Thursday, April 23, 2020

cough কাঁহ নিৰাময়ৰ ঔষধ সমূহ

কাঁহ ( cough)

এই ৰোগ হোৱাৰ মূল কাৰণ সমূহ হল

ষ্ট্ৰেপকোক্কাছ, ষ্টাফিলোক্কাছ, ইনফ্লুৱেঞ্জা আদি সমূহ ৰোগ হোৱাৰ ফলতো এই ৰোগ হব পাৰে । ই প্ৰকৃততে উপসৰ্গ হে । নতুবা দূষিত পানী নতুবা শৰীৰত বেছি ঠাণ্ডা লগাৰ ফলতো এই ৰোগ হব পাৰে। এই ৰোগৰ জীৱাণুৰ মুখ আৰু নাকেদি দেহত প্ৰৱেশ কৰে। বিড়ি বা চিগাৰেট খোৱাৰ ফলতো এই ৰোগ হব পাৰে।

এই ৰোগ হোৱাৰ মূল লক্ষণ সমূহ হল

ডিঙি হুৰ হুৰাই , বুকু বিষ অনুভৱ হয়, ডিঙি চেৰ চেৰাই, হাঁচি আহে, গা বিষ হবলৈ
ধৰে, নকেদি পানী ওলাই আৰু শৰীৰ দুৰ্বল হৈ পৰে। ডিঙিত কফ হবলৈ ধৰে মানে বিজল বীজল ওলাই আহে। এই ৰোগ ডিঙিত হয়।

এই ৰোগ নিৰাময় উপাই সমূহ হল

১/ ভাল গৰুৰ ঘিউত গুৰ মিহলি কৰি জুইত গৰম কৰি খোৱাৰ উপৰিও ঘিউ আৰু নিমখ সমপৰিমাণৰ মিহলি কৰি লৈ বুকু খনত লাহে লাহে মালিচ্ কৰিব লাগে এনে কৰিলে এই ৰোগৰ পৰা ততালিকে আৰাম পোৱা যায়।
২/ ৩ পৰা ৪ টাঁ মান বাদাম চোবাই মুখত ৰাখিলে শুকান কাহৰ ক্ষেত্ৰত বহু পৰিমাণে আৰাম পোৱা সদ্যহতে দেখা পোৱা যায়।

৩/ গৰম পানীত কেঁচা হালধি ৰ ৰস মিহলি কৰি তাত অলপ নিমখ দি ভালদৰে মিহলি কৰি লৈ খাব লাগে এনেদৰে এই ৰোগৰ অতি সহজে হাত হাৰিব পাৰি।
৪/ কেঁচা মূলাৰ ৬২ গ্ৰাম ৰসত কুঁহিয়াৰ ৰস ৪৫ গ্ৰাম মিহলি কৰি দিনে দুবাৰকৈ কেইদীন মান খালেই এই ৰোগ দুৰ হৈ যায়।
৫/ কুঁহিয়াৰ ৰস ১০০ গ্ৰাম কৈ দিনে দুবাৰ কৈ কেইডিন মান খাব লাগে এনে কৰিলে এই ৰোগ অতি সোনকালে দুৰ হৈ যায়।
৬/ বিড়ি , চিগাৰেট খোৱাৰ কাৰণে যদি শুকান কাঁহ হয় তেনেহলে মৰাণ আদা এডোখৰ চোবাই খালে সেই কাঁহ সহজে আৰোগ্য হবলৈ ধৰে।
৭/ ২০ টোপালমান নহৰু ৰসৰ লগত মাটি কঁঠাল ৰস অলপ মিহলি কৰি চৰবত দৰে তৈয়াৰ কৰি লৈ খালে সকলো প্ৰকাৰৰ কাঁহ ভাল হয়।
৮/ পুৰণি কাহত এক চামোচ হালধি ৰ ৰসত ২ চামোচ মৌ মিহলি কৰি দিনে তিনি বাৰকৈ কেইদিন মান খালে এই ৰোগ দুৰ হৈ যায়।
৯/ শিশুৰ কাঁহ হলে ৪ পৰা ৫ টা দুৰুণ বনৰ ফুল পিচি ১ চামোচ মৌ জুল মিহলি কৰি ৰোগীক খোৱালে ৰোগী অতি সোনকালে আৰোগ্য লাভ কৰে।
১০/ তৰোৱা কদমৰ ৫০ গ্ৰাম পাতৰ ৰস লগত ১০ গ্ৰাম পানী আৰু ৫ গ্ৰাম চেনী মিশ্ৰণ কৰি খালে এই ৰোগৰ ক্ষেত্ৰত উত্তম ফল পোৱা দেখা যায়।
১১/ বগা বাহকৰ পাতৰ ৰস ২০ গ্ৰাম কৈ দিনে তিনিবাৰ কৈ কেইদিন মান খাব লাগে এনে কৰিলে অতি সোনকালে ৰোগ নিৰাময় হয়।
১২/ তুলসী পাতৰ ৰস ১ চামোচ লগত মৌ জুল ভালদৰে মিহলি কৰি লৈ দিনে দুবাৰকৈ তিনি বা চাৰি দিন মান খালে কাঁহৰ পৰা হাত সাৰিব পাৰি।

এই ৰোগৰ সময়ত কি কি খোৱা উপযোগী

তুলসী, জালুক, পিপোলী, তিতাফুল , বগা বাহক, পুৰা কল, জিল মিল শাক শুকান কাঁহত খাব লাগে, নহৰু, মৰাণ আদা, মহা নীম, মৌ জুল, শিলিখা, ছাগলী গাখীৰ , লং, কেহৰজ, কাজী নেমু, ভেঁকোৰী, কেঁচা হালধি আদি খাদ্য সমূহ এই ৰোগৰ ক্ষেত্ৰত অতি কৈ উপযোগী।

এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী

মিঠা খাদ্য বস্তু, সকলো প্ৰকাৰৰ কল, কচু গুটি, লাও, পিয়াজ বা পিয়াজ দিয়া খাদ্য, পুৰৈ শাক, ভেন্দি, কলমৌ, গাখীৰ, মাখন, বেঙেনা, ধপাঁত, বিড়ি , চিগাৰেট, আদি খাদ্য সমূহ এই ৰোগৰ ক্ষেত্ৰত অতিকৈ অনুপযোগী।

বিঃদঃ এই ৰোগৰ আৰু বিশেষ জানিবলৈ আমাক মেইল নতুবা কমেণ্ট কৰিব পাৰে।আমি এই ৱেবছাইটৰ জৰিয়তে যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ আমি চেষ্টা কৰোঁ । আমি আপোলোকৰ মাইল বা কমেণ্ট সদায় নিৰীক্ষণ কৰোঁ।আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰৰ বাবে সদায় সজাগ।