ঋতুস্ৰাৱ অনিয়মীয়া
(IRREGULAR MENSTRUATION)
ঋতুস্ৰাৱ হল শিশু কালৰ পৰা এগৰাকী সুস্থ নাৰী হোৱাৰ সংকেত। ইয়াৰ দ্বাৰাই এটি শিশু পৰা এগৰাকী সুস্থ সবল কন্যালৈ ৰূপান্তৰিত হয়। ই সাধাৰণতে প্ৰায় ১৩/১৪ বছৰ বয়সত আৰম্ভ আৰু ৫৫/৫৬ বছৰ বয়সত অন্ত হোৱা দেখা যায়। এই মাহেকীয়া ঋতুস্ৰাৱ সময় মতে নহলে ১০/১২ দিন পৰ্য্যন্ত ঋতুস্ৰাৱ বন্ধ হৈ থাকিলে,বহু দিন নহৈ কেইবামাহৰ মূৰত এবাৰ হলেই ঋতুস্ৰাৱ অনিয়মীয়া বুলি কোৱা হয়।
এই ৰোগ হোৱাৰ কাৰণ
শৰীৰত দূষিত আৰু বিষাক্ত পদাৰ্থ জমা হলে,অধিক আহাৰ খালে,বিষাক্ত ঔষধ খালে,অত্যাধিক শাৰীৰিক আৰু মানসিক কষ্ট হলে,জৰায়ু আৰু ডিম্বকোষৰ বিষ হলে,জৰায়ুৰ স্থান চুটি আদিৰ বাবেও এই ৰোগ হব পাৰে।
এই ৰোগৰ লক্ষণ
তলপেটত বিষ,শাৰীৰিক দুৰ্বলতা,মুখ শেঁতা পৰা আৰু মুৰ্ছা ৰোগ আদি হলেও এই
ৰোগৰ লক্ষণ। এই ৰোগ নিৰাময়ৰ বাবে পুৰণি কালৰ পৰাই বহু বনৌষধি আবিষ্কাৰ হৈ আহিছে।তাৰে কিছু তলত আপোনালোকলৈ আগবঢ়ালোঁ ।
এই ৰোগ নিৰাময়ৰ উপায়
১/ হাড়জোৰা লতাৰ ৰস ৫গ্ৰামকৈ দিনে দুবাৰকৈ একেৰাহে ১০/১২ দিন খালে এই ৰোগ অন্ত পৰিব।
২/ অশোক ফুল গছৰ ছালৰ ৰস নিয়মীয়াকৈ খালে এই ৰো নিৰাময় হোৱাৰ লগতে জৰায়ু ক্ৰিয়া ভাল হয় আৰু শৰীৰ শক্তি বৃদ্ধি হয়।
৩/ অনন্ত মূল ৫গ্ৰাম,গাখীৰ বা পানীৰ লগত মিহলি কৰি দিনে দুবাৰকৈ খালেই ঋতুস্ৰাৱ নিয়মীয়া হব।
৪/ মাহেকীয়া নিয়মীয়া নহৈ যদি পেটৰ বিষ হয় তেন্তে এৰাপাত ২/৩খিলা খুন্দি তাৰ ৰস খালে পেটৰ বিষ নাইকিয়া আৰু মাহেকীয়া নিয়মীয়া হব।
৫/ পেট বিষ হলে সৰিয়হ গুটি থেতেলীয়াই গৰম কৰি পেটত প্ৰলেপ দিলে বিষ সোনকালে নাইকিয়া হয়।
৬/ কপাহ গছৰ শিপাৰ ৰস ৫গ্ৰামকৈ ২/৩বাৰকৈ খাব লাগে।
৭/ নিমপাতৰ ৰস ১৫ মিঃলিঃ ৮/১০ দিন খাব লাগে।
৮/ বগা অপৰাজিতাৰ শিপাৰ ৰস আধা চামুচকৈ তিনিদিন খালে সোনকালে নিৰাময় হব।
এই ৰোগত কি কি খোৱা উপকাৰী
কেলচিয়াম যুক্ত খাদ্য যেনে নাৰিকল,নৰসিংহ পাত,পদিনা, ফুলকবি,মূলা শাক, সৰিয়হ শাক,খুতুৰা, চজিনা পাত,চয়াবিন, মটৰ,আত লাচ আদি।গাখীৰ,দৈ,জুলীয়া গুৰ,বন্ধা কবি,অমিতা,পালেং শাক,ধনীয়া, মাটি কান্দোৰি, আমলখি,বিলাহী,কমলা,মাটি কঁঠাল, কল,কদলিভাৰ তেল আদি যথেষ্ট উপকাৰী।
এই ৰোগত কি কি খোৱা অনুপযোগী
চাহ,কফি,মাদক দ্ৰব্য,ধূমপান,ময়দা, মছলা, জ্বলা পোৰা খাদ্য আদি অনুপযোগী।