Friday, April 10, 2020

backache or back pain কঁকালৰ বিষ আৰু RHEUMATISM বাত বিষ দুৰ কৰাৰ উপায় সমূহ

কঁকালৰ বিষ ( backache or back pain)


এই ৰোগ হোৱাৰ কাৰণ সমূহ হল

বাত ৰোগ, শৌচ খোলোচা নোহোৱা, মহিলা সকলৰ ঋতুস্ৰাৱ অনিয়মীয়া হোৱা, প্ৰস্ৰাৱৰ দোষত এই ৰোগ হব পাৰে।
কঁকালৰ বিষ ( backache or back pain) আৰু বাত বিষ (RHEUMATISM)
কঁকালৰ বিষ

এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল

ৰাজ হাড় দালৰ কঁকালৰ ওচৰৰ অংশত বিষ হয়। বিষ ত কেতিয়াবা জ্বৰ উঠে।

এই ৰোগ নিৰাময় উপায় সমূহ হল

১/ কেঁচা আলুগুটি ২ টা পিচি কঁকালত (১২/১৫ মিনিট) ৰাখিলে যথেষ্ট আৰাম পোৱা যায়।

২/ নহৰু এটা খুন্দি বিষ হোৱা ঠাইত ১০ মিনিট মান সময় লগালে বিষ কোষ নাইকিয়া হয়।
৩/ এক লিটাৰ গাখীৰৰ লগত এৰি গুটি পি চি তাক তিনিবাৰকৈ কেইদিমান খালে কঁকালৰ বিষ নাইকিয়া হয়।
৪/ মাটি মাহ ২০ গ্ৰাম পি চি বিষ হোৱা ঠাইত মালিছ কৰিব লাগে।
৫/ জাই ফল এটা পানীত তিয়াই তাক পি চি তাতে অলপ তিল তেল মিহলি কৰি গৰম কৰিব লাগে। সেই মিশ্ৰণ খিনি বিষ হোৱা ঠাইত মালি চ কৰিলে কঁকালৰ বিষ নাইকিয়া হয়।
৬/ প্ৰস্ৰাৱৰ দোষত কঁকালৰ বিষ হলে ৮/১০ খন দোপৰ টেঙা পাত খুন্দি তাৰ ৰস দিনে ২ বাৰকৈ একেৰাহে কেইদিনমান খালেই বিষ ভাল হয়।
৭/ শুকান আদা , পচতীয়া পাত ক্কথ, নহৰু ৪/৫ ফোটা খুন্দি এৰি তেল অলপ দি মালিচ কৰিলে বিষ ভাল হয়।
৮/ বচ বনৰ তেলেৰে মালিচ কৰিব লাগে।
কঁকালৰ বিষ ( backache or back pain) আৰু বাত বিষ (RHEUMATISM)
কঁকাল বিষ

এই ৰোগত কি কি খোৱা উপকাৰী

কেঁচা অমিতা , মৌ, শেৱালী ফুল, খলিহা মাছ উপকাৰী। বালি ১০০ গ্ৰাম কাপোৰ এডোখৰত বান্ধি তাক জুইত সেকি বিষ হোৱাৰ ঠাইত লগালে বিষ কমে। ভেদাই লতা এই ক্ষেত্ৰত বহু উপকাৰী। কেলচিয়াম যুক্ত আহাৰ খাব লাগে।

এই ৰোগত কি কি খোৱা অনুপযোগী

মাটি কঁঠাল, বিড়ি, চিগাৰেট খোৱা অতিকৈ অনুপযোগী।


বাত বিষ (RHEUMATISM)


এই ৰোগ হোৱাৰ কাৰণ সমূহ হল

ই বংশগত ৰোগ বুলি বহু চিকিৎসকে কব খোজে। দেহত ইউৰিক এচিদ জমা হলে এই ৰোগ হব পাৰে। নিয়মীয়াকৈ পৰিশ্ৰম নকৰা লোকৰ এই ৰোগ হোৱা দেখা যায়। সাধাৰণতে পুৰুষতকৈ তিৰোতাৰ বাত বিষ বেছিকৈ হোৱা দেখা যায়। ৪০ বছৰৰ পাছত এই ৰোগ সাধাৰণতে হোৱা দেখা যায়।

এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল

আঙুলি গাঁঠি বোৰ উখ হি পৰে গাঁঠিয়ে গাঁঠিয়ে বিষ হয়। হাত কোচোৱা মেলাত অসুবিধা হয়। পিছত ভৰিৰ গাঁঠি বোৰ উখহে আৰু বিষ হয়।

এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল

১/ নহৰু এটা থেতেলিয়ায় মখনৰ সৈতে খালে এই ৰোগ হুনকলে নিৰাময় হয়।
২/ গাঁঠি বিষ হলে তিনিটা কেৰেলা থেটেলিয়াই ৰসেৰে মালি চ কৰিব লাগে।
৩/ কেঁচা হালধি ৰ ৰস দিনে ১০ গ্ৰাম কৰি খালে বাত বিষ ভাল হয়।
৪/ ভেদা ই লতাৰ ৰস বাত বিষৰ কাৰণে খুব উপকাৰী। বহু দিনীয়া পুৰণি বাত বিষ ভেদাই লতা ৰ ৰসে ভাল কৰা দেখা গৈছে। এই ক্ষেত্ৰত ভেদাই লতা ৰ তৰকাৰী খাব লাগে।
৫/ এৰা গছৰ সকলো অংশই বাত বিষৰ উত্তম বন দৰৱ। বাত বিষত এৰা গছৰ তেলেৰে মালি চ কৰিব লাগে।
৬/ বাত বিষ ত ফুলি উঠিলে কপাহৰ পাত খুন্দি উখহা ঠাইত প্ৰলেপ দি কিছু সময় ৰাখিব লাগে।
কঁকালৰ বিষ ( backache or back pain) আৰু বাত বিষ (RHEUMATISM)
বাত বিষ

৭/ সিজু পাত থেতেলীয়াই এৰি তেল বা অন্য যিকোনো তেলৰ লগত মিহলাই প্ৰলেপ দিলে বাত বিষ বা ইয়াৰ ফলত হোৱা অন্যান্য ৰোগ আৰোগ্য হয়।
৮/ কতাহী বেঙেনা ৰ ঠাৰিৰ লগত জালুকৰ গোৰা মিহলাই খালে বাত বিষ নাইকিয়া হয়। পাত খুন্দি প্ৰলেপ দিলেও এই ৰোগত বহু উপকাৰ হয়।
৯/ চ জীনা গছৰ ছালৰ গোৰা ৫ গ্ৰাম ব্যৱহাৰ কৰিলে বাত বিষ ৰোগ ভাল হয় আৰু ইয়াৰ গুটিৰ পৰা তৈয়াৰ কৰা তেলে ৰে মালি চ কৰিলে পুৰণি বাত বিষ ভাল হয়।
১০/ বাত বিষ কাৰণে কপৌ ফুল উত্তম মহৌষধ।
১১/ ও লকচু দিনে একোটাকৈ খালে পুৰণি বাত বিষ ৰোগ ভাল হোৱা দেখা যায়।
১২/ হাড় জোৰা ৱা লতা ৰ ওপৰৰ ছাল এৰুৱাই বাকী মাংস ল অংশ ৰদত শুকুৱাই গুৰি কৰি তাত যি কোনো দাইল বাতি তিল তেলৰ লগত ভাজি কেইদিনমান খালেই সকলো প্ৰকাৰৰ বিষ নাইকিয়া হয়।
১৩/ হওঁতাল ৰস ২৫ গ্রামকৈ দিনে ২ বাৰ খাব লাগে।
১৪/ নহৰু, শুকান আদা, পচতীয়া পাতৰ ক্কাথ কৰি এড়ি তেলৰ লগত ব্যবহাৰ কৰিলে বাত বিষ ভাল হয়।
১৫/ প্ৰতি দিনে তিনি সাজকৈ ও লকচু খাব লাগে।
১৬/ চাউলৰ পৰা তৈয়াৰ কৰা পনীয়া ৩০০ গ্ৰাম , কুঁহিয়াৰ সৈতে খাব লাগে।
১৭/ বচ্ তেলেৰে মলিচ কৰিব লাগে।

এই ৰোগত কি কি খোৱা উপকাৰী

চ জিণা, জিলমিল, খুতোৰা, নৰসিংহ পাত, অমিতা আঠা, থেকেৰা টেঙা, শেৱালী ফুল, আদা, জালুক, পীপলী, মৌ, হালধি, মহা নিমৰ পাত, নিম্ পাত, অৰ্জুন গছৰ ছালৰ ৰস, হিঙা পাত অতি উপকাৰী। অমৰা ছালৰ ৰস উপকাৰী। নহৰু পি চি সৰিয়হৰ তেলৰ সৈতে মা লিচ কৰিব লাগে।

এই ৰোগত কি কি খোৱা অনুপযোগী

খেচাৰি দাইল, উৰোহি, কেৰেলা, শুকান মাছ, গাগল মাছ, কেহা বস্তু খোৱা অনুপযোগী।

বিঃদঃ এই ৰোগৰ আৰু বিশেষ জানিবলৈ আমাক মেইল নতুবা কমেণ্ট কৰিব পাৰে।আমি এই ৱেবছাইটৰ জৰিয়তে যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ আমি চেষ্টা কৰোঁ । আমি আপোলোকৰ মাইল বা কমেণ্ট সদায় নিৰীক্ষণ কৰোঁ।আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰৰ বাবে সদায় সজাগ।