পাকস্থলীৰ ঘাঁ ( GASTRIC ULCER)
এই ৰোগ পুৰুষ আৰু মহিলা উভৈ বা দুয়োৰে ক্ষেত্ৰত হোৱা দেখা যায়। যদিও পুৰুষতকৈ মহিলাৰ এই ৰোগ অধিক হোৱাৰ সম্ভাৱনা থাকে। মহিলাৰ এই ৰোগ ২০ ৰ পৰা ৪০ বছৰ বয়সতেই এই ৰোগ বেছিকৈ হোৱা দেখা যায়।
এই ৰোগৰ হোৱাৰ মূল কাৰণ সমূহ হল
পেটৰ বিকাৰ, পিত্ত সাৰ বৃদ্ধি, অধিক খাদ্য খোৱা, অত্যধিক ভোকত আহাৰ নোখোৱা, বাঁহী বস্তু খোৱা, বেছিকৈ মছলা জাতীয় খাদ্য খোৱা, আহাৰ ভালদৰে
চোবাই নোখোৱা, বিৰুদ্ধ আৰু নিষিদ্ধ ভোজন গ্ৰহণ কৰা, সময়ত শৌচ নকৰা, সময়মতে আহাৰ নোখোৱা, মানসিক বিকাৰ আৰু হৃদ্ ৰোগ আদিৰ কাৰণে এই পাকস্থলী ঘাঁ হব পাৰে, দীৰ্ঘ দিন ধৰি কুষ্ঠ কঠিন্য বা আজিৰ্ণতাৰ কাৰণেও এই ৰোগ হয়।
চোবাই নোখোৱা, বিৰুদ্ধ আৰু নিষিদ্ধ ভোজন গ্ৰহণ কৰা, সময়ত শৌচ নকৰা, সময়মতে আহাৰ নোখোৱা, মানসিক বিকাৰ আৰু হৃদ্ ৰোগ আদিৰ কাৰণে এই পাকস্থলী ঘাঁ হব পাৰে, দীৰ্ঘ দিন ধৰি কুষ্ঠ কঠিন্য বা আজিৰ্ণতাৰ কাৰণেও এই ৰোগ হয়।
এই ৰোগ হোৱাৰ মূল লক্ষণ সমূহ হল
পেটৰ ওপৰ ভাগত বিষ হয় কেতিয়াবা কেতিয়াবা বেছি হয় আৰু কেতিয়াবা কেতিয়াবা কম হয়, বমি হয়, তেজ বমিও হব পাৰে। পেট ফুলে, ভোক নালাগে, পেট বিষ হয়, অৰুচি, অজিৰ্ন হয় আৰু অধিক পিয়াহ লাগে, ৰক্ত হিনতা, মাত সৰু হৈ যায়, মানসিক কষ্ট হয় আৰু ভুক সাধাৰণতে কম হবলৈ ধৰে।
এই ৰোগ নিৰাময় উপায় সমূহ হল
১/ নহৰু ৰস ১২ গ্ৰামত সামান্য পৰিমাণৰ পানী মিহলি কৰি একেৰাহে ১৫ দিন মান খালে এই ৰোগৰ পৰা সহজে হাত হাৰিব পৰা যায়।
২/ ২ চামোচ আমলখি ৰসত এক চামোচ মৌ জুল মিহলি কৰি ৰাতিপুৱা খাব লাগে। এনেদৰে ১৬ পৰা ২০ দিনমান খালে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।
৩/ ঘেঁহুৰ পাত আৰু ঠাৰি খুন্দি তাৰ ৰস এক গিলাচ ৰাতি আৰু ৰাতিপুৱা খাব লাগে নাইবা আধা কাপ ঘেঁহু ধুই এক বাতি পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা শুদা পেটত হেই পানী খাব লাগে । এনে কৰিলে ৰোগীয়ে বহু আৰাম অনুভব কৰে।
৪/ এক চামোচ গাজৰ ৰসত এক চামোচ আম লখি ৰস মিহলাই ২ চামোচ মৌ দি ৰাতিপুৱা খালে এই ৰোগ নাইকিয়া হয়। কেৱল গাজৰ ৰস খালেও এই ৰোগৰ কাৰণে হোৱা তেজ বমি সোনকালে বন্ধ হয়।
৫/ এটা পানীৰ পাত্ৰত এটা আপেল টুকুৰা টুকুৰ কৰি কাটি সেই পাত্ৰ ঢাকনি দি গৰম কৰি ১৫ মিনিটৰ পাছত তাক ছেকী তাত ২ চামোচ মৌ জুল ভালদৰে মিহলি কৰি লব লাগে। অলপ সময় ৰাখি লাহে লাহে খাব লাগে। এনে কৰিলে পাকস্থলীত হোৱা ঘাঁ লাহে লাহে সুস্থ হবলৈ ধৰে।
৬/ মিঠা পকা আমৰ ৰস উলিয়াই লৈ অলপ সময় ৰাখি পাছত খাব লাগে এনে কৰিলে ৰোগীয়ে বহু আৰাম অনুভৱ কৰে।
৭/ দহচিয়া কেঁচা অমিতা এটা আঞ্জা কৰি কোনো তেল নতুবা মছলা আদি প্ৰয়োগ নকৰাকৈ এমাহমান খালে এই ৰোগৰ পৰা অতি সোনকালে হাত হাৰিব পাৰি।
৮/ কেঁচা কল, হালধী়ৰ ৰস ৰাতিপুৱা আৰু গধূলি ১০০ গ্ৰাম কৈ খাব লাগে এনে কৰিলে এই ৰোগৰ পৰা অতি সোনকালে হাত সাৰিব পৰা যায়।
৯/ মাধুৰী আম ৩ টা মান কুমলীয়া পাতৰ আগ চিঙি কেঁচা কৈ চোবাই খাব লাগে। এই দৰে খালে গেছট্ৰিক ৰোগ সোনকালে ভাল হয়। আৰু পিচি লৈ দিনে তিনি পালি কৈ খাব লাগে। এই বিধ ঔষধ গেছট্ৰিক ৰোগৰ বাবে অতিকৈ উত্তম ।
এই ৰোগৰ সময়ত কি কি খোৱা উপযোগী
কেঁচা নহৰু ভাত খোৱাৰ সময়ত, আম লখি ৰস, মৌ জুল, কেঁচা গাজৰ বা গাজৰ ৰস, আপেল ৰস, আম ৰস, অমিতা, কেঁচা হালধি ইত্যাদি খাদ্য সমূহ এই ক্ষেত্ৰত অতিকৈ উপযোগী।
এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী
মাছ, মাংস, মছলা জাতীয় খাদ্য বস্তু, অতিকৈ জ্বলা পুৰা খাদ্য, চালাদ আদি খাদ্য বস্তু সমুহ খোৱা অনুপযোগী। তদুপৰি মাদক দ্ৰব্য সেৱন , ধপাঁত, চিগাৰেট আদি বস্তু সমুহ অতিকৈ অনুপযোগী।