অকালতে চুলি পকা আৰু চুলি সৰা
অকালতে চুলি পকা
এই ৰোগ হোৱাৰ কাৰণ
বায়ু বিকাৰ হলে,চুলিৰ প্ৰয়োজনীয় খাদ্য প্ৰাণৰ দেহত অভাৱ হলে,বজাৰৰ যিকোনো প্ৰসাধন ব্যৱহাৰ কৰিলে,চুলিৰ ভালকৈ যত্ন নললে এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে।খাদ্য ভেজাল হলেও এই ৰোগে গ কৰি উঠে। এই ৰোগ ইমান বিপদজনক নহয় যদিও সৌন্দৰ্য্য ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাই ।অকালতে চুলি সৰাৰ ফলত বহু লোকক সঠিক বয়সকৈ কিছু আগবঢ়া যেন লাগে। তথাপিও ই এক ৰোগেই কিন্তু এনে ৰোগক নিৰ্মূল কৰিবলৈ বহু লোকে বহু পুৰণি কলীয়া বিভিন্ন প্ৰকাৰৰ বনৌষধি আবিৰ্ভাৱ কৰি থৈ গৈছে।তাৰেই কিছু সংখ্যক বনৌষধি আপোনালোকলৈ আগবঢ়ালোঁ ।
এই ৰোগৰ লক্ষণ সমূহ হল
সৰ্ব প্ৰথমে চুলি ৰঙচুৱা যেন হব আৰু সময় বাগৰাৰ লগে লগে দুই এডালকৈ
পকিবলৈ আৰম্ভ হয় যায়।লাহে লাহে কেঁচা বা কলা চুলিত কৈ পকা বা বগা চুলিৰ সংখ্যা বাঢ়ি যায়।
এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল
এই ৰোগ নিৰাময়ৰ বাবে বহু বনৌষধি উপলব্ধ আমি তাৰেই মাজৰ পৰা আপোনালোকৰ সুবিধাৰ্থে ভাল ভাল বছা আৰু পাবলৈ সুলভ কিছুমান বনৌষধি তলত উল্লেখ কৰিছোঁ
১/ জেতুকাৰ পাত ৪৫গ্ৰাম ,আমলখি সাত বা দহ টা মান পিহি গৰুৰ গাখীৰৰ সৈতে একোটা ডাঠ মিশ্ৰণ তৈয়াৰ কৰি লৈ।সেই মিশ্ৰণ খিনি অঘণ্টাকৈ চুলিত লগালে পকা চুলি সংখ্যা কমিবলৈ ধৰে।পিছত কুহুমীয়া গৰম পানীৰে ভাল দৰে ধুই পেলাব লাগে।এনেদৰে দুবাৰ কৈ ব্যৱহাৰ কৰিব লাগে যেতিয়ালৈকে পকা চুলিৰ সংখ্যা কমি নাযায়।
২/ ৰঙা জবাব ফুল আৰু আমলখি একেলগে পিহি ৰাতিপুৱা গা ধুৱাৰ আগতে নিয়োমীয়াকৈ প্ৰলেপ দিলে অকালতে চুলি পকা কম হৈ যায়।
৩/ কৰৱী গছৰ শিপাৰ ছাল খুন্দি গাখীৰত জুবুৰীয়াই চুলিত প্ৰলেপ দিলে চুলি কলা হয় আৰু চুলি পকেট বাধা প্ৰদান কৰে।
৪/ তিল পঞ্চাশ গ্ৰাম কৈ সদায় খাব লাগে।চুলি কলা হোৱাৰ উপৰিও সুন্দৰ ,উজ্জ্বল আৰু দীঘল হয়। তিল তেল ব্যৱহাৰ এই ক্ষেত্ৰত বহু উপকাৰী আৰু সুফল পোৱা যায়।
৫/ মহা ভৃঙ্গৰাজ পাত,ত্ৰিফলা,লৌহ চূৰ্ণ, কৰৱীৰ পাত আৰু গুড় সম পৰিমাণৰ লৈ ভাল দৰে পানীত সিজাই ঠাণ্ডা কৰি চুলিত প্ৰলেপ দিলে চুলি কলা আৰু উজ্জ্বল হৈ।
৬/ চুলি অকালতে পকিলে কেহুতৰ পাতৰ ৰস চুলিত ঘঁহিলে যথেষ্ট ভাল ফল পোৱা যায়।
৭/ নিম গছৰ গুটি গুড়ি কৰি প্ৰতি দিনে তাত মহাভৃঙ্গ ৰাজৰ ৰস পঞ্চাশ গ্ৰাম দি ৰদত এদিন শুকুৱাই তাত পুনৰ নিম গছৰ গুটিৰ গুড়ি মিহলি কৰি চুলিত বিশ মিনিট মানকৈ সানিলে চুলি অকালতে পকিব নোৱাৰে।
৮/ আমলখি আৰু আমৰ গুটিৰ সাহ খিনি খুন্দি মিহলি কৰি চুলিত প্ৰলেপ দিলে অকালতে চুলি পকা বন্ধ হয়।
৯/ মহা নিমৰ গুটি দহটা মান গুড়ি কৰিব লাগে।মহা ভৃঙ্গ ৰাজৰ ৰস পঞ্চাশ গ্ৰাম এটা পাত্ৰত লৈ ৰদত সাত দিন শুকুৱাই তাত গুড়ি কৰা নিমৰ গুটি ভালদৰে মিহলাই বিশ মিনিট সময় হানিলে চুলি কেতিয়াও নপকে।
১০/ অপৰাজিতাৰ ফুল এড়ী তেলৰ লগত সিজাই ঠাণ্ডা কৰি চুলিত ঘঁহিলে পকা চুলি সংখ্যা কমিব ধৰে।
এই ৰোগত কি কি কৰা উপযোগী
সাধাৰণতে এই ৰোগৰ বাবে কচুৰ ঠুৰি, কাঁটাখুড়া, গুৰ,চয়াবিন,পদিনা,পুৰৈ শাক,ফুলকবি,সৰিয়হ শাক,তিল খোৱা উপযোগী।
এই ৰোগত কি কি খোৱা পৰিহাৰ কৰা ভাল
এই ক্ষেত্ৰত যিকোনো তেল আৰু যিকোনো চাবোন সততে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। বিশুদ্ধ নাৰিকল তেল,তিল তেল আদিহে ব্যৱহাৰ কৰিব লাগে।আৰু চাবোনৰ বিকল্প হিচাপে ঔটেঙা ভিতৰৰ কলিজা অংশ (পিছল অংশ ) ব্যৱহাৰ কৰিব লাগে।
চুলি সৰা (ALOPECIA)
এই ৰোগ হোৱাৰ কাৰণ
বহু দিন ধৰি অসুখত ভুগি থাকিলে,চুলিৰ কাৰণে প্ৰয়োজনীয় খাদ্য প্ৰাণ আৰু খনিজ পদাৰ্থৰ দেহত অভাৱে দেখা দিলে চুলি সৰা আৰম্ভ হয়।অধিক খাৰ জাতীয় চাবোন আদি ব্যৱহাৰ কৰাৰ ফলত চুলি সৰা ৰোগৰ চিকাৰ হব পাৰে।অধিক চিন্তা কৰাৰ ফলতো এই ৰোগে আঁকোৱালি লব পাৰে।চুলিৰ বীজানোৱে কামুৰিলে এই ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
এই ৰোগৰ লক্ষণ সমূহ হল
মোৰ ধুলে,চুলি ফণীয়াওতে চুলি সৰি হাতত বা ফণীত লাগি আহে। প্ৰথম অৱস্থাত এই ৰোগত চুলি দুডাল এডালকৈ সৰে কিন্তু সময় বঢ়াৰ লগে লগে যদি ইয়াক নিৰ্মূল কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা নলয় তেনেহলে এই ৰোগ বাঢ়ি গৈ চুলি কোচা কোচ কৈ ধৰিবলৈ আৰম্ভ কৰে। এই ৰোগৰ নিৰাময়ৰ বাবে কিছু পৌৰাণিক বন দৰৱ আমাৰ হাতত আছে তাৰে কছুমান তলত উল্লেখ কৰা হল।
এই ৰোগ নিৰাময় কৰিবলৈ কি কি কৰা উচিত
১/ আমলখি তিনি বা চাৰিটা মান থেতেলীয়াই সম্পূৰ্ণ এৰাতি মূৰত বান্ধি ৰাখি পিছদিনা খন ৰাতি পোৱা চুলি খিনি ধুই দিব লাগে এনে কৰিলে চুলি সৰা বন্ধ হয় আৰু চুলিৰ গুৰি বিলাক মজবুত হয়।
২/ ৰহৰ দাইল পিহি তিনি বাৰকৈ দিব লাগে।দুদিন তেনেদৰে প্ৰলেপ দিয়াৰ পাছত তৃতীয় দিনা সৰিয়হৰ তেল চুলি ঘঁহি ৰদত বিশ বা ত্ৰিশ মিনিট বহি শুকুৱাব লাগে। তাৰ চাৰি ঘণ্টা মানৰ পাছত আগৰ দৰে পিহি লোৱা ৰহৰ ডাইলৰ প্ৰলেপ লগাব লাগে।এনেদৰে একেৰাহে দহ বা বাৰ দিন কৰিব লাগে। এনে কৰিলে চুলি সৰা কমে আৰু নতুনকৈ চুলি গজাত সহায় কৰে।
৩/ এই ক্ষেত্ৰতো সদায় ৰাতিপুৱা সময়ত তিল পঞ্চাশ গ্ৰামকৈ খাব লাগে।চুলি কলা হোৱাৰ উপৰিও চুলি সৰা কমিব ধৰে।এনে কৰিলে চুলি সৰা আৰু অকালতে পকা দুয়োটা ৰোগ বন্ধ হয়।
৪/ তুলসী পাতৰ ৰস আৰু আমলখি একেলগে থেতেলীয়াই মিহলি কৰি পোন্ধৰ বিশ মিনিট মান সময় চুলিত লগাই ৰদত শুকুৱাই পাছত ধুই দিব লাগে এইদৰে চুলি সৰা বন্ধ কৰিব পাৰি।
৫/ কোনো বীজাণুৰ দ্বাৰা আক্ৰমণ কৰাৰ ফলত চুলি হৰিব আৰম্ভ হলে ভেঁকুৰি তিতা পঞ্চাশ টা মান লৈ পিহি লৈ চেপি তাৰ ৰস উলিয়াই সেই ৰস মৌ জোলৰ লগত মিহলি কৰি তিনি বা চাৰি ঘণ্টা মান চুলিৰ গুৰিত প্ৰলেপ দি ৰাখিব লাগে। এনে কৰিলেও এই ৰোগ নিৰাময় হব।
৬/ কেহ ৰাজৰ পাত খুন্দি লৈ ৰস উলিয়াই সেই ৰসেৰে চুলিৰ গুড়ি বিলাক ভালকৈ ধুব লাগে।
৭/ দুশ গ্ৰাম তিতা কেৰেলাৰ শিপা খুন্দি চুলিৰ গুড়ি বিলাকত ভালদৰে প্ৰলেপ দিব লাগে।এইদৰে আধা ঘণ্টা মান ৰাখি পিচত ধুই পেলাব লাগে।
৮/ৰঙা জবাবৰ পাঁচ বা ছয় খন পাত খুন্দি চুলি বিলাকৰ গুৰিত আধা ঘণ্টা মান প্ৰলেপ দিয়াৰ পাছত ধুই দিব লাগে।
৯/ আমৰ বীজ সাহ দুটা থেতেলীয়াই তাক এৰাতি পানীত তিয়াই ৰাখি ৰস বাহিৰ হলে সেই পানীৰে চুলি ধুব লাগে।
১০/ অতিৰিক্ত উফী হোৱাৰ ফলত যদি চুলি সৰে তেনেহলে চোকা খাৰণিৰে মাটি মাহ সিজাই চুলি বিলাকৰ গুড়ি বিলাকত লগাই মালিচ কৰি লগাই অলপ সময় ৰখাৰ পাছত ভালদৰে ধুই দিব লাগে।
এই ৰোগত কি কি খোৱা উচিত
এই ক্ষেত্ৰত কিছু পৰিমানে বাছি খোৱাটো ভাল এই সময়ত আয় ডিন যুক্ত খাদ্য যথেষ্ট পৰিমাণে খোৱা উচিত।নাৰিকল তেল নতুবা মহা ভৃঙ্গ ৰাজ তেল চুলিত নিয়মীয়াকৈ ব্যৱহাৰ কৰিব।দুৱৰী বন ৰস খুব মূৰ ধুব লাগে। বৰ মানি মুনি গাখীৰৰ সৈতে খোৱা উপযোগী।পিয়াজ,নহৰু আদি সমূহো এই ক্ষেত্ৰত খোৱা তো লাভ জনক।
এই ৰোগত কি কি অনুপযোগী
যিকোনো প্ৰকাৰৰ বিপদত উপলব্ধ চাবোন ব্যৱহাৰ নকৰিব।যিকোনো প্ৰকাৰৰ তেল বজাৰত পোৱা ব্যৱহাৰ পৰা বিৰত থাকিব।অধিক চিন্তা এই ক্ষেত্ৰত কৰাটো বেয়া। চুলিৰ গুড়ি বিলাক অপৰিষ্কাৰকৈ ৰাখিব নালাগে।