সৰু আই ( meales)
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
এই ৰোগ সাধাৰণতে এবছৰ পৰা চাৰি বছৰৰ ভিতৰত এবাৰ হোৱা দেখা যায়। বয়সস্থ লোক ৰো এই ৰোগ হোৱা দেখা যায়।জীৱাণুৰ দ্বাৰা এই ৰোগ হয়। অপৰিষ্কাৰ হোৱা খাদ্য অমিলৰ বাবে এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি হয়।
![]() |
সৰু আই |
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
প্ৰথমতে জ্বৰ ফাঃ ১০২ পৰা ১০৪ ফাঃ পৰ্য্যন্ত হোৱা দেখা যায়। ২/৩ দিনৰ পিছত
জ্বৰ কমে আৰু সৰু সৰু ঢৌৰ দৰে ফোঁহা উঠে। গা বীজ বিজাই থকাৰ দৰে লাগে। কেইদিন মানৰ পাছত এই ফোঁহা বোৰ আপোনা আপুনি পকী ফুটি শুকাই যায়। এই সময়ত কিন্তু ৰোগী বিষত থাকিব নোৱাৰা হয়।
জ্বৰ কমে আৰু সৰু সৰু ঢৌৰ দৰে ফোঁহা উঠে। গা বীজ বিজাই থকাৰ দৰে লাগে। কেইদিন মানৰ পাছত এই ফোঁহা বোৰ আপোনা আপুনি পকী ফুটি শুকাই যায়। এই সময়ত কিন্তু ৰোগী বিষত থাকিব নোৱাৰা হয়।
এই ৰোগ নিৰাময় উপায় সমূহ হল
১/ আম লখী ৪/৫ টা মান আৰু এটুকুৰা কেঁচা হালধি খুন্দি তাৰ ৰস বাহিৰ কৰি একেলগে মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়।
২/ কেঁচা হালধি ৰস বা গুৰি গাত সানিলে গাত বীজ বিজুৱা ভাৱ নাইকিয়া হয়।
৩/ বাসক তিতাৰ পাতৰ ৰস আৰু মহা নিমৰ পাত উপকাৰী। মহা নিমৰ পাত ভাজি খুৱাব লাগে আৰু মহানিমৰ ৰসেৰে গা ধুবলৈ দিব লাগে। মহনিমৰ পাতৰ উপৰত হুবলৈ দিব লাগে।
৪/ শুকান শেৱালী ফুলৰ গুৰি কৰি মৌৰ সতে খুৱালে সৰু আইৰ ৰোগ নাইকিয়া হয় অতি সোনকালে।
![]() |
প্ৰাপ্ত বয়ষীয়া লোকৰ |
৫/ লং ৪/৫ টা মান পিচি লৈ মৌৰ সৈতে ফোঁহা হোৱা ঠাই বিলাকত প্ৰলেপ দিব লাগে এনে কৰিলে এই ৰোগ অতি সোনকালে নাইকিয়া হৈ ৰোগী জন সুস্থ হৈ উঠে।
৬/ এই ৰোগত গাখীৰ হিজা ই খুৱাব লাগে বা গাখীৰ ত তৈয়াৰ কৰা খাদ্য বস্তু।
এই সময়ত কি কি কৰা উপযোগী
লঘূ আহাৰ গ্ৰহণ কৰিব লাগে, মৌ, ভাত কেৰেলা, পুৰা কল, ভাতৰ মাৰ, আঙুৰ, সৰু মাছৰ জোল আদি সমূহ উপকাৰী।
![]() |
কেঁচুৱাৰ সৰু আই |
এই সময়ত কি কি কৰা অনুপযোগী
দৈ, যিকোনো টেঙা খাদ্য বস্তু, বেঙেনা, জলকীয়া, উৰহী, পুৰৈ শাক, কচু, নাৰিকল, মাদক দ্ৰব্য আদি সেৱন কৰা বেয়া, ধূম্ৰপান অতিকৈ বেয়া। গাত তেল লগাব নালাগে। পিন্ধা কাপোৰ কানি বোৰ পৰিস্কাৰ কৈ ৰাখিব লাগে।