Saturday, October 5, 2019

HEADACHE মুৰ কামোৰণী হলে কি কৰিব

মুৰ কামোৰণী (HEADACHE)


মুৰ হল মানুহৰ মূল অংগ।ইয়াৰ দ্বাৰাই শৰীৰ প্ৰতিটো অংগ পৰিচালিত হয়।ইয়াৰ ৰোগ মানে হল প্ৰায় শৰীৰৰ আধা অংশ কৰ্ম ক্ৰুটি আৰম্ভ হোৱা।সেয়েহে মুৰৰ যতন সকলোতকৈ আগত । সাধাৰণতকৈ সাধাৰণ ৰোগতো অংগ বিশেষ যতন লোৱা দৰকাৰ।
মুৰ কামোৰণী (HEADACHE)

এই ৰোগ হোৱাৰ কাৰণ হল

বিভিন্ন শৰীৰৰ ৰোগৰ কাৰণে নতুবা খোৱা বোৱা খেলিমেলি অথবা শৌচ আৰু প্ৰসাৱ অনিয়মীয়া হোৱাৰ বাবেও এই ৰোগৰ আৰম্ভ হয়। স্নায়ু দুৰ্বল হলে বা মূৰত
আঘাত পালে আৰু গভীৰ চিন্তা আদিৰ বাবেও মুৰ কামোৰণী বা মুৰ বিষ হব পাৰে। শব্দ প্ৰদূষনো এই ৰোগ হোৱাৰ এক স্বাভাৱিক কাৰণ।
সেয়েহে অতি সুলস্থুলীয়া ঠাইত থাকিলে সঘনাই এই ৰোগে আক্ৰমণ কৰে।
তদুপৰি ৰক্তচাপ কম বা বেছি হলেও এই ৰোগে আক্ৰমণ কৰিব পাৰে।
মুৰ কামোৰণী (HEADACHE)

এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল

মুৰ বিষ হয়, কপালৰ দুই কাষত মুৰত খুচি থাকে। খং উঠে ঘপককৈ মন ভাল নালাগে। অলপ কথাতেই গালি পাৰিব আৰম্ভ কৰে। খিং খিংগিয়া স্বভাৱৰ হয় যায়। শৰীৰ অবশ আৰু ভাগৰ ভাগৰ অনুভৱ হয়। আৰু কেতিয়াবা আকৌ জ্বৰ হোৱাও পৰিলক্ষিত হয়।এনে ৰোগ নিৰাময়ৰ বহু বনৌষধি আমাৰ ওচৰত আছে তাৰে কিছুমান আপোনালোকলৈ আগবঢ়ালোঁ।

এই মূৰ বিষ নিৰাময়ৰ উপায় সমূহ হল

১/ বকুল গছৰ শুকান ফুল নাকেৰে শুঙিব লাগে । যিমান পাৰি সিমানেই ভিতৰলৈ উশাহ তো টানিব লাগে। আৰু এটুকুৰা ঠাণ্ডা ঠাইত এনে কাৰ্য্য কৰিব লাগে । এনে কৰিলে ততালিকে মুৰৰ বিষ দূৰ হব।
২/ বকুলৰ গুটি পিহি নাকেৰে শুঙিলেও মুৰ বিষৰ পৰা হাত সাৰিব বা নাইকিয়া কৰিব পাৰি।
৩/ দুৰুণৰ গছৰ পাত ছয় / সাত খিলা মান ভালদৰে পিহি লৈ তাৰ ৰস নাকেদি দুই / তিনি টোপাল দিব লাগে। অলপ পুৰে যদিও শৈয্য কৰিব লাগিব। এনে কৰিলে মুৰ বিষৰ পৰা ততালিকে আৰাম পাব।
৪/ এৰা গছৰ শিপা থেতেলীয়াই ঘোলা বনাই লৈ মূৰত প্ৰলেপ দিব লাগে । ই মুৰ বিষ দুৰ কৰাৰ লগতে আপোনাক বহুত আৰাম অনুভৱ কৰাব।
৫/ অঠিয়া কলডিল জালুকৰ সৈতে ভাতৰ লগত খালে মুৰ কামোৰণী অতি সোনকালে নাইকিয়া হয়।
৬/ শুৱৰ সময়ত গাৰোৰ তলত পচতিয়া পাত ৰাখি শুলে মুৰৰ বিষ ভাল হয়। পচতিয়াৰ পাত ৰদত শুকুৱাই তাক হাতেৰে মোহাৰি নাকেৰে শুঙিলেও মুৰৰ বিষ নাইকিয়া হয়।
মুৰ কামোৰণী (HEADACHE)

৭/ বকুল ফুলৰ পাত আৰু ফুল মোহাৰি নাকেৰে শুঙিলেও মুৰৰ বিষ আৰু নাক সোপা মাৰি ধৰা ৰোগ সোনকালে ভাল হয়।
৮/ তিনি/চাৰি টামান লং পিহি মুৰত প্ৰলেপ দিলে মুৰ কামোৰণী ভাল হয়। নতুবা পাঁচ টামান লং পিহি এক কাপ পানীত গৰম গৰম কৰি আধা কাপ হলে তাকে খাব লাগে। এনেদৰে ৰাতিপুৱা আৰু গধূলি একেৰাহে চাৰি বা পাঁচ দিনমান খালে এই ৰোগ সমূলি নাইকিয়া হব।
৯/ কেঁচা হালধীৰ গুড়ি নতুবা কেঁচা হালধীৰ জুইত পুৰি ধোঁৱা শুঙিব লাগে।এনেদৰে এই ৰোগৰ পৰা অতৰিব পৰা যায়।
১০/ পুৰৈ শাক পাতৰ বিজল কপালত হানিব লাগে।এনে কৰিলে ঠাণ্ডা ঠাণ্ডা অনুভৱ হয় আৰু মূৰৰ বিষ দূৰ হয়।
১১/ মহা ভৃঙ্গৰাজ পাতৰ ৰস নাকেৰে শুঙিব লাগে আৰু পাত খুন্দি লৈ মুৰত প্ৰলেপ দিব লাগে।
১২/ ছাল কুঁৱৰীৰ পাত পাত খুন্দি লৈ একোটা ডাঠ ঘোলা বনাব লাগে ।তাৰ পিছত সেই ঘোলা মুৰত প্ৰলেপ দিব লাগে। এনে কৰিলে তৎক্ষণাত মুৰৰ বিষ নাইকিয়া হৈ যায়।

এই ৰোগত কি কি খোৱাৰ আৱশ্যক

পদিনা,মাটি কান্দোৰি, দূৰণ, চজিনা, মানিমুনি, কতাহী, বেঙেনা, জেতুকা পাতৰ ৰস, গাখীৰ আদি যথেষ্ট পৰিমানে লাভ জনক।

এই ৰোগত কি কি খোৱা অনাৱশ্যকীয়

গৰম ক্ৰিয়া দায়ক খাদ্য, বিড়ি, চিগাৰেট, চাদা, মাদক দ্ৰব্য, ভাং, তামোল খোৱা আদি সমূহ বৰ্জন কৰিব লাগিব। অতি পাত ৰদত চলা ফুৰা কৰা বৰ্জন কৰিব লাগিব। অতি সুলস্থুলীয়া পৰিবেশৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়। কেঁচা পিয়াঁজ খোৱাৰ পৰা বিৰত থাকক। অধিক চিন্তা আৰু অধিক পৰিশ্ৰম কৰিব নালাগে।

বিঃদঃ  এই ৰোগৰ বিষয়ে অধিক জানিবলৈ আৰু বিতং ভাবে ঔষধৰ বিষয়ে জানিবলৈ আমাক মেছেজ বা কমেণ্ট কৰিব পাৰে। আমি আপোনালোকক সহায়ৰ ভাবে সদায়ে প্ৰস্তুত। আপোনালোকৰ প্ৰশ্নৰ উত্তৰ ক্ষীপ্ৰতাৰে দিয়াটো আমাৰ কৰ্তব্য।