Nervous debility or nervousness স্নায়বিক দুৰ্বলতা
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
আমাৰ শৰীৰ বা দেহত বিভিন্ন অঙ্গ প্ৰত্যঙ্গ সমূহ কিছুমান অতি সূক্ষ্ম আৰু এক প্ৰকাৰৰ পদাৰ্থ পূৰ্ণ নলী থাকে । এই নলী সমূহ বগা সূতাৰ আঁহৰ দৰে দেখা পোৱা যায়। এই নলিকা সমূহকে স্নায়ু বুলি কোৱা হয়। এই স্নায়ু বিলাকে আমাৰ দেহৰ বিভিন্ন অঙ্গ প্ৰত্যঙ্গ পৰা মগজুলৈ ( যি স্নায়ু তন্ত্ৰৰ দ্বাৰা গঠিত হয় ) আৰু মগজুৰ পৰা বিভিন্ন অঙ্গ প্ৰত্যঙ্গ লৈ বাৰ্তা বহন কৰাৰ দায়িত্ব কৰে। এই স্নায়ু বিভিন্ন কাৰণত
অনেক বহু কাৰণ বশত অনেক সময়ত দুৰ্বল হৈ পৰা দেখা যায়। যি কোনো
কাৰণতেই স্নায়ু দুৰ্বল হলে হুচাৰো ৰূপে কাম পৰিচালনা কৰাত বাধা জন্মে। স্নায়ু বিলাক দুৰ্বল হৈ পৰে কাৰণে হাত ভৰি বিলাক জিন জিনি ওৱাৰ দৰে অনুভৱ হয়। কেতিয়াবা কেতিয়াবা আকৌ বিষ অনুভৱ হয়। কেতিযাবা আকৌ হাত ভৰি বিলাক একেবাৰে অকামিলা হৈ পৰে, জ্বৰ অনুভৱ হয়। শৰীৰ দুৰ্বল হৈ পৰে। মোৰ ঘূৰণী আৰম্ভ হয়। আনকি স্নায়বিক দুৰ্বলতাৰ কাৰণে মস্তিষ্ক ভাৰসাম্য হেৰুৱাব লগীয়া অৱস্থা হোৱাৰ উপৰি বহু ক্ষেত্ৰত বিভিন্ন ৰোগৰ লক্ষণে দেখা দিব পাৰে।
কাৰণতেই স্নায়ু দুৰ্বল হলে হুচাৰো ৰূপে কাম পৰিচালনা কৰাত বাধা জন্মে। স্নায়ু বিলাক দুৰ্বল হৈ পৰে কাৰণে হাত ভৰি বিলাক জিন জিনি ওৱাৰ দৰে অনুভৱ হয়। কেতিয়াবা কেতিয়াবা আকৌ বিষ অনুভৱ হয়। কেতিযাবা আকৌ হাত ভৰি বিলাক একেবাৰে অকামিলা হৈ পৰে, জ্বৰ অনুভৱ হয়। শৰীৰ দুৰ্বল হৈ পৰে। মোৰ ঘূৰণী আৰম্ভ হয়। আনকি স্নায়বিক দুৰ্বলতাৰ কাৰণে মস্তিষ্ক ভাৰসাম্য হেৰুৱাব লগীয়া অৱস্থা হোৱাৰ উপৰি বহু ক্ষেত্ৰত বিভিন্ন ৰোগৰ লক্ষণে দেখা দিব পাৰে।
এই স্নায়বিক দুৰ্বলতা দুৰ কৰিবৰ কাৰণে আমি ঘৰতে পোৱা বহু বনৌষধি ব্যৱহাৰ কৰি দুৰ কৰিব পৰা যায়। কেইবিধ মান প্ৰমানিক আৰু উত্তম বন দৰৱ বিষয়ে তলত আলোচনা কৰা হল।
এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল
১/ ১০ টা বাদাম ২৫০ গ্ৰাম পানীত এৰাতি তিয়ায় ৰাখি ৰাতিপুৱা ১২ গ্ৰাম মাখন আৰু সামান্য মিছিৰী মিহলি কৰি খাব লাগে। এনেদৰে একেৰাহে ৩০ দিন মান খালে মস্তিষ্কৰ দুৰ্বলতা দুৰ হৈ যায়।
২/ ৰাতি হোৱাৰ আগতে বাদাম মিচিৰ আৰু গৰম গাখীৰ একেলগে খালেও মগজুৰ স্নয়বিক দুৰ্বলতা লাহে লাহে দুৰ হৈ যায়।
৩/ ৰাতিপুৱাৰ জা জলপান খোৱাৰ ১৫ মিনিট পাছত এফাল আপেল দৈনিক খালে এই স্নায়বিক দুৰ্বলতাৰ পৰা বহু আঁতৰি থাকিব পাৰি।
৪/ ৰাতিপুৱা ৭ টা বাদাম খাই ১০০ গ্ৰাম গজৰৰ ৰসৰ লগত আধা লিটাৰ গাখীৰ মিহলি কৰি খালে স্নায়বিক দুৰ্বলতা ৰোগত ভাল ফল পোৱা যায়।
৫/ দৈনিক ২ টা কেঁচা নহৰু খাব লাগে অথবা নহৰু ভাতত দি খাব লাগে। এনে কৰিলে এই ৰোগৰ পৰা দোৰতে থাকিব পাৰি।
৬/ দিনে ২ টাকৈ মিঠা পকা আম আৰু ইয়াৰ ৰস খালে মগজু বা স্নায়বিক দুৰ্বলতা লাহে লাহে দুৰ হবলৈ আৰম্ভ কৰে।
৭/ ব্ৰাহ্মী শাক আঞ্জা হিচাপে বা ইয়াৰ ৰস গাখীৰৰ লগত দিনে ১০০ গ্ৰাম কৈ খাব লাগে, নাইবা ব্ৰাহ্মী শিপাৰ চূৰ্ণ দৈনিক ৰাতিপুৱা খালে স্নায়বিক দুৰ্বলতা নাশ হয়।
৮/ মানি মুনি শাকৰ ৰস ৫০ গ্ৰাম কৈ দৈনিক খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়।
৯/ তেঙেচী টেঙা ৰস ১০/১৫ গ্ৰাম কৈ দৈনিক খাব লাগে। হেলাঞ্চি শাক এই ক্ষেত্ৰত যথেষ্ট উপকাৰী ৰূপ দেখা পোৱা যায়।
১০/ বান্দৰ কেকুৰা গুটি দৈনিক ২০ গ্ৰাম ২ বাৰ কৈ ৬/৭ দিন মান খালে এই ৰোগৰ ক্ষেত্ৰত বহু লাভ জনক উপকাৰ পোৱা যায়।
১১/ এই ৰোগত কুমুৰা আঞ্জা বা ইয়াক কেঁচাই খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়। কুমূৰা গুটি খুন্দি মৌ জোল সতে খালে স্নায়বি ক দুৰ্বলতা আৰোগ্য লাভ কৰে।
১২/ আমলখি ৪/৫ টাৰ ৰস উলিয়াই মিছিৰিৰ সতে খালে স্নায়বিক দুৰ্বলতা ভাল হৈ যায়। উচ্চ ৰক্ত চাপৰ কাৰণেও এই বিধ ঔষধ অতিকৈ লাভজনক।
১৩/ শতমূলৰ শিপাৰ ৰস ৫০ গ্ৰাম এক গিলা চ গাখীৰৰ সতে খাব লাগে। এনে কৰিলে এই ৰোগৰ পৰা সোনকালে আৰোগ্য লাভ কৰিব পাৰি।
১৪/ বছ তেলেৰে দিনে ২ বাৰ কৈ সম্পূৰ্ণ শৰীৰ টো মালিস কৰিব লাগে। এনে কৰিলে ৰোগী বহু আৰাম অনুভৱ কৰে।
১৫/ লাটো মণিৰ শিপা ৰ ৰসেৰে গোটেই শৰীৰ টো মলিশ কৰিব লাগে। এনে কৰিলেও ৰোগী বহু আৰাম অনুভৱ কৰা দেখা পোৱা যায়।
১৬/ বগা অপৰাজিতাৰ শিপাৰ ৰস ২৫ গ্ৰাম কৈ খালে এই ৰোগৰ ক্ষেত্ৰত বহু আৰাম পোৱা দেখা যায়।
১৭/ এই ৰোগত পচতীয়া পাতৰ ৰস ২৫ গ্ৰাম কৈ খোৱা অতি দৰকাৰী।
এই ৰোগৰ সময়ত কি কি খোৱা উপযোগী
নাচ পতি, ঘেঁহুৰ পিঠা, গুৰ, মৌ জুল, খেজুৰ, খুটো ৰা শাক, পদীনা, ফুল কবি, মগু মাহ, সৰিয়হ শাক, অতলাছ, গাখীৰ, পাণ, মটৰ মাহ, খিচ মিছ, গুম ধান, শুকান ছয়াবিন, চজিনা আৰু ইয়াৰ পাত, বিলাহিৰ ৰস, হুমথীৰা, টেঙাৰ ৰস আৰু মাটি কঠালৰ ৰস এই খাদ্য সমূহ অতি উপকাৰী।
এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী
মাদক দ্ৰব্য, উত্তেজক বস্তু, অতিৰিক্ত মছলা খোৱা, হস্ত মৈঠুন কৰা, অত্যধিক মানসিক আৰু শাৰীৰিক পৰিশ্ৰম, টোপনি ক্ষতি আৰু খং উঠা ইত্যাদি সমূহ অপকাৰী।