Thursday, October 10, 2019

Gas problem বায়ুৰোগ পৰা হাত সৰাৰ বিধি সমূহ

বায়ুৰোগ (Gas problem)


এই ৰোগ হোৱাৰ কাৰণ সমূহ হল


অধিক পৰিমাণে গুৰুপাকী বস্তু খোৱা, শুকান জলকীয়া, জ্বলা আৰু মচলা যুক্ত খাদ্য, পুৰণা তেল যুক্ত খাদ্য বস্তু, বাহি ভাত খোৱা আদি বিলাক খাদ্য খোৱাৰ বাবে এই ৰোগ হব পাৰে। স্নায়ুবিক কাৰণটো, কুষ্ঠকাঠিন্য, শৌচ প্ৰসাৱৰ গতি ৰোধ কৰিলে, নিমখ আৰু গাখীৰ একেলগে খালে বায়ুৰোগ হোৱাৰ সম্ভাৱনা বেছি হয়। অত্যাধিক যিকোনো ভোজন আৰু অত্যাধিক শাৰীৰিক পৰিশ্ৰম কৰিলেও এই ৰোগ হব পাৰে। বাছ বিচাৰ নোহোৱাকৈ খুৱাবোৱাৰ ফলতো এই ৰোগ হব পাৰে। সময়ত নাখায় যদি পলমকৈ খোৱা হয় তেনে কৰণতো এই ৰোগ হয়। তামোল, চাদা, গোটখা, চিগাৰেট আৰু মাদক দ্ৰৱ্য খোৱাৰ ফলতো এই ৰোগ হোৱাৰ আশংকা বহু বেছি হয়।
বায়ুৰোগ (Gas problem)


এই ৰোগৰ লক্ষণ সমূহ হল


পেটটো উফন্দি যায়। পেটতো পিটিকি চালে তাইট যেন লাগে আৰু পেটৰ ভিতৰৰ
অংশ বেলুন যেন অনুভৱ হয়। আহাৰ খোৱাৰ পাছত পেটৰ ভিতৰত গুৰুগ গাৰাক কৰি থাকে। বমি বমি ভাব হয়। কিছু কিছু ক্ষেত্ৰত উশাহ লোৱাটো কষ্ট হয়। কোনো কোনো ক্ষেত্ৰত বুকুখন ঢপ ধপায় থাকে। পেটত বিষ হয়, শৌচ কঠিন হয়, ঘাম ওলাই আৰু কেতিয়াবা আকৌ ৰোগী মুৰ্চা যোৱাও দেখা যায়।
বায়ুৰোগ (Gas problem)

এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল


এই গেছ ৰোগৰ পৰা হাত সাৰিবলৈ বা গেছ হলে কি কি খাব লাগে আমাৰ সমাজত আগৰ সময়ৰ পৰা ব্যৱহাৰ হৈ অহা বহু বনৌষধিৰ মাজৰে পৰা কিছুমান ভাল আৰু বছা বছা ঔষধ আপোনালোকলৈ আগবঢ়ালোঁ
১/ আদা টুকুৰা সৰু সৰু কৈ কাটি নিমখৰ সৈতে আহাৰ খোৱাৰ কমেও আধা ঘণ্টা আগতে খাই গৰম পানী খাব লাগে। ই এক প্ৰমানিক ঔষধ।
২/ পেটত বায়ু জমা হোৱাৰ কাৰণে যদি ৰোগীৰ বুকু জ্বলা পুৰা কৰে অথবা মুৰ্চা যায় তেনে হলে গাজৰৰ বিশ গ্ৰাম ৰসত অলপ পৰিমাণে মৌ জোল ভালদৰে মিহলি কৰি লৈ দিনে দুবাৰকৈ খুৱাব লাগে। এনে কৰিলে ৰোগীয়ে বহু আৰাম অনুভৱ কৰে।
৩/ চাৰি বা পাঁচ চামুচ মান পদিনাৰ ৰসত দুই চামুচ মৌ জোল মিহলি কৰি পানী অলপ মিহলি কৰাৰ পাছত ৰাতি পোৱা শুদা পেটত কিছু দিন খালে বায়ু ৰোগৰ পৰা সোনকালে হাত সাৰিব পাৰি।
৪/ দুটা লং পিহি লৈ আধা কাপ পানীত উটলাই তাৰে আধা হলে ঠাণ্ডা কৰি খাব লাগে। এনেদৰে নিতৌ তিনি বাৰকৈ একেৰাহে ছয় বা সাত দিন খোৱাৰ পাছত ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিব।
৫/ পাঁচ গ্ৰাম গৰম গাখীৰত অলপ হালধিৰ ৰস ভালদৰে মিহলি কৰি খালে তৎক্ষণাত সুফল পোৱা যায়।
৬/ গৰম গাখীৰত মৌ জোল ভালদৰে মিহলি কৰি প্ৰায় খাই থাকিলে পেটত বায়ু জমা নহয়।
৭/ ত্ৰিফলা (আমলখি, শিলিখা, ভোমোৰাৰ গোড়া) পানীত মিহলাই লৈ ৰাতি হোৱাৰ আগতে খাব লাগে। এই ৰোগৰ ক্ষেত্ৰত এই বিধ ঔষধ বহু লাভজনক।
৮/ গৰম গাখীৰত এটা পিপলি দি গৰম কৰি খালে পেটৰ বায়ু সোনকালে বাহিৰ হৈ যায়।
৯/ কেঁচা মুলাৰ লগত কলা নিমখ মিহলি কৰি খালে পেটত জমা বায়ু সোনকালে বাহিৰ হয় লগত বায়ু জমা হোৱাত বাধা দিয়ে।
১০/ এক চামুচ নহৰুৰ ৰসত আধা কাপ গৰম পানী মিহলি কৰি খালে যথেষ্ট উপকাৰ পোৱা যায়।
১১/ আহাৰ খোৱাৰ পাছত গুড় দহ গ্ৰাম খাব লাগে এনে কৰিলে বায়ু ৰোগৰ প্ৰতিষেধকৰ কাম কৰে।
১২/ নাড়ীৰ চাৰিওফালে সৰিয়হৰ তেলেৰে মালিচ কৰিব লাগে। এনে কৰিলে ৰোগীয়ে বহু আৰাম পায়।
বায়ুৰোগ (Gas problem)

১৩/ বিশ গ্ৰাম কেঁচা চফ গুটি পিহি তাক মিচিৰিৰ সৈতে খালে বায়ুৰোগ ভাল হয়।
১৪/ খোৱা সিং এটুকুৰা পানীত গৰম কৰি সেই পানী খালে পেটৰ বায়ু নাশ হয়।
১৫/ পাঁচ বা ছয় টামান শিলিখা ভাজি আহাৰৰ লগত খাব লাগে। আহাৰ খোৱাৰ আগে নতুবা পিছে শিলিখা চোবাই খাব পাৰিলে যথেষ্ট উপকাৰী।

এই ৰোগত কি কি খোৱা উপযোগী


এই ৰোগত সাধাৰণতে বাছি খুৱাটোৱেই প্ৰধান প্ৰতিষেধক। কিছুমান খাদ্য বস্তু এই ৰোগ হোৱাৰ সময়ত খালে যথেষ্ট উপকাৰ পোৱা যায়। তাৰে একোখন তালিকা প্ৰস্তুত কৰি তলত উল্লেখ কৰা হল
মধুৰী আম, কালমেঘ, চজিনা ফুল, ভীমকলৰ পচলা, পাণ, জিলমিল শাক, কেঁচাই খোৱা আলু বা মিঠা আলু, মানিমুনি, তিতা কেৰেলা, পিয়াঁজ, কোমোৰা, ধুণ্ডুলি, গৰুৰ দৈ, পাৰৰ মাংস, মিছামাছ, গৰৈ মাছ, ইলিছ মাছ, কুকুৰা মাংস, মেথি গুটি, তেজপাত, সৰিয়হৰ তেল, তিল, অপৰাজিতা ফুল, আদি বহু উপকাৰী। আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগতে এক কাপ গৰম পানী খাব লাগে।

এই ৰোগত কি কি খোৱাটো অপকাৰী

 গেছ হলে কি কি খাব নালাগে বা এই ৰোগত কিছুমান খাদ্য বাছি খোৱাটো শৰীৰৰ পক্ষে বহু লাভ জনক। পৰাপক্ষত এই বিলাক খাদ্যৰ পৰা বিৰত থকাই ভাল। তেনে কিছুমান খাদ্য বস্তুৰ একোখন তালিকা প্ৰস্তুত কৰি তলত উল্লেখ কৰা হল
উলকবি, বন্ধকবি, বাদাম, কচু, কঁঠালৰ গুটি, খেচাৰি দাইল, বুট, মগু, গুমধান, পকা বেল, চিনি পুঠী, টেঙা, চীনা বাদাম, চেঙা মাছ, আৰি মাছ, উৰোহী, মচুৰ দাইল, আদি সমূহ খোৱা অনুপযোগী। ঘিউ বা ইয়াৰে বনুৱা বস্তু, জলকীয়া, মাদক দ্ৰব্য খোৱা নিষেধ। ৰাতি উজাগৰে থাকিব নালাগে।

বিঃ দঃ এই সমস্যা বিষয়ে অধিক জানিবলৈ আমাক মেইল বা কমেণ্ট কৰিব পাৰে। আমি ৱেবছাইটৰ মেছেজ বক্সত গৈ আমাক মেছেজও কৰিব পাৰে।আমি ততালিকে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আমি আপোনালোকৰ সহায়ৰ বাবে সদায় প্ৰস্তুত। বহু লোকে আমাক ৰোগৰ বিষয়ে প্ৰশ্ন কৰি সুফল লাভ কৰিছে।


 আমাৰ বিনম্ৰ অনুৰোধ যে আমাৰ ৱেবচাইটৰ বিষয়ে যেন আপোলোকেও অলপ প্ৰচাৰ যাতে প্ৰতিটো শ্ৰেণী লোকৰ সহায় হয়। যাতে এই সকল লোকৰো সহায় হয় যি বজাৰৰ কৃত্ৰিম ঔষধ বাবে হাজাৰ হাজাৰ টকাৰ খৰছ বহন কৰিবলৈ অসমৰ্থ।
ধন্যবাদ
Neeramoy. blogspot.com