নিম্ন ৰক্ত চাপ LOW BLOOD PRESSURE
এই ৰোগ হোৱাৰ প্ৰধান কাৰণ সমূহ হল
দেহত পুষ্টিকৰ খাদ্য অভাৱ হলে নিম্ন ৰক্ত চাপ হব পাৰে। বংশগত ৰোগ বুলিও বহু চিকিৎসকে কয়। তেজৰ পৰিমাণ কম হলেও এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
নিৰাময় |
এই ৰোগ হোৱাৰ প্ৰধান লক্ষণ সমূহ হল
শৰীৰ দুৰ্বল হয়। স্বাস্থ্যৱান মানুহ এজনৰ নিয়ামিত ৰক্ত
চাপতকৈ কম হলেই নিম্ন ৰক্ত চাপ বুলি কোৱা হয়। শৰীৰ উত্তাপ কমি যায়। মোৰ ঘূৰ নি হব পাৰে।এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ ভীম কলৰ ডিল ( কলডিল) দিনে ২ বাৰকৈ একেৰাহে ২বা৩ দিন ৰান্ধি খোৱা উচিত । কলডিলৰ লগত পাৰ চৰাই মাংস ভাজি খাব পাৰিলে অতি উত্তম।
২/ পনৌনোৱা শাক দিনে ১০০ গ্ৰামকৈ কিছুদিন খালে নিম্ন ৰক্ত চাপ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
Neeramoy |
৩/ আধা লিটাৰ গাখিৰত কেইটোকোৰামান গাজৰ কাটি এটা পাত্ৰত উতলাই গৰম কৰি খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায় আৰু লৌহ জাতীয় পদাৰ্থ বৃদ্ধি হয়।
৪/ আহাৰৰ লগত দিনে দুটাকৈ কেঁচা পিয়াজ আৰু দুটা কণী কেঁচাই খাব পাৰিলে ভাল।
এই ৰোগৰ সময়ত কি কি খোৱা উচিত
গৰম ক্ৰীয়াদায়ক বস্তু বিশেষকৈ কণী, মাংস, পিয়াজ, আদি খোৱা হিং, কেঁচা ফল মূল খোৱা অতিকৈ প্ৰয়োজনীয়। তদুপৰি ৰক্ত হীনতা ৰোগত উল্লেখ কৰা পথ্য এই ৰোগত ব্যৱহাৰ কৰিব পাৰি। এই ৰসাল বস্তু খাব লাগে। খেজুৰী, বাদাম, আপেল, আঙুৰ, উপকাৰী। ভীম কলৰ পচলা ভাল, কলীয়া কচুৰ ঠুৰি জালুক দি ৰান্ধি খাব লাগে।
নিৰাময় |
এই ৰোগৰ সময়ত কি কি খোৱা অনুচিত
টান আৰু নিৰস বস্তু, বিড়ি, চিগাৰেট, খাব নালাগে। অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰা বেয়া । চিন্তা , দুখ, বেজাৰ বৰকৈ কৰাটো বেয়া।