Monday, May 4, 2020

EYE DISEASE চকুৰ ৰোগ বা সমস্যা কেনেদৰে দূৰ কৰিব

EYE DISEASE চকুৰ ৰোগ


এই ৰোগ হোৱাৰ কাৰণ সমূহ হল

বেক্টেৰিয়াই আৰু ভেঁকুৰে আক্ৰমণ কৰিলে , বিষাক্ত বস্তু চকুত পৰিলে, চকুত আঘাত লাগিলে, খাদ্য প্ৰাণ ' ক' বা ভিটামিন A শৰীৰত যথেষ্ট পৰিমাণৰ নাথাকিলে চকুৰ বিভিন্ন ৰোগ হব পাৰে ।

এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল


ৰোগ অনুযায়ী ৰোগৰ লক্ষণ সমূহ ভিন্ন হব পাৰে। চকু উঠা ( conjunctivitis) ৰোগত চকু জ্বলা পুৰা কৰে, চকু বিষ হয় আৰু ফুলি উঠে, পানী ওলাই থাকে, পোহৰ হস্য নহয় আৰু সামান্য জ্বৰ হয়, চকু ৰঙা দেখা যায়, ই সংক্ৰামক বেমাৰ। চকু জাল পৰা ৰোগত ( catarect) চকুৰ মনিৰ পাতল ছাল খনৰ উপৰত এখন পাতল আৱৰণ পৰে। ফলত চকুত জাল মাৰি ধৰাৰ দৰে লাগে। চকুৰে যি কোনো বস্তু জিলমিল কৈ দেখা যায়, এই আৱৰণ পাছত ডাঠ হলে চকুৰে ভাল দৰে দেখা পোৱা নাযায়। ইয়াৰ বাহিৰেও চকুৰ পৰা পানী ওলাই থকা দেখা যায়।

এই ৰোগ নিৰাময় উপায় সমূহ হল

১/ শিলিখা গুৰি ১০ গ্রামত ১০ গ্ৰাম গোলঞ্চ মিহলাই তাৰে সতে, মৌ দি দিনে ২ বাৰ কৈ খালে সকলো প্ৰকাৰৰ চকুৰ ৰোগ আৰোগ্য হয়।
২/ কেঁচা আমলখি ৯ টা খুন্দি তাৰ ৰস চকুৰ কোণত টোপ টোপকৈ দুই তিনি টোপাল পৰিব দিব লাগে। এনে কৰিলে চকুৰ ৰোগত বহু সকাহ পোৱা যায়।
৩/ পনৌনৌৱা ঘিউট ভাজি খাব লাগে এনে কৰিলে এই ৰোগী নিৰাময় হবলৈ আৰম্ভ হয়।

৪/ গোলাপ ফুলৰ ৰস চকুৰ কোণত দিলে চকুৰ যি কোনো অসুখত যথেষ্ট আৰাম পোৱা যায়। বিশেষকৈ চকু ৰঙা পৰা ৰোগত সুফল পোৱা যায়।
৫/ চকু ৰঙা পৰা ৰোগত মহা নিমৰ ৪/৫ খন কেঁচা পাতৰ ৰস উলিয়াই চকুৰ কোণত দিলে ৰোগ সম্পূৰ্ণ আৰোগ্য হবলৈ ধৰে।
৬/ চকুৰ পৰা অনবৰত পানী ওলাই থাকিলে ৪/৫ টা বাদাম এৰাতি অলপ পানীত তিয়াই ৰাখি, পিছদিনা ৰাতিপুৱা বাদাম কেইটা খুন্দি সেই পানীৰ সতে খাব লাগে। এনেদৰে খালে চকুৰ যিকোনো অসুখ ভাল হয়।
৭/ চকু উঠা ৰোগত এৰা পাত এখন জুইত সেকি তাৰ ৩/৪ টোপাল ৰস চকুৰ কোণত দিলে আৰাম পোৱা দেখা যায়
৮/ চকুত সৰু সৰু ফুহা হলে ( style) ৪/৫ টা লং পিচি ফোঁহা হোৱা ঠাইত প্ৰলেপ দিলে ফোঁহা বহি যায় আৰু বিষ কোষ লাহে লাহে নাইকিয়া হবলৈ আৰম্ভ কৰে।
৯/ চকুত দুখ পালে বা ঘাঁ লাগিলে কেঁচা হালধি খুন্দি তাক পৰিষ্কাৰ কাপোৰ এডোখৰ ত বান্ধি অলপ জুইত সেক দি গৰম কৰি হেই স্থানত লগালে ঘাঁ শুকাই আৰু বিষ কমে।
১০/ চকুত জাল পৰা ৰোগত আলোগুতি এটা পিচি কাজলৰ দৰে চকুত লগালে বহুত পুৰণি এনে ৰোগ পৰা হাত সাৰিব পৰা লগতে নিৰাময় কৰিবও পৰা যায়।
১১/ চকুৰ কোণত গোল নেমুৰ ৰস ৮/১০ টোপাল মানকৈ দৈনিক একেৰাহে এক ডেৰ মাহ মান ব্যৱহাৰ কৰিলেও চকুত জাল পৰা ৰোগ সহজে ভাল হোৱা দেখা যায়।
১২/ চকু ৰঙা পৰা ৰোগ হলে বা চকুৰ পৰা ৰঙা পানী পৰি থাকিলে অথবা চকুৰ বিষ হলে হালধি এডোখৰ পিচি তাৰ পৰা এক চামোচ ৰস উলিয়াই আধা লিটাৰ পানীত গৰম কৰি চাৰি ভাগৰ এভাগ হলে ঠাণ্ডা হবলৈ দি তাক পৰিষ্কাৰ কাপোৰ এডোখৰ লৈ চেকি চকুত দুবাৰকৈ প্ৰতিদিনে লগাব লাগে।
১৩/ তৰোৱা কদমৰ ছাল খুন্দি তাৰ পৰা ৰস উলিয়াই চকুৰ কোণত ২/৩ টোপাল দিলে চকুৰ পৰা পানী ওলোৱা ৰোগ ভাল হবলৈ ধৰে।
১৪/ চকু ৰঙা পৰা ৰোগ হলে হালধি এডোখৰ খুন্দি তাৰ ৰস কেইটোপাল মান চকুত দিলে এই ৰোগ অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যায়।
১৫/ পুৰা কলৰ আঠা ৩/৪ টোপালকৈ সমান পানীত মিহলাই চকুৰ কোণত একেৰাহে ২০/২৫ দিনামান দিলেই চকুত জাল পৰা ৰোগ আৰোগ্য হবলৈ ধৰে।
১৬/ চকুত ৰঙা পৰা ৰোগত পিয়াজ ৰস ৩/৪ টোপাল চকুত দিব লাগে। এনে কৰিলে ৰোগী এই ৰোগৰ পৰা সোনকালে হাত হাৰিব পাৰি।

চকুৰ ৰোগত কি কি খোৱা উপযোগী

সৰু মাছৰ জোল, পকা আম, পকা অমিতা, ছ জিনা, নৰ সিংহ ৰ পাত, খুটোৰা, ধনীয়, বন্ধা কবি, পুৰা কল, পাণ, ভিমকল, নহৰু, মৌ, গুল নেমো আদি খাদ্য সমূহ অতিকৈ উপকাৰী। তদুপৰি গাজৰ, অপৰাজিতা ফুল আৰু আম লখি উপকাৰী। পৰিষ্কাৰ ঠাণ্ডা পানীৰে চকু খুব ভালদৰে আৰু সাৱধানে ধুব লাগে।

চকুৰ ৰোগত কি কি খোৱা অনুপযোগী

বিড়ি, চিগাৰেট, ধপাঁত, মদ, পুৰৈ শাক, জ্বলা পুৰা খাদ্য বস্তু, বেছি টেঙা খাদ্য, মছলা, ভাং, কানি, বেঙেনা, উৰহী আদি খাদ্য বস্তু সমুহ পৰা বিৰত থাকক। বেছিকৈ চকুত জুৰ দিয়া কৰ্ম, দুৰ ভ্ৰমণ কৰা বেয়া। সহজে হজম নোহোৱা খাদ্য বস্তুৰ পৰা বিৰত থাকক।

বিঃদঃ এই ৰোগৰ আৰু বিশেষ জানিবলৈ আমাক মেইল নতুবা কমেণ্ট কৰিব পাৰে।আমি এই ৱেবছাইটৰ জৰিয়তে যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ আমি চেষ্টা কৰোঁ । আমি আপোলোকৰ মাইল বা কমেণ্ট সদায় নিৰীক্ষণ কৰোঁ।আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰৰ বাবে সদায় সজাগ।