Sunday, October 6, 2019

apesia/dyspepsia অজীৰ্ণ ৰোগ কেনেদৰে দূৰ কৰিব

অজীৰ্ণ (apesia/dyspepsia)

এই ৰোগ হোৱাৰ কাৰণ সমূহ হল

অধিক আৰু অনিয়মিয়াকৈ খাদ্য খালে , অতিপাত মছলা , চাহ, কফি, গধূৰ খাদ্য খোৱাৰ ফলত এই অজিৰ্ণ ৰোগ হয়। আহাৰ আদি খৰ ধৰকৈ খোৱাৰ বাবেও এই ৰোগ হব পাৰে। তদুপৰি মানসিক উত্তেজনা, অত্যধিক চিন্তা, শো ক, অপমান আদিৰ দৰে কাৰণতো এই ৰোগ হব পাৰে।
অজীৰ্ণ (apesia/dyspepsia)

এই ৰোগৰ লক্ষণ সমূহ হল

ভুল নালাগে, পেট ফুলি উঠে, উগৰ আহে, কাম বন বা চিন্তা চৰ্চা কৰিবলৈ মন
নাযায়। টোপনি কম হয় আৰু ৰক্তহিনতাই দেখা দিয়ে। বমি হব পাৰে।

এই ৰোগ নিৰাময় উপায় সমূহ হল

১/ শিলিখা, পিপলী আৰু সৈন্ধব নিমখ ১৫ গ্ৰাম কৈ মিহলি কৰি দিনে ২ বাৰ কৈ খালে এই ৰোগ নিৰাময় হয়।
২/ ৰাতি আহাৰ খোৱাৰ আগত বা পাছত আদাৰ ৰস , নেমো ৰস আৰু সৈন্ধৱ নিমখ মিহলি কৰি খালে ও এই ৰোগৰ পৰা হাত সাৰিব পাৰি।
৩/ দুৰোন শাক তৰকাৰী কৰি বা পাতত দি নাইবা তাৰ ৰস ১০ গ্ৰাম খালে এই ৰোগ দুৰ হয়।
৪/ ৭ গ্ৰাম শুকান ধনীয়া , ২৫ গ্ৰাম জালুক আৰু ২৫ গ্ৰাম নিমখ ভালদৰে পিছি আধা চা মুছ কৈ ৰাতি আহাৰ খোৱা পাছত খাব লাগে।
৫/ আমলখী ৰস ৪ চামুস, মাটি কঠালৰ ৰস ৪ চামুস আৰু ২ চামুচ মৌ মিহলি কৰি ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পাছত খালে এই ৰোগ আঁতৰ হয়।
৬/ তুলসী পাত সৈতে জালুক ৩/৪ টা চুবালে বদ হজম ভাল হয়।
৭/ এটা পিয়াজ কাটি তাত নেমুও ৰস চেপি আহাৰ লগত খালে এই ৰোগ আঁতৰ হয়।
৮/ এক গিলা চ পানীত ১০ গ্ৰাম চফগুতি আৰু ৫ গ্ৰাম পুৰণি আম লখী ৰস এক ৰাতি ৰাখি পিছদিনা ৰাতিপুৱা ভালদৰে চেকী তাত কলা নিমখ মিহলাই খালে এই ৰোগ আঁতৰ হয়।
অজীৰ্ণ (apesia/dyspepsia)

৯/ আহাৰ খোৱা পাছত অলপ সময় ৰৈ কফি খালে এই ৰোগৰ পৰা কিছু হাত সাৰিব পাৰি।
১০/ মৰাণ আদা ৰসৰ লগত আম লখী ৰত ৰস মিহলি কৰি একেৰাহে দহ দিন মান খালে এই ৰোগ আঁতৰ হয়।

কোনো বিশেষ খাদ্য বস্তুৰ পৰা যদি আজিৰ্ণ  ৰোগ হয় তেন্তে তলত দিয়া বনৌষধি ব্যৱহাৰ কৰিব পাৰে

১/ভাত খাই আজিৰ্ণ হলে কলা নিমখ খাব লাগে।
২/ মাছ মাংস আৰু তেলজাতিয় খাদ্য খাই এই ৰোগ হলে কাজী নিমু ৰস এক গিলচ্ পানীত চাৰি ভাগৰ এক ভাগ পানীৰ সৈতে মিহলি কৰি খাব লাগে।
৩/ মিঠা বা মিঠাই জাতীয় খাদ্য খাই এই ৰোগ হলে ঠাণ্ডা পানীৰ লগত অলপ নিমখ মিছ কৰি খাব লগে।
৪/ পিঠা বা ঘিও বনোৱা খাদ্য বস্তুৰ পৰা হলে গৰম পানীৰ লগত নেমো মিহলি কৰি খাব লাগে।
৫/ গাখীৰ খাই এই ৰোগ হলে নহৰু খাব লাগে কেচাকৈ।
৬/জামোক বা মটৰ খাই হলে শিলিখা খাব লাগে।
৭/ আম খাই এই ৰোগ হলে গাখীৰ গৰম কৰি খাব লাগে।
৮/ ও ল কবি খাই এই ৰোগ হলে গুৰ খোৱা দৰকাৰ।
৯/ জ্বলা খাই এই ৰোগ হলে তেল খোৱা দৰকাৰ।
১০/ আফিং খাই আজীৰ্ণ হলে গাখীৰ খোৱা উপযোগী।
১১/ নাৰিকল খাই আজির্ণ হলে চাউল চোবাই খাব লাগে।
১২/  কল খাই আজিৰ্ন হলে নিমখ নাইবা ঘিউ খাব লাগে।
১৩/ বেল খাই এই ৰোগ হলে মহানিমৰ গুটি খাব লাগে।
১৪/ যিকোনো শাক খাই এই ৰোগ হলে সৰিয়হ গুৰি কৰি খোৱা উপকাৰী।
১৫/ কো মোৰা বা কুঁহিয়াৰ খাই এই ৰোগ হলে আদা চোবাই খোৱা উপযোগী।
১৬/ ঘিউ খাই এই ৰোগ হলে জামি ৰ টেঙা খোৱা টো উপযোগী।
১৭/ খিছিৰি খাই এই ৰোগ হলে সৈন্ধব নিমখ খাব লাগে।
১৮/ পায়স খাই এই ৰোগ হলে দাইল ৰ ৰস খাব লাগে। 
১৯/ হুমথিৰা খাই এই ৰোগ হলে গুৰ খাব লাগে। 
২০/ মদ খাই আজিৰ্ন হলে তেতেলী টেঙা বা কুজি থেকে ৰাৰ ৰস খাব লাগে।
২১/ কেৰেলা খাই এই ৰোগ হলে নে মু ৰস খাব লাগে।
অজীৰ্ণ (apesia/dyspepsia)

এই ৰোগত কি কি খোৱা দৰকাৰ

দুৰোণ, মৰাণ আদা, নহৰু, শিলিখা, পুৰাকল, মানিমুনি, পুৰণি কলৰ খাৰ, জিলমিল, ভেডাই লতা ৰস, বেল, নৰসিংহ ৰ পাত, নেমূ ৰস, কলমেঘৰ পাত ৰস বহু উপকাৰী।

এই ৰোগত কি কি খোৱা অনুপযোগী

চাহ, সহজে হজম নোহোৱা বস্তু, দাইল, আলু, ঘীউ, তেল, মাছ, মাংস আৰু বেছিকৈ পানী খোৱা বেয়া।

বিঃ দঃ এই ৰোগৰ বিষয়ে আৰু অধিক জানিবলৈ আমাক ইমেইল বা মেচেজ কৰিব পাৰে। আপোনাৰ প্ৰতিটো প্ৰশ্নৰ প্ৰতি আমি সদায় সচেতন।