুই প্ৰকাৰৰ জীৱ আৰু নিৰ্জীৱ সৌন্দৰ্য্য। বাৰু সৌন্দৰ্য্য বিষয়ে কব গলে বহু কথাই থাকে কিন্তু আমি আহোঁ মানৱ সৌন্দৰ্য্যলৈ। এই ক্ষেত্ৰত নাৰীৰ সচেতনতা কিন্তু পুৰুষতকৈ বহু বেছি নহবও বা কিয় পুৰণিকালৰ পৰাই নাৰীয়ে সৌন্দৰ্য্য ধৰি ৰাখিবলৈ বিভিন্ন গৱেষণা আজিলৈকে কৰি আহিছে।সেয়েহে আজিৰ দিনত বহু প্ৰকাৰৰ সৌন্দৰ্যবৰ্ধক বজাৰ বিপনীত পাবলৈ সুলভ।কিন্তু ইয়াৰো এক সীমা আছে যেনে সম্ভ্ৰান্ত(rich) আৰু দীন (poor) কাৰণ সম্ভ্ৰান্ত ঘৰৰ লোকে যিমান মূল্য নহওক সহজে কিনিব পাৰে কিন্তু দুখীয়া আৰু মধ্যবিত্ত বাবে ই এক চিন্তাৰ বিষয়। তথাপিও এক কথা যে আজি সৌন্দবৰ্ধক বিভিন্ন কেমিকেল আৰু কৃত্ৰিম সামগ্ৰী যুক্ত হোৱাৰ বাবে বহুক্ষেত্ৰত মানুহৰ আপত্তি আহে।

সৌন্দৰ্য্য চৰ্চা (Beauty Tips)
Neeramoy.com

সেয়েহে কেইটামান পুৰণিকালৰ সৌন্দৰ্য্যবৰ্ধক আগবঢ়ালো

১/ পকা আম গৰুৰ গাখীৰৰ লগত খালে গাৰ বৰণ উজ্জ্বল হয়।

২/ বিলাহী ৰসৰ লগত সামান্য মৌ জোল মিহলি কৰি ছালত লগালে গাৰ ছালৰ ৰং ধুনীয়া হয়।
৩/ ৰাতিপুৱা একোটাকৈ কমলা টেঙা ৰস খালেও গাৰ ছাল মিহি আৰু নিমজ হৈ আহে। সৰু লৰা ছোৱালীৰ বাবে ই বিশেষ প্ৰযোজ্য।
৪/ চকুৰ আৰু চুলিৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে ৰাতিপুৱা ৫০ গ্ৰাম তিল খাই এগিলাচ ঠাণ্ডা পানী নিয়মীয়াকৈ খাব লাগে।
৫/ গা ধোঁওতে চুলিত জবাব ফুল ১০-১২ পাহ পিহি কিছু সময় হানিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়।
সৌন্দৰ্য্য চৰ্চা (Beauty Tips)
Neeramoy.com

সৌন্দৰ্য্য চৰ্চা (Beauty Tips)
৬/ গা ধোঁৱাৰ পূৰ্বে কেঁচা হালধিৰ ৰস ছালত হানিলে গাৰ ছাল সুন্দৰ হয় আৰু ছালৰ ৰোগ প্ৰতিৰোধ কৰে।
৭/ নাৰীৰ স্তনদ্বয়ে সৌন্দৰ্য্য বৃদ্ধি কৰে। এই স্তনদ্বয় ৰোগ মুক্ত আৰু আকৰ্ষনীয় কৰিবৰ কাৰণে নিয়মীয়াকৈ বিশুদ্ধ মিঠা তেলেৰে মালিচ কৰিব লাগে। তদুপৰি মুৱা আলু শতমূলৰ আলু, কলমৌ, শাক, তিল যথেষ্ট পৰিমানে খোৱা উচিত।
৮/ শৰীৰৰ অতি শকত বা শৰীৰৰ ওজন বেছি হলে আহাৰ খোৱাৰ পাছত নেমুৰ ৰস নিয়মীয়াকৈ খালে শৰীৰৰ গঠন নিয়মীয়া হয় আৰু ওজন কমে।
৯/ চকুত গোলনেমুৰ ৰস দিলে চকু উজ্জ্বল হয় আৰু চকুৰ কেটেৰেক্ট প্ৰতিৰোধ হয়।
১০/ গাৰ ছালত নেমুৰ ৰস হানিলে ছাল নিমজ আৰু সুন্দৰ হয়। নেমুৰ ৰস ৰাতিপুৱা খালেও যথেষ্ট উপকাৰ হয়।

এই দহোটা নিয়ম প্ৰথমে কৰি চাওক যদি সুফল নাপায় তেন্তে মোক কমেণ্ট কৰি জনাব পাৰে। আৰু যদি কিহবা সহায়ৰ পয়োজন তেন্তে মোক মেইল কৰিব পাৰে।