স্মৃতিশক্তি হ্ৰাস
এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
স্নায়বিক শক্তি দুৰ্বল হোৱাৰ কাৰণে এই ৰোগ হয়। বিশেষকৈ মগজুৰ কাৰণে প্ৰয়োজনীয় ফচ্ ফৰাচ আদিৰ দেহত অভাৱ হলেও স্মৃতি শক্তি হ্ৰাস হব পাৰে। শাৰীৰিক মানসিক ভাবে দুৰ্বল লোক আৰু বৃদ্ধ সকলৰ সাধাৰণতে স্মৃতি শক্তি হ্ৰাস হোৱা দেখা যায়। টোপনি বেছিকৈ খতি কৰিলেও এই ৰোগে আক্ৰমণ কৰে।
এই ৰোগ হোৱা লক্ষণ সমূহ হল
শৰীৰ দুৰ্বল হয়। দেখা শুনা আৰু পঢ়া কথাও সহজে মনত নাথাকে। পাহৰি যোৱা হয়।
![]() |
Neeramoy |
এই ৰোগ নিৰাময় উপায় সমূহ হল
১/ ব্ৰাহ্মী শাকৰ ৰস ১৫/২০ গ্ৰামত অলপ গাখীৰ মিহলি কৰি খালে স্মৃতি শক্তি
বৃদ্ধি হয়।২/ বাদাম ৮/১০ টা, মিচিৰি ২৫গ্ৰাম, গৰম গাখীৰ ২০০ গ্ৰাম মিহলি কৰি দিনে ২ বাৰকৈ একেৰাহে এমাহ খালে স্মৃতি শক্তি বৃদ্ধি হয়।
৩/ গাজৰৰ ৰস ১০০ গ্ৰামত আধা লিটাৰ গাখীৰ মিহলাই খালে স্মৃতি শক্তি বৃদ্ধি হবলৈ ধৰে।
৪/ চফ গুটি ২০ গ্ৰাম পিহি সম পৰিমাণৰ মিছিৰি লৈ তাত অলপ ঠাণ্ডা পানী আৰু গৰম গাখীৰ দি খাব লাগে।
৫/ ৩০ গ্ৰাম পানীত ৮ টা জালুক মিহলি কৰি নিতৌ খালে স্মৰণ শক্তি বৃদ্ধি হয়।
৬/ মানি মুনি আৰু তেঙেচি টেঙা পাতত দি খালেও স্মৃতি শক্তি বাঢ়ে।
৭/ গাখিৰত মৌ আৰু খিচ মিচ তিওৱা পানী মিহলি কৰি একেৰাহে ৪০ দিন খাব লাগে।
এই ৰোগত কি কি খোৱা উপযোগী
খুটোৰা, গুৰ, চয়াবিন, ফুল কবি, পদিনা, পুৰৈ শাক, ধনীয়া, কোমোৰা আদি খুৱাটো উপযোগী। ব্ৰাহ্মী ঘিউত ভাজি খাব লাগে। মানি মুনি অত্যন্ত উপকাৰী।
এই ৰোগত কি কি খোৱা অনুপযোগী
ধূম্ৰপান, মাদক দ্ৰব্য, উত্তেজক খাদ্য বস্তু, নিৰস খাদ্য খাব নালাগে।