Wednesday, September 11, 2019

kids diseases (শিশু ৰোগ)

শিশু ৰোগ (kids diseases)

শিশু মানে হল জীৱনৰ আৰম্ভণি । এই অৱস্থাত মানুহৰ সকলো অংগ কোমল আৰু পুৰঠ নহয়। এনে অৱস্থাত যদি ভালকৈ চোৱাচিতা লালন পালন ভালকৈ কৰা নহয় তেন্তে সেই শিশুৰ জীৱনলৈ বিভিন্ন প্ৰকাৰৰ ব্যাধি নামিব পাৰে। যিদৰে এজন প্ৰাপ্ত বয়স্ক লোকে নিজৰ দেহাটো প্ৰতি সজাগ হয় আৰু উপলব্ধি কৰিব পাৰে কিন্তু শিশুৱে সেইদৰে উপলব্ধি বা সজাগ হব নোৱাৰে। সেয়েহে শিশুৰ যতন সদায় পিতৃ-মাতৃৰ ওপৰতেই। অকল যতনেই নহয় শিশুৰ খোৱা বোৱা ক্ষেত্ৰত কিছু পৰিমানে সজাগ হলে ভাল। বহু ক্ষেত্ৰত কেঁচুৱাৰ ৰোগ বুলি ডাক্টৰৰ পৰামৰ্শ লৈ বিভিন্ন প্ৰকাৰৰ বিপনীত পোৱা দৰৱ শিশুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায়। ডাক্টৰৰ পৰামৰ্শ লোৱাটো ভাল কথা কিন্তু বিভিন্ন কেমিকেল যুক্ত দৰৱ প্ৰায়ে খোৱাতো কিছু ক্ষেত্ৰত উচিত নহয়।

শিশু ৰোগ (kids diseases)

সেয়েহে আপোনালোকৰ সহায়ৰ বাবে কিছুমান ঘৰুৱা ঔষধ আগবঢ়ালোঁ

শিশুৰ গাখীৰ চণ্ডীওৱা ৰোগ

নিৰাময়:- শুকান অমৰা গুটি ৩৭৫ গ্ৰাম, ১০/১২ টা মান আখৈ, ১২৫ গ্ৰাম সৈন্ধৱ
লৱন একেলগে মৌ-জোলৰ লগত ভালদৰে মিহলি কৰিলৈ কেঁচুৱাক চেলেকাই দিব লাগে।এনে কৰিলে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

শিশু জ্বৰ মূৰত উঠিলে

নিৰাময়:- ১/ ছালকুঁৱৰী পাত এখন থেতেলিয়াই মূৰত পালোগৈ দিব লাগে।
২/ লাই জাবৰি এমুঠি খুন্দি লৈ মূৰৰ তালুত লগাই দিলে জ্বৰ শাম কাটে।

মুখেৰে লালতি ওলাই থাকিলে

নিৰাময়:- বকুল গছৰ ছালHৰ ৰখাৰ মুখ কুলকুলীয়াব দিব লাগে। কেইদিনমান এনেদৰে কৰাৰ পাছত লাহে লাহে লালতি ওলোৱা বন্ধ হব। বয়স্ক লোকেও এনেকৈ ব্যৱহাৰ কৰিলে সুফল পাব।
শিশু ৰোগ (kids diseases)

শিশুৰ শৌচ বমি

নিৰাময়:- তুলসীৰ গুটি কেইটামান খুন্দি গুৰি কৰি লৈ গাখীৰৰ লগত মিহলি কৰি খুৱালে এই ৰোগ ভাল হয়।

শিশুৱে দাঁত কামুৰিলে

নিৰাময়:- ডালিমৰ ছাল আৰু শিপাৰ ১০গ্ৰাম খাবলৈ দিব লাগে।

শিশুৰ পেট বিষ

নিৰাময়:- ১/ তুলসী পাতৰ ৰস আৰু আদাৰ ৰস সমপৰিমানৰ (১০ গ্ৰাম) মিহলি কৰি খুৱাব লাগে।
২/ শেৱালি ফুলৰ গুড়া মৌ-জোলৰ লগত মিহলি কৰি খাবলৈ দিব লাগে ।

শিশুৰ কাণ পকা

নিৰাময়:- তুলসী পাতৰ ৰস আৰু মহানিম পাতৰ ৰসত মৌ জোল মিহলি কৰি কাণত টোপ টুপকৈ কেইটোপাল মান পেলালে এই ৰোগ নাইকিয়া হৈ।
শিশু ৰোগ (kids diseases)

শিশুৰ শৌচ কলা হলে

নিৰাময়:- চিৰতা তিতা বা কালমেঘ পাতৰ (৪ খন) ৰসত কিছু পৰিমানে চেনী মিহলি কৰি খুৱালে শৌচ পুনৰ আগৰ ৰঙলৈ আহে।

শিশুৰ ভোক নালাগিল

নিৰাময়:- কেঁচা ডালিম জুইত পুৰি সামান্য চেনি মিহলি কৰি খুৱালে সহজে ভোক লাগে।

কেঁচুৱাৰ সহজে দাঁত ওলাবলৈ হলে

নিৰাময়:- ২৫০গ্ৰাম গৰুৰ গাখীৰত চফ গুটি ৫০গ্ৰাম সিজাই দিনে ৩বাৰকৈ খুৱাব লাগে।

শিশুৰ পেট ফুলা

নিৰাময়:- তুলসী পাতৰ ৰস আৰু পাণৰ ৰস ২০গ্ৰামকৈ লৈ গৰম কৰি খুৱালে শিশুৰ পেট ফুলা বা অজীৰ্ণ ৰোগ ভাল হয় ।


বিঃ দঃ এনেকুৱা আৰু বহু বন দৰৱ আছে যাৰ দ্বাৰা আপোনালোকে আপোনাৰ শিশুৰ যত্ন লব পাৰিব । আমাক যোগাযোগৰ কৰিবলৈ মেইল কৰক।