কাণ পকা OTORRHOEA
এই ৰোগ হোৱাৰ মুখ্য কাৰণ হল
কাণ অপৰিষ্কাৰ কৰি ৰাখিলে নানা জীৱাণুৰ দ্বাৰা এই ৰোগ হব পাৰে। তদুপৰি কাণত কোনো আঘাত পালে এই ৰোগ হোৱা সম্ভাৱনা থাকে।
![]() |
Neeramoy |
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
কাণৰ ভিতৰত ফোঁহা হৈ সেই ফোঁহা পকি পুজ বাহিৰ হৈ থাকে। কাণৰ বিষ হয়। কাণেৰে কমকৈ শুনে। আনকি কলা হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হয়। কাণৰ কাষ
ফুলি উঠে আৰু বিষ হয়। জ্বৰ উঠে।এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ হাড় জোৰা লতা ৩ ইঞ্চি দীঘলকৈ কাটি তাৰ ৰস উলিয়াই তাক গৰম কৰি অলপ ঠাণ্ডা কৰি পৰিষ্কাৰ কাপোৰেৰে চেকি কাণত টোপ টোপকৈ ২/৩ টোপাল পৰিবলৈ দিলে কাণৰ বিষ আৰু কাণৰ পৰা পুজ ওলোৱা বা কাণেৰে কম শুনা ৰোগ ভাল হয়।
২/ অৰ্জুন গছৰ পাত (৩/৪ খন ) ৰস কাপোৰেৰে চেকি কাণত ২/৩ টোপাল মান পৰিবলৈ দিলে কাণৰ বিষ তৎকালীন নাইকীয়া হবলৈ ধৰে।
![]() |
নিৰাময় |
৩/ কাণ পকা বা কাণৰ বিষ বা কাণত নানা শব্দ হলে ৪/৫ খন কপাহৰ পাত খুন্দি তাৰ ৰস গৰম কৰি ঠাণ্ডা হলে কাণত দুই টোপাল পৰিবলৈ দিব লাগে।
৪/ সিজু পাতৰ ৰস উলিয়াই কুহুমিয়া গৰম কৰি কাণত দিলে কাণৰ বিষ কমে। পৰিমাণ দুই টোপাল।
৫/ তুলসী পাতৰ ৰস উলিয়াই কুহুমিয় গৰম কৰি কাণত দিলে কাণৰ বিষ কমে। পৰিমাণ দুই টোপাল।
৬/ কলীয়া কচুৰ ঠাৰি এডাল বিশুদ্ধ নাৰিকল তেলত লগাই কুহুমিয়াকৈ জুইত সেকি কাণ খৰকীয়ালে কাণ পকা ৰোগ ভাল হয়।
৭/ কাণত পোক হলে পদিনাৰ ৰস কাণত দিলে পোক সহজে মৰে। পৰিমাণ দুই টোপাল।
৮/ অৰ্জুন গছৰ ছালৰ ৰস এইক্ষেত্ৰত উপকাৰী দুই তিনি টোপাল দিলেই ৰোগ নিৰাময় হবলৈ আৰম্ভ কৰে।
৯/ চালকুৱৰি (aloe vera) পাতৰ ৰস উলিয়াই কাপোৰেৰে চেকি কাণত দিলে যথেষ্ট উপকাৰ পোৱা যায়।
১০/ ডাঙৰ পিয়াজ এটাৰ ৰস উলিয়াই তাক গৰম কৰি কুহুমীয়া অৱস্থাত কাণত দিলে বিষ নাইকীয়া হয়।
১১/ কুণ্ডলি পাতৰ ৰস উলিয়াই কাণত কেইটোপালমান দিলেই ভাল ফল পোৱা যাব।
![]() |
Neeramoy |
১২/ মূলা অলপ জুইত গৰম কৰি তাৰ তাৰ ৰস উলিয়াই কাণত কেইটোপালমান দিলেই কাণৰ পৰা পুজ ওলোৱা বন্ধ হয় নিৰাময় হব আৰম্ভ কৰে।
১৩/ মালতিফুল আৰু পাতৰ ৰস মিশ্ৰণ কৰি কাণত দিলে কাণৰ পৰা পুজ ওলোৱা বন্ধ হৈ নিৰাময় অৱস্থা পায়।
১৪/ সৰু লৰা ছোৱালীৰ কাণ পকিলে মানকচুৰ পত্ৰ বৃন্তৰ ৰস টোপ টোপকৈ দুটোপাল দিলে ভাল ফল পোৱা যায়।
১৫/ নহৰু খুন্দি তাৰ ৰস গৰম কৰি কাণত কেইটোপালমান দিলেই যথেষ্ট উপকাৰ পোৱা যায়।
১৬/ চজিনা ৰস তিলতেলৰ লগত গৰম কৰি কাণত দিব লাগে। পৰিমাণ ২/৩ টোপাল।
১৭/ কেঁচা জেতুকাৰ পাতৰ ৰস উলিয়াই কাণত কেইটোপালমান দিলেই সুফল পোৱা যায়।
১৮/ কপৌ ফুলৰ পাত ৰ ৰস উলিয়াই ৪/৫ টোপালকৈ দিনে ২ বাৰকৈ ২/৩ দিন কাণত দিলেই এই ৰোগ নিৰাময় হব আৰম্ভ কৰে।
এই ৰোগৰ হোৱাৰ সময়ত কি কি খোৱা উপকাৰী
মহানিম, চিৰতা , পটল, চজিনা, ফল মূলৰ ৰস, তুলসী আৰু সহজে হজম হোৱা খাদ্য বস্তু অত্যন্ত উপকাৰী।
এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী
টান খাদ্যবস্তু, গুৰূপাকী খাদ্য, টেঙা জাতীয় খাদ্য বস্তু, বিড়ি, চিগাৰেট, ধপাঁত, মাদক দ্ৰব্য আদি খোৱা অত্যন্ত অনুপযোগী। কমকৈ কথা কব লাগে যাতে কাণ খনে আৰাম পায়।