কৰ্ণ মূল বা পিঠা খোৱা MUMPS
এই ৰোগ হোৱাৰ মূলত কাৰণ হল
বীজাণুৰ দ্বাৰা এই ৰোগ হয়। তেজৰ দোষত এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। ই এটা সংক্ৰামক ৰোগ হয়।
![]() |
Neeramoy |
এই ৰোগৰ প্ৰধান লক্ষণ সমূহ হল
কাণৰ তলৰ অংশৰ পৰা গাল ফুলি উঠে আৰু খুব বিষ হবলৈ ধৰে। জ্বৰ উঠে অতিপাত। খোৱা বোৱাত কষ্ট হয়। কাৰণ দুয়ো কাষে থকা লালটি গ্ৰন্থি উখহি উঠে।
এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা কিছুমান ঘৰুৱা ঔষধি হল
১/ তৰোৱা কদমৰ ১০ গ্ৰাম পাতত ২ গ্ৰাম খয়েৰ মিহলি কৰি খুন্দি গাল ফুলা ঠাইত কিছু সময় প্ৰলেপ দিলে উপকাৰ পোৱা যায়।
২/ ধতুৰা ফুলৰ বা পাতৰ ৰসত আফিং মিশ্ৰণ কৰি প্ৰলেপ দিলে সোনকালে সুফল পোৱা যায়।
![]() |
ধতুৰা গছ |
৩/ চজিনা শিপাৰ ছাল সম পৰিমাণৰ সৰিয়হ পিচি প্ৰলেপ দিলে নিৰাময় হবলৈ ধৰে।
৪/ চোৰাত গছৰ শিপা খুন্দি গাল ফুলা ঠাইত লিপি দিলে ভাল হোৱা দেখা যায়।
৫/ বাঙালী এৰা ঠাৰিৰ ৰসৰ লগত অলপ নিমখ মিহলাই দিনে দিনে দুবাৰকৈ মুখ কুল কুলিয়াব লগে।
৬/ মৰাণ আদা খুন্দি ফুলি উঠা ঠাইত প্ৰলেপ দিব লাগে।
এই ৰোগৰ সময়ত কি কি খোৱা উপকাৰী
কেঁচা পিঠা গুৰিত পানী গুলি খাব লাগে। লঘূ পাকী খাদ্য, চজিনা, পোৱাল বেঙেনা, মগু দাইল আদি খুৱাটো অত্যন্ত উপকাৰী।
এই ৰোগৰ সময়ত কি কি খোৱা অনুচিত
গুৰুপাকি খাদ্য, বৰা চাউল, কঁঠাল, বৰালি মাছ, পুৰৈ শাক, মাটি দাইল, কফ সৃষ্টি কৰা খাদ্য বস্তু খুৱাটো অনুচিত। মাদক দ্ৰব্য আৰু ধূম্ৰপান অতিকৈ বেয়া। কথা কমকৈ পাতিব লাগে।