Wednesday, April 8, 2020

carious teeth দাঁত খাৰে ধৰা কেনেদৰে ৰক্ষা পাব

দাঁত খাৰে ধৰা ( carious teeth)

এই ৰোগ হোৱাৰ কাৰণ সমূহ হল

দাঁত ভালকৈ নুধূলে, দাঁত পৰিষ্কাৰ কৰি নাৰাখিলে, দাঁতৰ ফাকত খোৱা বস্তু লাগি থাকিলে, দাঁতৰ গুৰি পৰিষ্কাৰ কৈ নৰাখিলে এই ৰোগ হয়।

এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল

দাঁতৰ গুৰি বিষ হয়। দাঁতৰ গুৰিত কিবা এটাই কামুৰি থকাৰ দৰে অনুভব হয়। বেছি হলে দাঁতৰ গুৰি উখহি পৰাৰ উপৰিও গাল উফণ্ডি পৰে। খোৱা বো ৱাত অসুবিধা হয়। দাঁত ক্ৰমান্বয়ে ক্ষয় যোৱাৰ কাৰণে শেষত দাঁত উঘালি পেলাব লগীয়া হোৱাৰ বাদে অন্য উপায় নাথাকে।
দাঁত খাৰে ধৰা ( carious teeth)
দালিম গুটিয়া দাঁত

এই ৰোগ নিৰামযৰ উপায় সমূহ হল

১/ এটা মাটিৰ পাত্ৰত শুকান আকন্দৰ আঠা ৰাখি সামান্য পানী ঢালি সেই পানীত
কপাহ তিয়াই দাঁতত কিছু সময় লগালে দাঁতৰ খাৰে খোৱা কম হয় আৰু দাঁতৰ বিষ নাইকিয়া হবলৈ ধৰে।
২/ কেঁচা হালধি জুইত পুৰি দাঁত মাজিলে বা দাঁত ত প্ৰলেপ দি থলে দাঁতৰ বিষ কমি আহে।
৩/ তিতা ভেকুৰি গুটি ২০ টা মান খুন্দি তাক বিৰী দৰে বাঁহৰ সৰু চুঙা লৈ ধোৱা খিনি মুখেৰে টানি মুখত কিছু সময় ৰাখিলে দাঁতৰ খা ৰে খোৱা কমে।
৪/ বগা লাটুমণি ( খস্থিমধু) ৰ শিপাৰ ৰস বা কেঁচা শিপা খুন্দি দাঁতেৰে কামুৰি থাকিব লাগে নাইবা ৰস উলিয়াই মুখ কুলকুলিয়াবো লাগে।
৫/ হিং তপতাই দাঁত ত কিছু সময় লগাই থলে দাঁতৰ খাৰ সহজে কমি যায়।
৬/ পিপোলি গুৰি ঘিউ আৰু মৌত সানি দাঁত মাজী দাঁত ত লগাই থলে দাঁতৰ খাৰ খোৱা বন্ধ হয়।
দাঁত খাৰে ধৰা ( carious teeth)
খাৰ খাব আৰম্ভণি

৭/ হিজো গছৰ শিপা খুন্দি বা ভীম কলৰ শিপা খুন্দি দাঁত ত লগাই ৰাখিলে দাঁতৰ খাৰ খোৱা বন্ধ হবলৈ ধৰে।
৮/ ২/৩ টা লং পিচি দাঁত বিষ হোৱা ঠাইত লগাই থলে অতি সহজে উপশম হবলৈ আৰম্ভ কৰে।
৯/ সৌৰা গছৰ থাৰিৰে দাঁত মাজীব লাগে । এনে কৰিলে দাঁত সমূহ মজবুত আৰু পৰিষ্কাৰ হৈ থাকে।
১০/ বঙালী এৰা ঠাৰিৰ দাঁত মাজিব লাগে আৰু ইয়াৰ আঠা দাঁত ত লগাব লাগে। এনে কৰিলে দাঁত বিষ সোনকালে থম কাটে।
১১/ তেজ মুই শিপা ৰে দাঁত মজিব লাগে এনে কৰিলে দাঁত সমূহ দেখা ত ধুনীয়া হোৱাৰ লগতে মজবুত হৈ আহে।

এই ৰোগৰ সময়ত কি কি খোৱা উপযোগী

খাদ্য প্ৰাণ ' ঘ ' (vitamin 'd' ) যুক্ত আহাৰ খোৱা খোৱা দৰকাৰ, কডলিভাৰ তেল , মাছৰ কণী উপকাৰী, গাখীৰ খোৱা দৰকাৰ, মাখন খোৱা ভাল, কণীৰ কুহুম খোৱা দৰকাৰ, মহা নিমৰ পাত খোৱা প্ৰয়োজন, চিৰ তা খোৱা উপযোগী । চ জিনা আঠা লগোৱা ভাল। লঘূ আহাৰ খাব লাগে।
দাঁত খাৰে ধৰা ( carious teeth)
দাঁত হৰাই দিয়া পাছত

এই ৰোগত কি কি খোৱা অনুপযোগী

মিঠা খাদ্য বস্তু পৰা বিৰত থাকিব লাগে। তদুপৰি লিকতিয়া খাদ্য বস্তুৰ পৰা সমূলো আঁতৰি থকা ভাল।

  • বিঃদঃ এই ৰোগৰ আৰু বিশেষ জানিবলৈ আমাক মেইল নতুবা কমেণ্ট কৰিব পাৰে।আমি এই ৱেবছাইটৰ জৰিয়তে যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ আমি চেষ্টা কৰোঁ । আমি আপোলোকৰ মাইল বা কমেণ্ট সদায় নিৰীক্ষণ কৰোঁ।আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰৰ বাবে সদায় সজাগ।