ঘামচি (prickly heat)
এই ৰোগ হোৱাৰ কাৰণ
ছাল খহটা হলেই এই ৰোগ হোৱা দেখা যায়। সাধাৰণতে গৰমকালি হে এই ৰোগ হোৱা পৰিলক্ষিত হয়। ছাল অপৰিষ্কাৰ বা বহু সময়ত ঘম বা ঘামি থাকিলে এই ৰোগ হয়।
এই ৰোগৰ লক্ষণসমূহ হল
ছালত সৰু সৰু গুটি উঠে । ফুটাই দিলে পানী ওলাই। ছাল অনবৰতে খোজুৱাই
থাকে।গৰম বেছি হলে বেছিকৈ খজুৱাই। এই ৰোগৰ কোনো বয়সৰ সীমা নাথাকে।
থাকে।গৰম বেছি হলে বেছিকৈ খজুৱাই। এই ৰোগৰ কোনো বয়সৰ সীমা নাথাকে।
এই ৰোগ নিৰাময়ৰ উপায়
১/ হেলেচি শাক পিহি গাত ঘহিব লাগে। এনে কৰিলে অতি সহজে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।
২/ ২৫০ গ্ৰাম কেঁচা হালধি খুন্দি দুবৰি বনৰ ৰসৰ লগত মিশ্ৰণ কৰি ঘামোচি নাইকিয়া হয়।
৩/ ৪/৫ খন মান তেজপাট পিহী ঘামচী হোৱা ঠাইত সানিব লাগে।এনে কৰিলে ৰোগীয়ে বহু আৰাম অনুভৱ কৰে।
৪/ গুলনেমু পাঁচ টা ফালি ঘমূচি হোৱা ঠাইত কিছু সময় প্ৰলেপ দি পিছত পানীৰে ধুই পেলালে যথেষ্ট উপকাৰ পোৱা যায়।
৫/ ৰঙা চন্দনৰ গুৰা ঘমোচি হোৱা ঠাইত কিছু সময় প্ৰলেপ দি পিছত পানীৰে ধুই পেলালে যথেষ্ট উপকাৰ পোৱা যায়।
৬/ মহা নিমৰ পাত হিজাই সেই পানী ঠাণ্ডা কৰি গা ধুলে ঘামছি নাইকিয়া হয়।
এই ৰোগত লব লগা সাৱধানতা সমূহ হল
শৰীৰ ছাল খন সদায় পৰিষ্কাৰ কৈ ৰাখিব লাগে।ঘাম ওলালে তৎক্ষণাৎ পৰিষ্কাৰ পানীৰে ধুই বা পৰিষ্কাৰ কাপোৰেৰে মূহাৰিব লাগে। দিনে তিনি লিটাৰ মানকৈ ঠাণ্ডা পানী খোৱা অতিকৈ উপযোগী। বেছি জ্বলা পোৰা খাদ্য বস্তু খোৱা পৰা বিৰত থাকক।
এই ৰোগৰ সময়ত কি কি নকৰিব
বিৰি, চিগাৰেট, ধপাত আদি খাব নালাগে। শৰীৰ ছালৰ ওপৰত বতাহ সোমাব নোৱাৰা লেপেত খোৱা কাপোৰ পিন্ধিবলৈ নালাগে। আৰু একেজোৰ কামোৰ বহু সময় ধৰি পিন্ধিবলৈ নালাগে। এই সময়ত অপৰিষ্কাৰ হাত ব্যৱহাৰ কৰি খজুৱাবো নালাগে।