প্ৰসৱ ৰোগ ( PARTURITION DISEASE)
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
প্ৰসৱৰ সময়ত জৰায়ুৰ সংকোচন হোৱাৰ ফলত এই ৰোগ হয়।
এই ৰোগৰ লক্ষণ সমূহ হল
প্ৰসৱৰ সময়ত জৰায়ু সংকোচন হলে তল পেটত বিষ অনুভৱ হয়। শৰীৰ দুৰ্বল হৈ যায়। বমি বমি ভাৱ হয়, কেতিয়াবা ৰক্ত স্ৰাব হৈ ৰোগী একেবাৰে দুৰ্বল হৈ পৰে আৰু প্রসৱ হওঁতে কষ্ট হয়।
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ টোবুকি লতা ১০০ গ্ৰাম শিপা পানীত তিয়াই ভালদৰে ধুই খুন্দি তাক যোনিত কিছু সময় প্ৰলেপ দি ৰাখিলে প্ৰসব বেদনা কমে আৰু শীঘ্ৰে প্ৰসৱ হয়।
২/ তিতা ফুলৰ শিপা ( বাসক তিতা বুলিও কোৱা হয় ) খুন্দি নাঢ়িত প্ৰলেপ দিলে কোনো কষ্ট নোহোৱাকৈ প্ৰসৱ হয়।
৩/ প্ৰসৱৰ সময়ত বমি ভাৱ হলে চিৰ তা চূৰ্ণ ১০০ গ্ৰাম লগত মৌ বা মিচিৰী মিহলি কৰি খালে বমি ভাৱ দুৰ হয়।
৪/ সোনকালে প্ৰসব হবৰ কাৰণে মেজাঠি, ৰঙা মৰিছাৰ শিপা আৰু ছাল কুঁৱৰী আগ প্ৰায় ২০০ গ্ৰাম লৈ খুন্দি তামোলৰ লগত খাব লাগে।
৫/ প্ৰসৱ হোৱাৰ পাছত প্ৰায় ৫০ গ্ৰাম কেঁচা হালধি ৰস খাব পাৰিলে ভাল। এনেদৰে দুগ্ধ বৃদ্ধি হয় আৰু সন্তান প্ৰসৱ হোৱাৰ পাছত যিকোনো বেদনা ভাল হবলৈ ধৰে।
৬/ ২ টা লং পি চি মৌৰ সৈতে খালে বমি হোৱা বন্ধ হবলৈ ধৰে।
৭/ প্ৰসূতি ৰ সময়ত মেথি গুটি যিকোনো আহাৰৰ লগত খালে ভুল লাগে। শৌচ পৰিষ্কাৰ হয় আৰু গৰ্ভাশয় সুস্থ আৰু ভাল হৈ থাকে।
৮/ অমিতা ৰ আঠা গৰ্ভৱতী মহিলাৰ যোনীৰ বাহিৰত লগালে সোনকালে গৰ্ভ স্ৰাৱ হয়।
৯/ প্রসৱ বেদনা হলে বেল পাতৰ ৰস ২৫ গ্ৰাম দিনে ২ বাৰকৈ খোৱালে বিষ অতি সোনকালে নাইকিয়া হয়।
১০/ প্ৰসৱ সময়ত ৰক্ত শ্ৰাব হলে আমলষী ( কেঁচা) ঠেতেলিয়াই যোনী ত লগাব লাগে। বিচল্য কৰণিৰ পাতৰ ৰস খাব লাগে।
১১/ কলীয়া তুলসীৰ, বেলৰ পাত, মুঠা বন একেলগে খুন্দি সেই ৰস কুহুমিয়া তপত কৰি বা কুহুমিয়া গৰম কৰি ৫০ গ্ৰামকৈ খালে প্ৰসূতি নাঢ়ি সহজে শুকাই।
১২/ নুফুলা বেলৰ শিপা গৰ্ভৱতী নাৰীৰ কঁকালত বান্ধি থলে কোনো কষ্ট নোহোৱাকৈ প্ৰসৱ হয়।
১৩/ কষ্ট নোহোৱাকৈ সহজে প্ৰসৱ হবলৈ বগা অপৰাজিতাৰ ঘাই শিপা ৪ আঙুল কঁকালত বান্ধি থব লাগে।
এই সময়ত কি কি খোৱা উপকাৰী
বিলাহী খোৱা উপযোগী, লঘূ আহাৰ খাব লাগে । ৰোগী মূৰ্চা গলে আদাৰ ৰস হুঙাব লাগে। খাদ্য প্ৰাণ ' ই ' বা vitamin 'E' যুক্ত আহাৰ খোৱা অতিকৈ উপকাৰী।
এই সময়ত কি কি খোৱা অনুপযোগী
প্ৰসৱ সময়ত অমিতা খোৱা অতিকৈ বেয়া, শিলিখা, মাটি কঁঠাল বা অনাৰস, কঁঠাল, বিড়ী, চিগাৰেট, চাহ, মদ, কফি, মাংস অত্যধিক, উত্তেজক খাদ্য বস্তু, আৰু গধূৰ খাদ্য খোৱা অতিকৈ অনুপযোগী।