Wednesday, October 9, 2019

VOMITING বমি পৰা পৰিত্ৰাণ কেনেদৰে পাব

বমি (VOMITING)

বমি হল আমি খোৱা খাদ্য বস্তুবোৰ জীৰ্ণ হৈ ক্ষুদ্ৰান্তুৰ ভিতৰলৈ নগৈ পুনৰ মুখেদি উভতি ওলাই আহে। বমি সাধাৰণতে উপসৰ্গহে।

বমি হোৱাৰ কাৰণ সমূহ হল


বাচ বিচাৰ নোহোৱাকৈ খোৱা বোৱা কৰিলে, অধিক খাদ্য খালে, পেটত কৃমি হলে, কফ হলে, খোৱা বস্তুৰ প্ৰতি ঘৃণা ভাব থাকিলে, হজমি শক্তি কমি গলে, বিষাক্ত বা অপকাৰী পদাৰ্থ পেটৰ ভিতৰলৈ গলে, পাকস্থলীত ঘাঁ হলে, কৰ্কট ৰোগ , পিত্তত পাথৰ হলে, যকৃতৰ (liver) দুখত, পেটৰ বিষ হলে, গৰ্ভ ধাৰণৰ সময়ত, ক্ষয় ৰোগ, স্নায়ুবিক বিকাৰ, হাইজা হলে, হৰ্নিয়া, মুৰ্চা যোৱা ৰোগ থাকিলে, আদিৰ কাৰণে বমি হোৱা ৰোগ হব পাৰে । অধিক মাদক দ্ৰব্য সেৱন কৰাৰ বাবেও বমি হয়। টোপনি ক্ষতি কৰিলে আৰু পেটত চুলি সোমালে বমি হব পাৰে।
বমি (VOMITING)

এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল


মুখেদি লালতি ওলাই, উকালি আহে, উগাৰ আহে, কণ্ঠনলী পুৰে, হাইজা ৰোগত
বমি হলে তীব্ৰ পিয়াহ লাগে, শৰীৰ দুৰ্বল হৈ যায়, নাড়ী ক্ষীণ হোৱা যেন অনুভৱ হয়, অস্বস্তি অনুভৱ হয়, বমি হোৱাৰ ফলত মোৰ কামোৰণী আৰম্ভ হয়।
বমি (VOMITING)

এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল


এই ৰোগ সাধাৰণ যেন অনুভৱ হলেও কিছু কিছু ক্ষেত্ৰত ই মাথোঁ এক প্ৰকাৰৰ আন ৰোগৰ আগ জাননীহে । বমি হোৱা বন্ধ কৰাৰ বাবে আমাৰ সমাজত পৌৰাণিক বহু বনৌষধি উপলব্ধ তাৰে কিছুমান বছা বছা আৰু প্ৰমানিক ঔষধ আপোনালোকলৈ আগবঢ়ালোঁ।
১/ যিকোনো কাৰণতে বমি হলে দুবৰি বনৰ ৰস পচিশ গ্ৰাম সৈতে অলপ প্ৰায় দুটুপাল চূনৰ পানী সৈতে ভালদৰে মিহলি কৰি এক চামুচকৈ তিনি বা চাৰি বাৰকৈ খালে বমি বন্ধ হয়।
২/ আমলখি ৰসৰ লগত চেনি ভালদৰে মিহলি কৰি লৈ খালে বমি সোনকালে বন্ধ হয়।
৩/ আঁহত গছৰ ছালৰ খাৰ প্ৰস্তুত কৰি খালে বা ব্যৱহাৰ কৰিলে বমি বোধ হোৱা দেখা যায়।
৪/ বমি বন্ধ কৰিবৰ বাবে শিলিখা গুড়ি লগত মৌ জোল মিহলি কৰি খাব লাগে। দুয়োটাৰ পৰিমাণ মিহলি কৰাৰ পাছত এক চামুচ হব লাগে।
৫/ ভেঁকুৰি তিতা পচিশ গ্ৰাম ৰস উলিয়াই তাৰ লগত আদা এডোখৰ থেতেলীয়াই তাতে ৰস হানি লৈ বমি হোৱা যেন ভাব হলেই খাব লাগে।
৬/ দুই বা তিনি টামান নিমৰ গুটি ৰস উলিয়াই মৌ জোলৰ সৈতে মিহলাই খালে বমি হোৱা বন্ধ হয়।
৭/ এক চামুচ মৰাণ আদা ৰস আৰু পিয়াঁজৰ ৰস মিহলি কৰি খালে বমি সোনকালে বন্ধ হয়।
বমি (VOMITING)

৮/ গাজৰৰ এক চামুচ ৰসত অলপ মৌ জোল মিহলি কৰি দিনে দুবাৰ বা তিনিবাৰকৈ খালে তেজ বমি বন্ধ হয়।
৯/ ধনীয়া পিহি লৈ তাৰ ৰস পানীৰ সৈতে মিহলি কৰি পাতল কৰি লৈ খালে গৰ্ভধাৰণৰ বাবে হোৱা বমি বন্ধ হয়।
১০/ পদিনাৰ ৰসত নেমুৰ ৰস মিহলি কৰি খালে সোনকালে ভোক লাগে আৰু এই ঔষধে বমি হোৱাও বন্ধ কৰে।
১১/ লং পিহি বা তুলসী ৰস মৌ জোলৰ লগত মিহলি কৰি খালে অতি লাভদায়ক আৰু বমি সোনকালে বন্ধ হয়।
১২/ ডেৰশ মিঃ লিঃ লিটাৰ পানীত পঞ্চাশ গ্ৰাম মহানিমৰ পাত উটলাই সেই পানী খালে প্ৰায় সকলো প্ৰকাৰৰ বমি বন্ধ হয়।
১৩/ গুলঞ্চৰ ৰস মৌ জোলৰ সৈতে মিহলি কৰি খাব লাগে। এনে কৰিলে সকলো প্ৰকাৰৰ বমি বন্ধ হয় যায়।

এই সময়ত কি কি খোৱা উপযোগী


বমি বহু কাৰণত হব পাৰে ইয়াক ৰোধিবলৈ আমি উল্লেখ কৰা বনৌষধি সৈতে কিছুমান খাদ্য খালে ইয়াৰ সুফল অতি সোনকালে পোৱা যায় সেয়েহে তাৰে কিছুমান খোৱা খাদ্যৰ একোখন তালিকা প্ৰস্তুত কৰি তলত উল্লেখ কৰা হল
ডাব নাৰিকলৰ পানী, আদা, ভেঁকুৰি তিতা, ভেঁকুৰি শিপাৰ ৰস, টুবুকি লতাৰ ৰস, পদিনা, তেজপাত, জলকীয়া, লং, কাজিনেমু, ৰহৰ দাইল, জিৰা, চেনি, শিলিখা, আমলখি, উলকবি, কুঁহিয়াৰ, গুড়, সুমথিৰা টেঙা, ডাঙৰ ইলাচী আদি খাদ্য সমূহ এই সময়ত বহু উপকাৰী হয়।

এই সময়ত কি কি খোৱা অনুপযোগী


বমি হোৱাৰ ক্ষেত্ৰত পাৰিলে কিছুমান খাদ্যৰ পৰা আঁতৰি থাকিব লাগে তেনে কৰিলে সোনকালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।সেয়েহে তাৰে কিছুমান খাদ্যৰ এখন তালিকা প্ৰস্তুত কৰি তলত উল্লেখ কৰা হল
যিকোনো বিজলুৱা খাদ্য বস্তু খাব নালাগে। অত্যধিক ভোজন কৰিব নালাগে।অত্যাধিক মদ্যপানৰ পৰা বিৰত থাকিব লাগে, টোপনি ক্ষতি কৰাটো এই সময়ত বেয়া, লেতেৰা বা পুৰণা তেলত ভজা পুৰা কৰা বস্তু খোৱাটো অতিকৈ বেয়া। এই সমূহ খাদ্যৰ পৰা আঁতৰি থাকিলে অতি সোনকালে সুফল পাব পাৰি।


বিঃ দঃ এই সমস্যা বিষয়ে অধিক জানিবলৈ আমাক মেইল বা কমেণ্ট কৰিব পাৰে। আমি ৱেবছাইটৰ মেছেজ বক্সত গৈ আমাক মেছেজও কৰিব পাৰে।আমি ততালিকে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আমি আপোনালোকৰ সহায়ৰ বাবে সদায় প্ৰস্তুত। বহু লোকে আমাক ৰোগৰ বিষয়ে প্ৰশ্ন কৰি সুফল লাভ কৰিছে।


 আমাৰ বিনম্ৰ অনুৰোধ যে আমাৰ ৱেবচাইটৰ বিষয়ে যেন আপোলোকেও অলপ প্ৰচাৰ যাতে প্ৰতিটো শ্ৰেণী লোকৰ সহায় হয়। যাতে এই সকল লোকৰো সহায় হয় যি বজাৰৰ কৃত্ৰিম ঔষধ বাবে হাজাৰ হাজাৰ টকাৰ খৰছ বহন কৰিবলৈ অসমৰ্থ।
ধন্যবাদ
Neeramoy. blogspot.com