পাথৰি ৰোগ (stone disease)
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
পিত্ত কোষ (gall bladder) বা পিত্ত বাহী নলী ( bile duct) ত আহাৰৰ দোষত বা যকৃতৰ কৰ্ম ক্ষমতা অভাবে পিত্তৰস ( bile) জন্মে। এনেদৰে ক্ৰমান্নয়ে পিত্ত ৰস জমা হওঁতে হওঁতে সৰু সৰু পাথৰ আকাৰত পৰিণত হয়। ইয়াকে পি ত্ত পাথৰ (gall stone) বোলে। প্ৰধানকৈ মূত্ৰাশয়, বৃক্ক আৰু পিত্তত এই পাথৰ হয়। কাম ভাৱ উত্তেজিত হোৱা অৱস্থাতে জোৰেৰে বন্ধ কৰি ৰাখিলে এই পাথৰ ৰোগ হব পাৰে। দেহত খাদ্য প্ৰাণ ' ক' বা vitamin 'A' অভাৱ হলেও এই ৰোগ হব পাৰে। দেহত পানীৰ পৰিমাণ কমি হলেও এই ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱা দেখা যায়।
![]() |
পাথৰ ৰোগ কেনেদৰে হয় |
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
পিত্ত বাহি নলীত পাথৰ প্ৰবেশ কৰাৰ লগে লগে তলপেটত অসম্ভৱ বিষ হয় আৰু
প্ৰস্ৰাৱ কৰোতে কষ্ট হয়। ৰঙা প্ৰস্ৰাৱ বাহিৰ হয়। বমি বমি ভাৱ বা বমি হয়। তদুপৰি মূৰ্চ্চা , শ্বাস প্ৰস্বাস ৰ কষ্ট , সাৰ বেমাৰ (jaundice) ৰ লক্ষণ দেখা দিয়ে। এই ৰোগ পুৰুষ মহিলা উভয়ৰে হব পাৰে। মহিলাতকৈ পুৰুষৰ এই ৰোগ বেছি হয়।
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ দুপৰীয়াৰ টেঙা বা দুপৰ টেঙা বা পাতে গজা টেঙা ৰ পাত ২১ খন খুন্দি তাৰ ৰস উলিয়াই তাত সামান্য চেনী মিশ্ৰণ কৰি ৰাতিপুৱা আৰু গধূলি এপীয়লাকৈ এনেদৰে একেৰাহে ২১ দিন খালে পাথৰ ভাঙি প্ৰস্ৰাৱ লগত বাহিৰ হৈ ওলাই আহে।
২/ অনন্ত মূল ৫০ গ্ৰাম খুন্দি গৰুৰ গাখীৰৰ লগত খালে উপকাৰ পোৱা যায় অতি সোনকালে।
৩/ অশ্বগন্ধা ৰ শিপাৰ চূৰ্ণ , গৰু ঘিওঁ আৰু মৌৰ লগত সমপৰিমাণৰ (২০ গ্ৰাম) মিহলাই খাব লাগে।
৪/ ভেঁকুৰী গছৰ শিপা ৫০ গ্ৰাম খুন্দি ঘুলৰ লগত মিহলি কৰি ৰাতিপুৱা একেৰাহে এমাহ মান খালে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।
৫/ শিলিখা ২০ টা আধা লিটাৰ গাখীৰত শিজা ই তাক ৰাতিপুৱা শুদা পেটত খালে ( একেৰাহে এক সপ্তাহ) পাথৰ ৰোগৰ পৰা নিৰাময় পাব পাৰি।
![]() |
পাথৰ |
৬/ ১ গ্ৰাম জখাৰ লগত ২ গ্ৰাম পুৰণি কোমোৰা শাহ মিহলি কৰি তাত সামান্য চেনী মিশ্ৰণ কৰি খালে পাথৰ ৰোগ ভাল হয়।
৭/ কঠনা ফুলৰ ছাল আৰু শিপা আৰু সমান পৰিমাণৰ টেঙেচি টেঙা ( ২০ গ্ৰাম ) মিহলি কৰি খালে সুফল পোৱা যায়।
৮/ গাজৰ ৰস ৪০০ গ্ৰাম দিনে তিনি বাৰকৈ এক সপ্তাহ খালে পাথৰ বাহিৰ ওলাই যায়।
৯/ নাৰিকলৰ পানী ২০০ গ্ৰাম কৈ দিনে তিনিবাৰকৈ এক সপ্তাহ খালে পাথৰ বাহিৰ ওলাই আহে।
১০/ বিশুদ্ধ জলফাই তেল (olive oil) ১০ গ্ৰাম কৈ একেৰাহে এক সপ্তাহ খালে যথেষ্ট উপকাৰ পোৱা যায়।
১১/ আপেলৰ ৰসত পানী মিশ্ৰণ কৰি খালে পাথৰ টুকুৰা টুকুৰ হৈ নিষ্কাষণ হৈ যায়।
১২/ ২ চামূচ আম লখি ৰসৰ লগত আধা গিলাছ গাখীৰ মিহলি কৰি দিনে ২ বাৰ কৈ একেৰাহে এমাহ খালে এই ৰোগৰ পৰা অতি সহজে হাত হাৰিব পাৰি।
১৩/ পিয়াজৰ ৰসত চেনী মিশ্ৰণ কৰি চৰ্বত কৰি খাব লাগে।এনে কৰিলে এই ৰোগৰ পৰা আঁতৰি আহিব পাৰি।
১৪/ মাটি মাহ ১০০ গ্ৰাম পানীত তিয়াই ৰাখি তাক মৌৰ সৈতে ৰাতিপুৱা খালে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰে।
১৫/ ৬ গ্ৰাম জেতুকা ৰস ৫০০ গ্ৰাম পানীত উতলাই ১০০ গ্ৰাম হলে গৰমে গৰমে খাব লাগে। এনেদৰে ৫ দিন মান খালে পাথৰ বাহিৰ হৈ যায়।
![]() |
পাথৰ ৰোগ |
এই ৰোগত কি কি খোৱা দৰকাৰ
কুঁহিয়াৰ ৰস, ডাব নাৰিকল ৰ পানী, বেতৰ গাজ, ছাল কুঁৱৰী ৰস ( alloy vera juice) , পুৰণি কোমো ৰা , পটল, পুৰণি চাউলৰ ভাত, ঘেঁহু, দূপৰ টেঙা পাতৰ আঞ্জা আদি খাদ্য সমূহ উপকাৰী। ছিৰতা আৰু বিশুদ্ধ ঠাণ্ডা পানী যথেষ্ট পৰিমাণে খোৱা ভাল।
এই ৰোগত কি কি খোৱা অনুপযোগী
অতি ভোজন, বিৰুপ ভোজন, অপৰিষ্কাৰ খাদ্য, টান বস্তু খোৱা অনুপযোগী। টোপনি খতি, অধিক চিন্তা, অধিক শাৰিৰীক আৰু মানসিক পৰিশ্ৰম কৰাৰ পৰা বিৰত থাকক। বিলাহী, নেমোৰ ৰস, মাছ, মাংস, খোৱা অত্যন্ত অনুপযোগী।