হেকেটী (HICCOUGH)
পেটৰ আৰু বুকুৰ মাজত থকা মাংসপেশী (diaphragm) হঠাৎ কেতিয়াবা সংকোচন হয়। তেতিয়া ভিতৰত থকা বায়ু চাপ অনিয়মীয়া হৈ কেতিয়াবা উশাহ নলীদ্বাৰ ( glottis) বন্ধ হয়। ভিতৰত বায়ুখিনি বন্ধ দ্বাৰত লাগি বাহিৰ উলোৱাকে হেকেতি বোলে। এই হেকেঁটি কেইমিনিত মান থাকে যদিও কেতিয়াবা কেইবাদিন আনকি বহু বছৰ ধৰি হেকেটিয়োৱা লোকো আছে। আমেৰিকাৰ যুৱক "জেক আলোৰীয়ে" ১৯৪৮ চনৰ ১৩ জানুৱাৰী তাৰিখে কিবা খাওঁতে হঠাৎ হেঁকেটি আৰম্ভ হল আৰু বন্ধ হয় ১৯৫৬ চনৰ ১ জানুৱাৰী তাৰিখে। এই আঠ বছৰত তেখেতে হেকেতিয়াই মুঠ এক কোটি ছয় নিযুত বাৰ। গতিকে হেকেতী ৰোগ নহয় বুলি অৱহেলা কৰিব নালাগে।
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
সাধাৰণতে যকৃৎ , পাকস্থলীৰ ৰোগী সকলৰ হেঁকেতী হয়। তদুপৰি স্নায় বিক দুৰ্বলতা , ৰক্ত শূণ্যতা, অধিক মানসিক পৰিশ্ৰম, যক্ষ্মা, পেটচলা, আজিৰ্নো, মাদক
দ্ৰব্য সেৱন, ইনফ্লুৱেঞ্জা, ইউৰেমিয়া, বিষম জ্বৰ, হাই ফাই ইত্যাদিৰ কাৰণেও হেকে টি হব পাৰে। কোনো নাখাবলগীয়া ঔষধ খোৱাৰ ফলতো হেকে টি হব পাৰে।
এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল
১/ ডালিম ফলৰ ছাল ১০ গ্ৰাম মিহিকৈ খুন্দি এক চা মুচ চেনী মিহলাই খালে হেকে টি বন্ধ হয়।
২/ খুব মিহি মিহিকৈ আদা এটুকুৰা চক লিয়াই খালে সকলো প্ৰকাৰৰ হেকেটি বন্ধ হোৱা দেখা যায়।
৩/ পীপলি চোৰ্ণ মৌৰ লগত মিহলি কৰি লৈ কেইদিনমান খালে অতি সহজে দীৰ্ঘদনীয়া হেকে টি বন্ধ হোৱা দেখা যায়।
৪/ হালধি গোৰা চিলিমত লৈ তাৰ ধোৱা টানিলে হেকে টি বন্ধ হোৱা পৰিলক্ষিত হয়।
৫/ পিয়াজ ৰস ২ চামোচত এক চামোচ মৌ মিহলাই খালে ভাল।
৬/ পদিনাৰ পাত পীচি মিচিৰি সৈতে খালে হেকে টি বন্ধ হয়।
এই ৰোগ হোৱা সময়ত কি কি খোৱা দৰকাৰ
ডাব নাৰিকল ৰ পানী, চেঁচা পানী, সৰু ইলাছি, মৌ জোল, মূলাৰ পাত, মিচিৰী , আম, কুঁহিয়াৰ ৰস, ঘিউ, আদাৰ ৰস ইত্যাদি খোৱাতো উপযোগী।
এই ৰোগত কি কি খোৱা অনুপযোগী
হেকেটি আহি থকা অৱস্থাত পানী আৰু অন্যান্য খাদ্য বা ঔষধ খাওতে অতি সাৱধানেৰে লাহে লাহে খাব লাগে যাতে চৰ চৰণি নহয় বা উশাহ নলী দ্বাৰ বন্ধ হৈ নাযায়।
পেট কামোৰণি ( Abdominal Gripes)
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
অত্যধিক ভোজন, ঘণাই ঘনা ই যিকোনো বস্তু খোৱা, অতিপাত গৰম আৰু চেঁচা বস্তু খোৱা, অজীৰ্ন, দীৰ্ঘদিন ধৰি কৌষ্ঠ বদ্ধতা, ঋতু পৰিবৰ্তন বাবে, চাহ ,কফি, মাদক দ্ৰব্য আদি অধিক খালে এই ৰোগ হয়।
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
পেট চিকুত মাৰি ধৰে। পেট বিষাই, পেট ফুলে। শৌচ হোৱা সময়ত বিষ কম হয় আকৌ কেতিয়াবা শৌচ হোৱা পাছত বিষ বেছি হয়।
এই ৰোগ নিৰাময় উপায় সমূহ হল
১/ পীয়াজৰ ৰসৰ লগত ৫০ গ্ৰাম অলপ চেনী মিহলি কৰি খালে পেট কামোৰণি নাইকিয়া হয়।
২/ নহৰুৰ ২০ গ্ৰাম ৰস উলিয়াই অকণমান নিমখ মিহলি কৰি খালে পেট কামোৰণি ভাল হয়।
৩/ ১০ গ্ৰাম মূলাৰ ৰসত নিমখ মিহলি কৰি মিচিৰী সৈতে খাব লাগে।
৪/ পদিনা, মূলা আৰু অলপ চেনী মিশ্ৰণ কৰি খালে পেটৰ বিষৰ জটিলতা একেবাৰে নাইকিয়া হয়।
৫/ চফগুটি আৰু কলা নিমখ পিছ কৰি লৈ গৰম পানীৰ সতে খাব লাগে।
৬/ ৫০ গ্ৰাম নৰসিংহ পাতৰ ৰস উলিয়াই অলপ পানী মিশ্ৰণ কৰি খালে পেট কামোৰণি ভাল হয়।
৭/ ৩/৪ বছৰীয়া পুৰণি কুঁহিয়াৰ ৰস ১০০ গ্রমকৈ দিনে ২ বৰকৈ খালে যথেষ্ট উপকাৰ হয়।
৮/ দুই চামোচ কৈ আদাৰ ৰস আৰু মৌ জুল মিহলি কৰি অলপ গৰম পানীৰ লগত খালে সুফল পোৱা যায়।
৯/ তিনি গ্ৰামকৈ পদিন, হিং, জীৰা, জালুক, নিমখ একেলগে পিচি খালে পেট কামোৰণি নাইকিয়া হয়।
১০/ পিৰালি কুঁৱৰী বা নয়নতৰা কেইখিলামান পাত ১০০ গ্ৰাম পানীত হিজায় ছাগলী গাখীৰৰ লগত খালে এই ৰোগ ভাল হয়।
১১/ মচুনদৰি এক মুঠি ৫/৬ ফুটা নহৰু খাব লাগে।
এই ৰোগত কি কি খোৱা দৰকাৰ
মহা নিম, থেকেৰা, শিলিখা, কুঁহিয়াৰ ৰস, চিৰতা তিতা, মগুৰ দাইল, গৰম পানী, নেমূ ৰস ইত্যাদি খোৱা অতিকৈ উপযোগী।
এই ৰোগত কি কি খোৱা অনুপযোগী
গুৰু খাদ্য বস্তু, চাহ, কফি, মদ, মটৰ মাহ, কেঁচা বস্তু, বাঁহী বস্তু খোৱা অতিকৈ অনুপযোগী।