Friday, October 11, 2019

Skin problem ছাল সোটোৰা পৰা আৰু ছাল ফটা

ছাল সোটোৰা পৰা আৰু ছাল ফটা


গাৰ ছাল ফটা


মানুহ ছাল হল মানুহৰ দেহৰ এক আৱৰণ। ই মানৱ শৰীৰৰ আকাৰ দিয়া, বৰ্জিত পদাৰ্থ নিষ্কাশন কৰা, শীত তাপ নিয়ন্ত্ৰণ আদি সমূহৰ লগতে সৌন্দৰ্য্য বৰ্ধকৰো কাম কৰে। সেয়েহে ছালৰ যতন লোৱাটো অতিকৈ আৱশ্যক । এই ক্ষেত্ৰত নাৰী সকল হল পুৰুষৰ তুলনাত বহু সজাগ। নহবও বা কিয় ই হল নাৰীৰ সৌন্দৰ্য্যৰ এক অংশীদাৰ। বাৰু এতিয়া মূল কথালৈ আহোঁ গাৰ ছাল ফটা কাৰণ হল দেহত খাদ্যপ্ৰাণ গ ( অৰ্থাৎ ভিটামিন চি VITAMIN C ) অভাৱ হলে আৰু দীৰ্ঘদিন ধৰি ছালত তেল ব্যৱহাৰ নকৰিলে গাৰ ছাল ফাটে। গৰম দিনত কৈ ঠাণ্ডা দিনত গাৰ ছাল বেছিকৈ ফটা দেখা যায়। ইয়াৰ কাৰণ হল ঠাণ্ডা দিনত ছাল প্ৰায় শুকান হৈ থাকে। ইয়াক নিৰাময় বা প্ৰতিকাৰ কৰিবলৈ পুৰণি কালৰ পৰাই বহু বনৌষধ ব্যৱহাৰ হৈ আহিছে কোনো লোকে জানিবও পাৰে তথাপিও আমাৰ ওচৰত উপলব্ধ কিছুমান বনৌষধ আপোনালোকলৈ আগবঢ়ালোঁ।
ছাল সোটোৰা পৰা আৰু ছাল ফটা

এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল


১/ বকুল ফুলৰ গুৰা লগত মহৰ দৈ আৰু মহৰ গাখীৰৰ পৰা তৈয়াৰ কৰা মাখন
একেলগে মিহলি কৰি ডাঠ মলমৰ দৰে প্ৰস্তুত কৰিব লাগে ইয়াৰ পাছত গাৰ ছালত লাহে লাহে হানিব লাগে। এনে কৰিলে গাৰ ছাল নিমজ আৰু উজ্জ্বল হয় লগতে গাৰ ছাল ফটা নাইকিয়া হয়।
২/ গোল নেমুৰ ৰস পচিশ গ্ৰাম নিতৌ ৰাতিপুৱা খালি পেটত খোৱাৰ উপৰিও নেমু এটা দুটুকুৰাকৈ ফালি গাৰ ছালত লগাব লাগে।
৩/ কেঁচা হালধীৰ ৰস বিশ গ্ৰামকৈ খোৱাৰ উপৰিও কেঁচা হালধি খুন্দি ৰাতি হোৱাৰ আগতে ছালত লগাব লাগে। এনে কৰিলে ছালৰ ৰং উজ্জ্বল হয়।
৪/ আমলখি এই ক্ষেত্ৰত বহু উপকাৰী দিনটোত পাৰিলে দহ বা বাৰ টামান খাব লাগে। গুৰুহা যদি ফাটে তেন্তে চতীয়না গছৰ ছালৰ আঠা ফটা অংশত লগাব লাগে। এনে কৰিলে গুৰুহা ফটা বন্ধ হয়।
ছাল সোটোৰা পৰা আৰু ছাল ফটা

এই সময়ত লব লগীয়া যত্ন


টেঙা জাতীয় খাদ্য খাব লাগে। গাৰ ছাল পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু তেল ঘঁহিব লাগে। লঘোপাকি খাদ্য খোৱা উচিত। খাদ্য প্ৰাণ ক, খ, গ বা ভিটামিন A, B, C যুক্ত আহাৰ বেছিকৈ খাব লাগে।

 গাৰ ছাল সোটোৰা পৰা


এই ৰোগ সাধাৰণতে একেই খাদ্যপ্ৰাণ গ অৰ্থাৎ ভিটামিন C অভাৱ হলেই যিকোনো বয়সতে গাৰ ছাল সোটোৰা পৰিব পাৰে। গাৰ ছাল সাধাৰণতে বয়সস্থ লোকৰহে সোটোৰা পৰা দেখা যায়। দেহত পানীৰ পৰিমাণ কমিলেও গাৰ ছাল সোটোৰা পৰিব পাৰে।

ৰোগৰ লক্ষণ সমূহ হল


গাৰ ছালৰ স্বাভাৱিক ৰং নাথাকে। ছাল খন সুতুৰা সোটোৰ পৰে।
ছাল সোটোৰা পৰা আৰু ছাল ফটা

এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল


১/ কেঁচা আমলখি আঠ টা বা দহ টামান খুন্দি লৈ গা, মোৰ, হাত আৰু ভৰি আদিত ঘঁহি আমলখিৰ ৰসেৰে গা ধুলে গাৰ ছাল নিমজ হয়। এনেদৰে কিছুদিন ব্যৱহাৰ কৰিলে অকালতে চুলি পকা আৰু চুলি সৰাও কমে লগতে আয়ুস বৃদ্ধি হয়।
২/ কেঁচা হালধি খুন্দি গাত ঘঁহিব লাগে লগতে হালধীৰ ৰস বিশ গ্ৰামকৈ ৰাতিপুৱা খালে গাৰ ছাল সোটোৰা পৰা ৰোগ নাইকিয়া হয় লগতে গাৰ ছাল নিমজ হৈ আহে।
৩/ সুমথিৰা টেঙা ৰস বিশ গ্ৰামকৈ নাইবা গোল নেমুৰ ৰস বিশ গ্ৰামকৈ দৈনিক নিয়মিত ৰূপত খাব লাগে।
৪/ জেতুকা পাতৰ ৰস হানিলেও বহু খিনি উপকাৰ পোৱা যায়। ই ছাল সতেজ আৰু নিমজ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা দূৰ কৰি ৰাখে।
৫/ পকা আমৰ ৰস গাখীৰৰ লগত মিহলি কৰি সময় পালেই খাব লাগে। এনে কৰিলে ছালৰ কোষ বিলাক সুস্থ হয় আৰু ছাল সুতুৰা পৰা ৰোগ দূৰ হয়।

এই সময়ত লব লগা যত্ন সমূহ হল


আমলখি, আপেল, ৰবাব টেঙা, নেমু টেঙা, সুমথিৰা টেঙা, চকলা টেঙা, কাঁটাখুটোৰা, চজিনাৰ পাত, কেঁচা জলকীয়া, বন্ধা কবি, মূলা শাক, মধুৰী আম, বিলাহী, দৈ, মৌ আদি খাদ্য সমূহ পৰ্য্যাপ্ত পৰিমাণে খাব লাগে।

তদুপৰি সহজে হজম নোহোৱা আৰু নিৰস বস্তু খাব নালাগে। গাৰ ছালত বেছিকৈ বতাহ লাগিবলৈ দিব নালাগে। ধুম পান কৰা আৰু মাদক দ্ৰব্য অতিকৈ বেয়া। গৰম পানীৰে গা ধুব নালাগে।

বিঃ দঃ এই সমস্যা বিষয়ে অধিক জানিবলৈ আমাক মেইল বা কমেণ্ট কৰিব পাৰে। আমি ৱেবছাইটৰ মেছেজ বক্সত গৈ আমাক মেছেজও কৰিব পাৰে।আমি ততালিকে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আমি আপোনালোকৰ সহায়ৰ বাবে সদায় প্ৰস্তুত। বহু লোকে আমাক ৰোগৰ বিষয়ে প্ৰশ্ন কৰি সুফল লাভ কৰিছে।


 আমাৰ বিনম্ৰ অনুৰোধ যে আমাৰ ৱেবচাইটৰ বিষয়ে যেন আপোলোকেও অলপ প্ৰচাৰ যাতে প্ৰতিটো শ্ৰেণী লোকৰ সহায় হয়। যাতে এই সকল লোকৰো সহায় হয় যি বজাৰৰ কৃত্ৰিম ঔষধ বাবে হাজাৰ হাজাৰ টকাৰ খৰছ বহন কৰিবলৈ অসমৰ্থ।
ধন্যবাদ
Neeramoy. blogspot.com