Saturday, September 28, 2019

liver disease (যকৃত ৰোগ )

যকৃত ৰোগ (liver disease)

এই ৰোগ হোৱাৰ কাৰণ

অত্যাধিক মাদক দ্ৰব্য সেৱন, খালী পেটত চাহ, কফি, অধিক মচলাযুক্ত আহাৰ, গুৰু পাকী বস্তু, অধিক মিঠাই আদি সমূহ খোৱাৰ কাৰণে এই ৰোগ হোৱাৰ সম্বাভাৱনা অত্যাধিক হয়। হৃদৰোগ, যক্ষ্মা, উপদংশ, অতিহাৰ, অৰ্শ, গ্ৰহণী, মেলেৰিয়া আদি ৰোগে আক্ৰমণ কৰিলেও এই ৰোগ হয়। অপৰিষ্কাৰ পানী আৰু গাখীৰ খালেও যকৃত ৰোগ হোৱা দেখা যায়।
যকৃত ৰোগ (liver disease)

এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল

যকৃতৰ বিষ অনুভব হয়, ভোক কম হয়, জ্বৰ উঠে, পেটত গেছ জমা হয়, বমি হয়,
হৌচ পনীয় আৰু কেতিয়াবা তেজ যুক্ত শৌচ হয়, যকৃত বৃদ্ধি হয়, ভৰি ফুলি উঠে, পেটত পানী জমা হয়, ৰক্তহীনতাত ভোগে, টোপনি কম হোৱা দেখা যায়, মানসিক অশান্তি আৰু মূৰ্চ্ছা যোৱা ৰোগ দেখা যায়

এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল

১/ প্ৰতি দিনে ৰাতিপুৱা আকণৰ আঠা দুই টোপাল পানীৰ লগত মিহলি কৰি খালে যকৃত ৰোগ অতি সোনকালে আৰোগ্য হয়।
২/ দিনে দুই / তিনিটা কেঁচা বা পকা অমিতা খাব লাগে। এনে কৰিলে ৰোগীৰ যথেষ্ট আৰাম অনুভব হয়।
৩/ নহৰু ১০ গ্ৰাম, জিৰা ১ গ্ৰাম, আদা ১গ্ৰাম, জালুক ১ গ্ৰাম একেলগে পীহী লৈ আহাৰৰ লগত খালে যকৃৎ ৰোগৰ পৰা অতি সোনকালে হাত হাৰিব পাৰি।
৫/ এক গ্ৰাম পৰিমাণৰ ছাল কুঁৱৰীৰ পাতৰ ৰস দিনে এবাৰকৈ একেৰাহে এক সপ্তাহমান খালে যকৃৎ ৰোগৰ পৰা অতি সোনকালে হাত হাৰিব পৰা যায়।
যকৃত ৰোগ (liver disease)

৬/ নহৰু পীহি লৈ পেটত প্ৰলেপ দিলে যকৃৎ আৰু প্লিহা কঠিন তা নিবাৰিত হয়। নতুবা নহৰু এটা আৰু পটলৰ শিপা একেলগে খুন্দি প্ৰলেপ দিব লাগে।
৭/ কেঁচুৱাৰ ক্ষেত্ৰত এনে ৰোগ হলে কেৰেলা খালে উপকাৰ হয়, নতুবা কেৰেলাৰ ৰস আধা চামুচ কৈ দিনে দুবাৰকৈ খুৱাবলৈ লাগে।
৮/ গাজৰৰ ৰস ত মৌ জুল মিহলি কৰি ৰাতিপুৱা আৰু গধূলি খালে এই ৰোগত বহু আৰাম পোৱা যায়।
৯/ পিপলি গুড়া পুৰণি গুৰৰ লগত মিহলি কৰি খালে যকৃৎ ৰোগ সহজে ভাল হোৱা পৰিলক্ষিত হয়।
১০/ কলডিল ভাজি খালে এই ৰোগত সকাহ পোৱা যায়।
১২/ মান কচুৰ মাটিৰ ওপৰত কোমল সাহ খিনি জহা চাউলৰ লগত হীজাই পায়খৰ দৰে ৰান্ধি খালে এই ৰোগৰ পৰা হাত সাৰিব পৰা যায়।
১৩/ তুলসীৰ পাত পানীত শিজাই তাক চেকি ৰস খিনি খালে যকৃৎ বৃদ্ধি বা যকৃতৰ অন্যান্য ৰোগৰ পৰা হাত সাৰিব পৰা যায়।
১৪/ চিৰতা, ৰঙা আলু, জিলমিল শাক যকৃৎ ৰোগৰ কাৰণে অতিকৈ উপকাৰী খাদ্য। (একে লগে ৰান্ধি খাব নালাগে পৃথকে পৃথকে খোৱা দৰকাৰ)
যকৃত ৰোগ (liver disease)

এই ৰোগৰ সময়ত কি কি খোৱা দৰকাৰ

মগু দাইল, মচুৰ ডাইল, পুৰণা চাউলৰ ভাত, গৰুৰ গাখীৰ, মিঠা আৰু পকা ফলৰ ৰস, বাৰ্লি, মাটি কঁঠাল,মৌ, আমলখি। ৰাতিপুৱা মুকলি বতাহ আৰু ৰাতিপুৱাৰ গা ধুওৱা আদি অতিকৈ উপযোগী।

এই ৰোগৰ সময়ত কি কি নকৰিব

তেল, ঘিউ, গুৰূপাকী খাদ্য বস্তু, মছলা, মাছ, আচাৰ, বৰফ বা অতি ঠাণ্ডা খাদ্য বস্তু, জলকীয়া, চাহ, কফি, মাদক দ্ৰব্য, আদি খুৱাটো অতিকৈ অনুচিত। অত্যাধিক মানসিক বা শাৰিৰীক পৰিশ্ৰম কৰাটো এই সময়ত বেয়া।

বিঃ দ্রঃ এই ৰোগৰ বিষয়ে অধিক জানিবলৈ আমাক যোগা যোগ কৰক নতুবা আমাৰ ৱেবচাইট ত ইমেইল কৰি আমাক সুধিব পাৰে। আমি আপোনাৰ প্ৰতিটো প্ৰশ্নৰ প্ৰতি সদায় সচেতন।