জুইয়ে পোৰা fire burn
জুইয়ে পুৰিলে সাধাৰণতে ঢৌ উঠে আৰু অসহ্য বিষ হয়। ঢৌ ফুটাই দিলে পানী ওলায় পিছলৈ ৰঙা পৰি যায়।
![]() |
Neeramoy |
জুইয়ে পুৰিলে ঘৰুৱা কি কি দিহাৰে নিৰাময় কৰিব পাৰি
১/ অশোকৰ ক্কাথ খোৱাৰ উপৰিও পোৰা ঠাই সমূহত প্ৰলেপ দিব লাগে। এনে
কৰিলে ঠাই টুকুৰা বহু আৰাম অনুভৱ হয়।২/ পুৰৈ শাকৰ পাত ২/৩ মিহিকৈ খুন্দি মাখনৰ সৈতে লগাব লাগে।
৩/ মেঠী গুটি ৫০ গ্ৰাম পানীত তিয়াই তাক পিচি পোৰা ঠাইত প্ৰলেপ দি থলে ভম ভমনি নাইকীয়া হয়।
৪/ আলু চকল চকল কৰি লগালে ভম ভমনি নাইকীয়া হয়।
৫/ ছাল কুঁৱৰী পাত এখন খুন্দি দিব লাগে তেতিয়া পোৰা ঠাই ডোখৰ ঠাণ্ডা অনুভৱ হয়।
![]() |
নিৰাময় |
৬/ তৰোৱা কদমৰ আঠা, কণী বিজলৰ লগত মিহলি কৰি জুইয়ে পোৰা ঠাইত লগালে ভাল হয়।
৭/ জুইয়ে পোৰা ঘাঁ ত অমিতা আঠা লগালে যথেষ্ট উপকাৰ পোৱা যায়।
৮/ পকা ভীম কল চকল চকল কৰি কাটি জুইয়ে পোৰা ঠাইত লগাব লাগে।
৯/ গাজৰ এডোখৰ পিচি জুইয়ে পোৰা ঠাইত লগালে ঢৌ নুঠে।
১০/ ধুনা পিচি প্ৰলেপ দিব লাগে। যিহেতু ধুনা এবিধ প্ৰাকৃতিক বস্তু সেইয়েহে ইয়াৰ বিৰূপ প্ৰভাৱ নাই।
১১/ গৰম পানী বা জুইয়ে পুৰিলে বঙালী এৰা গছৰ পাতৰ ৰসত (২৫ টোপালত) কণী এটাৰ আধা অংশ কুহুম মিহলি কৰি পোৰা ঠাইত সানিলে কেতিয়াও ঢৌ উঠিব নোৱাৰে আৰু ২ দিনৰ ভিতৰত ঘাঁ ভাল হবলৈ আৰম্ভ কৰে।
জুইয়ে পোৰা পিছত কি কি খোৱা উপযোগী
লঘূ আহাৰ খাব লাগে। ঠাণ্ডা দায়ক আৰু ৰসাল খাদ্য বস্তু খাব লাগে।
জুইয়ে পোৰা পাছত কি কি খোৱা অনুপযোগী
গৰম ক্ৰিয়া দায়ক খাদ্য বস্তু, জ্বলা পোৰা বস্তু, টেঙা, মাদক দ্ৰব্য, ভাং, বিড়ী, চিগাৰেট ইত্যাদি অত্যন্ত অনুপযোগী।