Tuesday, August 31, 2021

দীৰ্ঘায়ু Longevity

 দীৰ্ঘায়ু Longevity

সাধাৰণতে খোৱা খাদ্য বা আহাৰ, নিত্য ব্যৱহাৰ্য কাপোৰ, থকা ঘৰ, দেহৰ বিভিন্ন অংগ প্রত্যংগ সদায় পৰিষ্কাৰকৈ ৰখাৰ উপৰিও খোৱা পানী আৰু সেৱন কৰা বায়ু

Neeramoy

বিশুদ্ধ, মন প্ৰফুল্লিত, খাদ্য প্ৰাণ আৰু খনিজ পদাৰ্থ যুক্ত সতেজ আহাৰ গ্ৰহণ ,

নিয়মীয়া পৰিশ্ৰম আৰু বিশ্ৰাম আদিয়ে আমাৰ আয়ুস বৃদ্ধি কৰাত সহায় কৰে । তদুপৰি সকলো কাম, খোৱা খাদ্য, লগতে বিশ্ৰাম সঠিক সময়ত আৰু সম পৰিমাণৰ কৰিলে আয়ুস বৃদ্ধি হয়।

কিন্তু এইক্ষেত্ৰত কেইবিধমান বনৌষধি ব্যৱহাৰ ব্যৱহাৰ কৰিলে বিশেষ সুফল পোৱা দেখা যায়। 

তাৰে কেইবিধমান তলত চমুকৈ আলোচনা কৰাৰ লগতে আপোনালোকৰ উদ্দেশ্যি আগবঢ়ালোঁ

১/ কেহৰাজৰ ৰস ২৫ গ্ৰাম ১০০ গ্ৰাম গাখীৰত মিহলি কৰি দৈনিক ৰাতিপুৱা নিয়মীয়াকৈ এমাহ খালে আয়ুস বৃদ্ধি হয়।

নিৰাময়


২/ ব্ৰাহ্মী শাক গাখীৰৰ লগত বা ঘিওঁত ভাজি খালে আয়ুস বৃদ্ধি হয়। এনেদৰে বহু বছৰ এজন নিৰোগী লোকে ব্যবহাৰ কৰিলে ৮৫ পৰা ১০০ বছৰ পৰ্য্যন্ত জীয়াই থাকিবলৈ সক্ষম হয় বুলি বহু ক্ষেত্ৰত দেখা পোৱা যায়।

৩/ আগদিনা খোৱা আহাৰ হজম নহলে ৰাতিপুৱা এটা শিলিখা চোবাই খাব লাগে। আহাৰ খোৱা পিছত দুটা ভোমোৰা গুটিৰ বাকলি খুন্দি খাব লাগে আৰু আহাৰ খোৱাৰ পাছত ৪ টা আমলখি পিচি তাৰ গোড়া গৰুৰ ঘিউ আৰু মৌ জোল ৰ লগত খাব লাগে। এনেদৰে একেৰাহে এবছৰ খালে নিৰোগী হৈ থকা সম্ভপৰ হৈ থাকে।

আয়ুস বৃদ্ধি


৪/ অৰ্জুন গছৰ ছাল চূৰ্ণ ( গুৰি) চেনীৰ লগত মিহলি কৰি একেৰাহে এবছৰ খালে বিভিন্ন ৰোগৰ পৰা হাত সৰাৰ লগতে নিয়মীয়াকৈ খালে আয়ুস বৃদ্ধি কৰাত সহায় কৰে।

৫/ ভাত খোৱাৰ পিছত দিনৰ ভাতত ২৫০ গ্ৰামকৈ দৈ নিয়মীয়াকৈ খালে সু স্বাস্থ্য আৰু দীৰ্ঘায়ু লাভ কৰিব পাৰি। কিন্তু ৰাতি দৈ খালে আয়ুস তুটে।

বিঃ দঃ এই সমূহ তথ্য পুৰণি কথা তথা পূৰ্ব পুৰুষৰ নীতি লগত সামঞ্জস্য আছে। যদি আপোনালোকে নিজৰ শৰীৰ টো নিৰোগী কৈ ৰাখিব পাৰে তেনেহলে আপোনাৰ আয়ুস যে দীৰ্ঘ ময় হব সেয়া নিশ্চিত গতিকে এই ক্ষেত্ৰত বহু পৰিমাণে শাৰীৰিক ব্যায়াম সমূহেও বহু অৱদান আগবঢ়ায়। 

শৰীৰ নিৰোগী কৰি ৰাখিবলৈ কিছুমান বদ অভ্যাস ত্যাগ কৰিব লাগিব যেনে

দেৰিলৈকে হোৱা বা দেৰিকৈ হোৱা, মাদক দ্ৰব্যৰ সেৱন, ধূম্ৰপান, অধিক বিশ্ৰাম, অত্যধিক পৰিশ্ৰম, অধিক চিন্তা, খং ৰাগ বেছিকৈ কৰা ইত্যাদি।

শৰীৰ সুস্থ থাকিবলৈ কিছু অভ্যাস আঁকোৱালি ললে ভাল যেনে

নিৰ্ধাৰিত সময়ত তথা নিৰ্ধাৰিত সময়লৈ, টোপনি ধৰালৈকে শৰীৰ সন্তুষ্ট হোৱালৈকে নহয়। পৰিশ্ৰম আৰু ফুৰ্তি অনাৰ অভ্যাস অতি প্ৰয়োজনীয়।