কুষ্ঠকাঠিন্য (CONSTIPATION)
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
অধিক গৰম আৰু মচলা যুক্ত অহাৰ খোৱাৰ বাবে বা তদুপৰি অনিয়মিত ভোজন, পানী কমকৈ খোৱা, চাহ, কফি, উগ্ৰ মাদক দ্ৰব্য সেৱন কৰা, অজীৰ্ণ বস্তু খোৱা, উপবাস কেইবা দিনো থকা, শাৰীৰিক পৰিশ্ৰম একেবাৰে নকৰা, মানসিক চিন্তা অধিক হোৱা, শৌচ ৰোধ কৰিবলৈ চেষ্টা কৰা আদি বিলাকেই হল এই ৰোগ হোৱাৰ মুখ্য কাৰণ।এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
এই ৰোগৰ পৰাই শৰীৰত বিভিন্ন ৰোগ উৎপন্ন হয়। শৌচ সহজে নহয় বহু কষ্টকৰিব লগত পৰে। শৌচ কঠিন হয়, গুহ্যদ্বাৰত শৌচ লাগি ধৰে, পেটৰ বিষ হয়, ভোক কম কৈ লাগে, অৰুচি অৰুচি ভাব হয়, টোপনি কমি আহে, বুকুৰ বিষ অনুভৱ হবলৈ ধৰে, জ্বৰ হোৱা আদি লক্ষণ সমূহে দেখা দিবলৈ আৰম্ভ কৰে । শৌচ অতি টান হোৱাৰ কাৰণে গুহ্যদ্বাৰত অনেক সময় ফাটি যোৱা দেখা যায়। পাছলৈ শৌচ কৰোঁতে বহু অসুবিধা সন্মুখীন হবলৈ বাধ্য হয়।
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
এই ৰোগৰ বাবে আমাৰ সমাজৰ বহু পৌৰাণিক ঔষধি আমাৰ হাতত উপলব্ধ । যি নেকি আজিৰ সময় প্ৰায়ে লুপ্ত হৈ গৈছে। তাৰে কিছুমান প্ৰমানিক আৰু ভাল বছা বছা বনৌষধি আপোনালোকৰ সুবিধাৰ্থে আগবঢ়ালোঁ।১/ বাষষ্ঠী (৬২,62) গ্ৰাম তিল সামান্য পৰিমাণৰ গুড়ৰ সৈতে মিহলি কৰি খালে এই ৰোগৰ পৰা বহু খিনি হাত সাৰিব পাৰি।
২/ তিলৰ বাকলি এৰুৱাই সমান পৰিমাণৰ মাখন আৰু মিচিৰি বিশ গ্ৰাম মান মিহলি কৰি ৰাতি পুৱাই খালে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
৩/ তিল, চাউল আৰু মচুৰ দাইল খিচিৰি বনাই খাব লাগে। এনে কৰিলে শৰীৰত শক্তি আহে আৰু এই ৰোগৰ ক্ষেত্ৰত বহু আৰাম পাব।
৪/ ৰাতিপুৱা শুদা পেটত আৰু ৰাতি হোৱাৰ আগতে এগিলাচ গৰম পানীত এটা কাজি নেমু ৰস চেপি খাব পাৰিলে।ৰোগীয়ে যথেষ্ট আৰাম অনুভৱ কৰিব।
৫/ এটা কেঁচা অমিতা তৰকাৰী কৰি দিনে দুবাৰকৈ খাব লাগে। পকা অমিতা খালেও কুষ্ঠকাঠিন্য দূৰ হয়।
৬/ সৰু লৰা ছোৱালীৰ কুষ্ঠকাঠিন্য ৰোগ হলে পাণৰ ঠাৰিত অলপ মিঠা তেল হানি গুহ্যদ্বাৰত লগাব লাগে।এইবিধ বনৌষধ বহু চৰ্চিত আজিৰ দিনতো।
৭/ ত্ৰিফলা পোন্ধৰ গ্ৰাম পানীত গুলী ৰাতি পোৱা আৰু ৰাতি শুৱাৰ আগত খালে এই ৰোগ পৰা সোনকালে আৰোগ্য হব পাৰি।
৮/ এড়ী তেল গৰম পানী বা গৰম গাখীৰৰ লগত মিহলি কৰি খালেও এই ৰোগ ভাল হয়। এড়ী তেলৰ পৰিমাণ হল পচিশ গ্ৰাম।
৯/ শিলিখাৰ গোড়া আৰু গো মূত্ৰ লগত নিয়মিত গুহ্যদ্বাৰত ব্যৱহাৰ কৰিব লাগে।
১০/ সৰিয়হৰ তেল গৰম কৰি পুনৰ ঠাণ্ডা কৰি লৈ সেই তেলেৰে পেট ভালকৈ মালিচ কৰিব লাগে।
১১/ কেহেৰু পাতৰ ৰস দহ গ্ৰাম মানত অলপ পৰিমানে চেনি মিহলাই খাব লাগে। এনে কৰিলে এই ৰোগৰ পৰা অতি সোনকালে আৰোগ্য হব পাৰি।
১২/ সোণাৰু গছৰ পুৰঠ গুটি (কলা বৰণৰ হলে অত্যাধিক ভাল ) দহ বা পোন্ধৰ টা মান চোবাই খাব পাৰিলে , এই ৰোগ সমূলি নাইকিয়া হব।
এই ৰোগত কি কি খোৱা উপযোগী
এই ৰোগৰ ক্ষেত্ৰত কিছুমান খাদ্য বস্তু খোৱাটো বহু লাভজনক আৰু এই খাদ্য বিলাকে সোনকালে এই ৰোগৰ পৰা হাত সৰাত বহু পৰিমানে সহায় কৰে। তেনে কিছুমান খাদ্য বস্তুৰ একোখন তালিকা প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়ালোঁ।মেথি গুটি, দোৰোন বন, জিলমিল শাক, পকা বেল, নহৰু, নিম গছৰ পাত, মান কচু, হালধি, চিৰতা, পুৰণি পকা থেকেৰা নতুবা পুৰণি শুকান থেকেৰা, তেঁতেলী, মূলা, পালেং শাক, মগু মাহ, জামুক, পকা পকা ফল মূল, পিয়াঁজ, অমিতা আদি বিলাক খাদ্য এই ৰোগ নিৰাময় ক্ষেত্ৰত বহু সহায় কৰা উপৰিঞ্চি আপোনাক সুস্বাস্থ্যকৰ কৰি ৰখাত বিশেষ ৰূপে সহায় আগবঢ়ায়।
এই ৰোগত কি কি খোৱা অনুপযোগী
এই ৰোগৰ সময়ত কিছুমান খাদ্য বস্তুৰ পৰা আঁতৰি থাকিলে বহু সোনকালে উপৰোক্ত বনৌষদৰ লাভ পাব। এই খাদ্য বস্তু সমূহ এখন তালিকা প্ৰস্তুত কৰি আপোনালোকৰ সুবিধাৰ্থে আগবঢ়ালোঁ।টান বস্তু সমূহ বিশেষ কৈ টকৌ, মধুৰী আম, আম, তামোল, নাৰিকল, গোটখা, আৰু সহজে হজম নোহোৱা বস্তু, চাহ কফি, মাদক দ্ৰব্য, ঘিউ, মচলা, জলকীয়া আদি বিলাক খাদ্য এই ৰোগৰ ক্ষেত্ৰত অনুপযোগী। এই সময়ত টোপনি ক্ষতি কৰিব নালাগে।