ওকণি (PEDICULOSIS)
ওকণি ই বিধ এবিধ পৰজীৱী জীৱ । এই জীৱৰ দ্বাৰা মানুহ বা অন্য জীৱৰ বিভিন্ন প্ৰকাৰৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। ইহঁতে জীৱ দেহৰ তেজ শোষণ কৰি জীৱিত অৱস্থাত থাকে। ওকণি সাধাৰণতে দুই প্ৰকাৰৰ হয়। এবিধ গাৰ ছালত থাকি তেজ শোষণ কৰি জীৱন অতিবাহিত কৰে আৰু অনবিধে আকৌ চুলিৰ গুৰিত থাকি তেজ শোষণ কৰি জীৱন অতিবাহিত কৰে। আৰু এই ওকণিযে কামুৰিলে টাইফাচ( typhus) ৰোগ হোৱাৰ অতি সম্ভাৱনা থাকে।
এই জীৱ হোৱাৰ লক্ষণ সমূহ হল
যিহেতু ই এবিধ পৰজীৱী আৰু অন্য ডাঙৰ আকৃতিৰ জীৱ দেহত থাকি তাৰ পৰাই খাদ্য গ্ৰহণ কৰি জীৱন অতিবাহিত কৰে হেই গতিকে ওকণিযে সাধাৰণতে তেজ
শুহি খাই জীয়াই থাকে। ওকণি হলে ছাল খোজুৱাই আৰু খজুৱতি হোৱা অংশ ৰঙা হৈ যায় যদি পৰিষ্কাৰ হৈ নাথাকে তেনেহলে শৰীৰত অন্য ৰোগে সুবিধা লয়।
বা পাছলৈ হেই ঠাইত খহু হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। চুলিত হোৱা ওকণি সাধাৰণতে দেখা পোৱা যায় কিন্তু ছালত হোৱা ওকণি সাধাৰণতে দেখা পোৱা নাযায়।
এই জীৱৰ পৰা নিৰাময় হোৱাৰ উপায় সমূহ হল
১/ দুপৰ টেঙা পাত কেই খিলা মান খুন্দি মূৰত প্ৰলেপ দিব লাগে এনেদৰে ৰাখিলে ওকণি পৰা বহু ক্ষেত্ৰত হাত হাৰিব পৰা যায় তদুপৰি ওকণি মৰি নাইকিয়া হৈ যায়।
২/ আত লচ্ গছৰ কুঁহিপাত ৰ ৰসেৰে মোৰ ধুব লাগে। এনে কৰিলে অতি সোনকালে এই ওকণি পৰা হাত সাৰিব পাৰি লগতে ওকণি মৰিবলৈ আৰম্ভ হয়।
৩/ মহা নিম্ ৰ পাত পানীৰ সতে উতলাই হেই পানী ঠাণ্ডা কৰি লৈ মূৰত কমেও ১৫/১০ মিনিট মান ৰাখিব লাগে এনে কৰিলে ওকণিৰ পৰা তৎকালীন হাত সাৰিব পৰা যায়।
৪/ পাণ থেঁতেলিয়াই তাত কিছু পৰিমাণে পানী মিহলাই ডাঠ প্ৰলেপ বনাই কিছু সময় ধৰি মূৰত লগাই ৰাখিব লাগে। এনেদৰে ওকণি পৰিমাণ নাইকিয়া কৰিব পাৰি।
৫/ পিয়াজ্ একোটা থেটেলিয়ায় লৈ তাত পানী মিহলাই লেপ বনাই মূৰত প্ৰলেপ দিব লাগে এনেদৰে সোনকালে ওকণি সমস্যা পৰা হাত সাৰিব পাৰি।
৬/ৰাতি হোৱাৰ সময়ত ভৰিৰ তলুৱাত পাণৰ ৰস শুলে ওকণি সমস্যা অতি শীঘ্ৰে দুৰ কৰিব পৰা যায় লগতে ওকণি মৰিবলৈ আৰম্ভ কৰে।
৭/ আম লখি আৰু গুল নেমুৰ ৰস সম পৰিমাণে মিহলি কৰি তাত অলপ কুহুমিয়া পানী দি মিশ্ৰণ তৈয়াৰ কৰি লব লগে। আৰু সেই মিশ্ৰণেৰে মোৰ ধুৱ লাগে। এনেদৰে অতি সোনকালে ওকণি পৰা ততালিকে হাত সাৰিব পৰা যায়।
৮/ ধতুৰা পাতৰ ৰস উলিয়াই হেই ৰস মূৰত ঘঁহি অতি কমেও ১৫ পৰা ২০ মিনিট সময় ৰাখিব লাগে। এনে কৰিলে ওকণি সমস্যা অন্ত পৰে।
৯/ গন্ধ বিৰিঙাৰ পাত ভালদৰে পি চি লৈ তাৰ ৰস উলিয়াই লব লাগে। এই ৰস হাতেৰে লৈ লাহে লাহে মূৰত লগাই মলিছ কৰিব লাগে। ওকণি পৰা পৰিত্ৰাণ পোৱা ই এটা মহা ঔষধি।
১০/ চিত্ৰ নলাৰ তেল অকণমান উলিয়াই তাত নাৰিকল তেল অলপ ভালদৰে মিহলি কৰি লব লাগে। তাৰ পাছত লাহে লাহে মূৰত সানি মালিশ কৰিব লাগে। আৰু ৫/১০ মিনিট সময় ৰাখি ভালদৰে ধুই দিব লাগে এনেদৰে ওকণি সমস্যা অতি সোনকালে দুৰ হয়।
এই জীৱৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি খোৱা উপযোগী
তিতা খাদ্য বস্তু অতিকৈ উপকাৰী, মহা নিম পাত, চিৰ তা আদি খোৱা অতি উপযোগী, আৰু লগতে মূৰত প্ৰলেপ দিব লাগে। মোৰ আৰু শৰীৰ সদায় পৰিষ্কাৰ কৈ ৰাখিব লাগে।
এই জীৱৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি খোৱা অনুপযোগী
অত্যধিক মিঠা খাদ্যৰ খোৱাৰ পৰা বিৰত থকা অতি দৰকাৰী, ওকণি হোৱা লোকৰ লগত একেলগে থাকিব নালাগে যিহেতু এজনৰ পৰা অন্য জনলৈ বিয়পিব পাৰে। ওকণি হোৱা লোকৰ কাপোৰ কানি বা ফণী আদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থকাটো অতি প্ৰয়োজন।