আম বাত বা এলাৰ্জি ( ALARGI)
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
অখাদ্য খোৱাৰ কাৰণে আৰু তেজৰ দোষত এই ৰোগ সাধাৰণতে হোৱা দেখা যায়। বিৰুদ্ধ ভোজন কৰিলেও এই ৰোগ হোৱাৰ পৰিলক্ষিত হয়।
এই ৰোগৰ লক্ষণ সমূহ হল
গাৰ ছালৰ যতে ততে হব পাৰে । ছাল প্ৰথমে ৰঙা পৰে, খজোৱাই আৰু চকলা চকল বান্ধে , কেতিয়াবা গাটো বীজ বিজুৱাৰ দৰে লাগে। নতুবা কেতিয়াবা এই
ৰোগৰ ফলত ৰোগী ভিতিগ্ৰস্ত হয় যায় কিং কৰ্তব্য বিমোৰ হৈ যায়।
এই ৰোগ নিৰাময় উপাই সমূহ হল
১/ আদা ৰস ২০ গ্ৰাম আৰু লগতে দুই তিনি বছৰীয়া পুৰণি গুৰ খাব লাগে। এনে কৰিলে ৰোগী ততালিকে আৰাম অনুভব কৰে।
২/ তুলসী পাতৰ ৰস আৰু কেঁচা হালধি ৰ ৰস মিহলাই খালে ৰোগী আৰাম পোৱাৰ লগতে লাহে লাহে এই ৰোগ আঁতৰি যায়।
৩/ পোৰৈ শাক ৰ ৰস উলিয়াই আম বাত হোৱা ঠাইত সানিব লগে এনে কৰিলে ৰোগী ততালিকে ভাল ফল পোৱা যায়।
৪/ এফুটা নহৰু খুন্দি তাত ভেদাই লতা পাতৰ ৰস ৪০ গ্ৰাম মিহলাই খাব লাগে। এনে ধৰণে ৰোগীক অতি সোনকালে সুস্থ কৰি তুলিব পাৰি।
৫/ পচতীয়া পাত খুন্দি প্ৰলেপ দিব লাগে আৰু পাতৰ ৰস ২০ গ্ৰাম খাব লাগে । এনে কৰিলে ৰোগী সোনকালে আৰোগ্য হবলৈ ধৰে।
৬/ কেঁচা হালধি নিতৌ বা প্ৰতিদিনে ৫০ গ্ৰাম কৈ ১০ পৰা ১৫ দিন পৰ্য্যন্ত খাব লাগে। যাৰ ফলত এই ৰোগৰ ক্ষেত্ৰত ভাল সুফল পোৱা যায়।
৭/ ভেডা ই লতা ৰ ৮ ৰ পৰা ১০ খীলা পাত খুন্দি আম বাত হোৱা ঠাইত খুন্দি সানিব লাগে। এনে কৰিলে এই ৰোগ অতি শীঘ্ৰে দুৰ হৈ যায়।
৮/ উক্লিপতাচ পাত ৪ ৰ পৰা ৫ খিলা মোহাৰি লৈ ৰসাল কৰি আম বাত হোৱা স্থানত লগাব লাগে। ইয়াৰ ফলত এই ৰোগ অতি সোনকালে আৰোগ্য হবলৈ ধৰে।
৯/ দুবৰি বন আৰু কেঁচা হালধি খুন্দি সানিব লাগে আৰু সম পৰিমাণৰ ৰস (২৫ গ্ৰাম কৈ) খালে যথেষ্ট উপকাৰ পোৱা যায়।
এই ৰোগত কি কি খোৱা উপকাৰী
এই ৰোগ হোৱাৰ সময়ত লঘূ আহাৰ খোৱা উপযোগী। ভেদাই লতা তৰকাৰী কৰি খোৱা অতিকৈ উপযোগী। তিতা খাদ্য বস্তু খোৱা দৰকাৰ।
এই ৰোগত কি কি খোৱা অনুপযোগী
বিজলোৱা খাদ্য খোৱা অনুচিত , মাটি কঁঠাল, কঁঠাল, যিকোনো বেঙেনা, মাটি মাহ, মাদক দ্ৰব্য সেৱন, ধূমপান, উৰোহী, বৰা চাউল, বিৰুদ্ধ ভোজন খাদ্য, তিয়াহ ইত্যাদি খাদ্য বস্তু সমূহৰ পৰা আঁতৰি থাকিব পাৰিলে অতিকৈ উপকাৰী।