মধুমেহ বা বহুমূত্ৰ (DIABETES)
এই ৰোগক সাধাৰণতে ইংৰাজীত "ডায়েবেটিছ ইনচিপিদাছ" আৰু আয়ুৰ্বেদিক বা বনৌষধিত " সোমৰোগ" বুলি কোৱা হয়।
এই হোৱাৰ কাৰণ সমূহ হল
অতিৰিক্ত চিন্তা, গভীৰ শোকৰ, বিষাক্ত মেদ, অত্যধিক মাত্ৰা চেনী, শ্বেত প্ৰদ আদি বিভিন্ন কাৰণত শৰীৰৰ জলীয় পদাৰ্থ দূষিত আৰু স্থান চ্যুত হৈ মূত্ৰাশয়ত জমা হয় আৰু প্ৰসাৱ হিচাপে বাহিৰ হয়। প্ৰসাৱ ত চেনীৰ পৰিমাণ বৃদ্ধি হলেও এই ৰোগ হব পাৰে। বংশগত কাৰণতো এই ৰোগ হোৱাৰ সম্ভাৱনা প্ৰকত হয়।
![]() |
মধুমেহ |
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
এই ৰোগ সাধাৰণতে বয়োজেষ্ঠ লোকৰ হয় যদিও কম বয়সতো হোৱাৰ সম্ভাৱনা আছে। এই ৰোগৰ প্ৰধান লক্ষণ সমূহ হল ঘনাই ঘোনাই পিয়াহ লাগে। প্ৰস্ৰাৱ
বেছিকৈ হয়। শৰীৰৰ ওজন কমি আহে লাহে লাহে। অলপ কাম কৰিলেই ভাগৰ ভাগৰ অনুভৱ হয়। হাত ভৰি জিন জিনাই থাকে। কেতিয়াবা পেটৰ বিষ হয় আকৌ কেতিয়াবা বমি হব পাৰে। শৰীৰ শুকাই খিনাই যায়।
বেছিকৈ হয়। শৰীৰৰ ওজন কমি আহে লাহে লাহে। অলপ কাম কৰিলেই ভাগৰ ভাগৰ অনুভৱ হয়। হাত ভৰি জিন জিনাই থাকে। কেতিয়াবা পেটৰ বিষ হয় আকৌ কেতিয়াবা বমি হব পাৰে। শৰীৰ শুকাই খিনাই যায়।
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ কলা জামুক গছৰ ছালৰ ৰস ১০ গ্ৰাম নিয়মীয়াকৈ ১৫/ ২০ দিন খালেই এই ৰোগৰ পৰা আঁতৰত থাকিব পাৰি।
২/ এই ৰোগত পীয়াহ লাগিলে ঠাণ্ডা পানীত নেমুৰ ৰস মিহলি কৰি খাব লাগে। আহাৰ খোৱাৰ পাছত নেমূৰ ৰস খালে এই ৰোগ দুৰতে ৰাখিব পাৰি।
৩/ দিনে দুই তিনি টা মান আপেল খাব লাগে।
৪/ ৩১০ গ্ৰাম গাজৰ ৰস আৰু ১৮৫ গ্ৰাম পালেং ৰস মিহলি কৰি খালে এই ৰোগ নিৰাময় কৰিব পৰা যায়।
৫/ কেঁচা মাটি মাহ এবাতি গাখিৰত তিয়াই ৰাখি (৫০গ্ৰাম) ৰাতিপুৱা কিছুদিন খালে এই ৰোগীয়ে আৰোগ্য লাভ কৰিব পাৰে।
৬/ এই ৰোগত বাৰে বাৰে প্ৰস্ৰাৱ হলে আৰু পীয়া হ লাগিলে ৮ গ্ৰাম হালধি পিসী পানীৰ লগত মিহলি কৰি তাত আধা চমুচ মৌ মিহলি কৰি খালে প্ৰস্ৰাৱ দুৰ হয় লগতে পিয়া হ কমি আহে।
৭/ কেঁচা শিমলু শিপা গুৰি কৰি মৌৰ হতে খালে (১৫/ ২০ দিন) এই ৰোগ পৰা বহু পৰিমাণে আঁতৰি থাকিব পাৰি।
৮/ ১০/ ১২ টা মান আমল খি ৰ ৰস মৌৰ হৈতে খালে এই ৰোগৰ পৰা আঁতৰি থাকিব পৰা যায়।
![]() |
মধুমেহ |
৯/ সমপৰিমাণৰ (৫০ গ্ৰাম) আম আৰু জামুৰ ৰস মিহলি কৰি খালে এই ৰোগ আঁতৰ হয়।
১০/ ৪/৫ বিলাহী কেঁচাই খাব পাৰিলে ভাল ফল পোৱা যায়।
১১/ অশোক গছৰ শুকান ফল ৪/৫ টা ব্যৱহাৰ কৰিব লাগে।
১২/ এমুঠি তেঙেচি টেঙা চেনী বা মিছিৰি নিদিয়াকৈ পাতত দি খাব পাৰিলে ভাল ফল পাব।
১৩/ তৰোৱা কদমৰ আঠা ২গ্ৰাম ব্যৱহাৰ কৰিব পৰা যায়।
১৪/ ছাল কোমোৰা ৰসৰ লগত জায় ফল চুৰ্ণ মিহলি কৰি নিয়মী়াভাৱে ১০/ ১৫ দিন খালে সুফল পোৱা যায়।
১৫/ তাল গছৰ কেঁচা শিপা, খেজুৰৰ শিপা, পকা কল গাখীৰৰ হতে ৰাতিপুৱা সময়ত খালে এই ৰোগ নিবাৰীত হয়।
১৬/ মানিমুনি ৰস দৈনিক ৰাতিপুৱা ৮ গ্ৰমকৈ কেইদিন মান খালে এই ৰোগ পৰা হাত সাৰিব পাৰি।
১৭/ আটলাছ ফলৰ ছাল পানীত তিয়াই সেই পানী সদাই ৰাতিপুৱা খাব লাগে।
১৮/ ত্ৰিফলা মৌৰ সতে খাব লাগে। ই হল অতিকৈ উপকাৰী।
১৯/ দিনে ২/৩ টাকৈ চালগুম খোৱাটো খুব উপকাৰী । অমলখি ৩/৪ টাকৈ খুৱাতো বহু উপকাৰী।
২০/ তিতা কেৰেলা ৩ টাকৈ ভালদৰে খুন্দি তাৰ ৰস খাব লাগে। এনেদৰে এক সপ্তাহ মান খোৱাৰ পাছত ৰোগী সুস্থ হৈ উঠা দেখা যায়। ইয়াৰ পাত ও সম উপকাৰী।
২১/ মদাৰ গছৰ শিপাৰ ৰস ২৫ গ্ৰাম খালে এই ৰোগ আঁতৰ হয়।
২২/ আমৈ লতাৰ (বা হগুনী লতা ) ৰসত মৌ জোল মিহলি কৰি খালে যথেষ্ট সুফল পোৱা যায়।
২৩/ পকা জাহাজী কল, মৌ জোল ২০ গ্ৰাম, কুঁহিয়াৰ ৰস ১০ গ্ৰাম আৰু আমলখী ৰস (কেঁচা) ২০ গ্ৰাম মিহলি কৰি একেৰাহে ৭/৮ দিন খালে এই ৰোগ নিৰ্বাপিত হয়।
২৪/ ৰহৰ ডাইলৰ পাতৰ ৰস ৫০ গ্ৰাম দিনে ২ বাৰ ১০ দিন মান খাব লাগে।
![]() |
ভাগৰ লগা |
২৫/ দৈনিক ৩ খনকৈ নয়নতৰা পাত কেঁচাই খাব লাগে।
এই ৰোগৰ সময়ত কি কি খোৱা দৰকাৰ
নেমু ৰ ৰস, কলদিল, বিলাহী, কলাজামুক, অমিতা, ফুলকবি, কমলা টেঙা, নাচ পতি, বন্ধাকবি, তেঙেছি টেঙা, তৰোৱা, কদম ৰ বাকলি ৰ ৰস, মহানিম পাত আৰু বাকলিৰ ৰস, সৰিয়হ শাক, তিয় হ, ধনী য়া, বেত গাজ, পালেং শাক, পিয়ালী পালেং, আদি সমূহক ব্যৱহাৰ কৰক। মেথি শাক আৰু মেথী অতি উপযোগী।
এই ৰোগত কি কি খোৱা অনুপযোগী
চেনী, গুৰ, কুঁহিয়াৰ, নতুন চাউলৰ ভাত, ঘিঁউ, মাছ, ময়দা, মিঠা জাতীয় সামগ্ৰী খোৱাৰ পৰা বিৰত থাকক। ৰঙা লাও, দৈ, কচু, আলু, আদি অতি অপকাৰী । আঙুৰ, কিছমিছ, চৰবত পেকেট জাতীয়, কল খোৱা ভুল নকৰিব।