স্তনৰ ৰোগ DISEASE OF BREAST
কণ্যাকাল হোৱাৰ পৰা মাতৃত্ব হৈ থকা লৈকে স্তনত নানা ৰোগে দেখা দিয়া পৰিলক্ষিত হয়।
Neeramoy |
স্তনত হোৱা বিভিন্ন ৰোগৰ কাৰণ সমূহ হল
স্তনযুগল পৰিবৰ্তন হোৱা কাৰণে অৰ্থাৎ যৌৱন অৱস্থাত স্তনযুগল ত মাংস জমা হৈ ডাঙৰ হয় আৰু বয়স হোৱাৰ লগে লগে এই মাংস শুকাই গৈ একেবাৰে সৰু হৈ পৰে। তেজ দূষিত হোৱাৰ কাৰণে নানা ৰোগ বিশেষকৈ স্তনত খোদ খহু বা বিষ
ফোঁহা আদি হব পাৰে। ছালৰ দোষত নানা ৰোগ হব পাৰে। খাদ্যপ্রানৰ অভাৱত স্তনত বিভিন্ন ৰোগে দেখা দিব পাৰে।স্তনত হোৱা কিছুমান ৰোগৰ ঘৰুৱা দিহাৰে কি দৰে নিৰাময় পাব পাৰি তাৰে কিছু বনৌষধি আগবঢ়ালোঁ
স্তনত গাখীৰ কমিলে
১/ এৰি তেলেৰে স্তন দ্বয় মালিছ কৰিব লাগে।
২/ ৬০ গ্ৰাম মাটি মাহ আধা লিটাৰ গাখীৰত এক ৰাতি তিয়াই ৰাতিপুৱা মাহখিনি চোবাই খাব লাগে আৰু গাখীৰ খিনি গৰম কৰি খালে স্তনত গাখীৰৰ পৰিমাণ যথেষ্ট বৃদ্ধি হয়।
নিৰাময় |
৩/ শত মূল শিপাৰ ৰস ৫০ গ্ৰাম ২০০ মিলি লিটাৰ গাখিৰত মিহলাই সাত বা আঠ দিনমান খালে স্তনত গাখীৰ জমা হবলৈ ধৰে।
৪/ কলমৌ শাক, হাতী খুটোৰা, মৰাণ আদা, তিল, সজিনা পাতে স্তনত গাখীৰ বৃদ্ধি হোৱাত যথেষ্ট সহায় কৰে। অমিতা তৰকাৰী কৰি খাব লাগে।
স্তন সৰু হৈ গলে
যৌৱন প্ৰাপ্ত যুৱতীৰ স্তন সৰু হৈ থকাও দেখা যায়। এনে যুৱতীয়ে বনৌষধি দ্বাৰা স্তন যুগল স্বাভাৱিক অৱস্থালৈ সহজে আনিব পৰা যায়।
Neeramoy |
১/ এই ক্ষেত্ৰত দিনে ৫০ গ্ৰামকৈ মুৱা আলু নাইবা সমপৰিমাণৰ শত মূলৰ ৰস একেৰাহে এমাহ খালে স্তনৰ আকাৰ স্বাভাৱিক অৱস্থাৰ হৈ ধুনীয়া হৈ পৰে।
২/ কুটলীয়া কলামাহ ( শাস্ত্ৰীয় নাম নিষ্পাকি) ৰস ১০০ গ্ৰাম গৰম কৰি ৭/৮ দিনমান খাব লাগে।
স্তনত যদি বিষ অনুভৱ হয়
১/ হালধি এটুকুৰা পিচি তাত অলপ পানী দি স্তনত কিছু সময় প্ৰলেপ দি ৰাখিলে বিষ সহজে নাইকীয়া হৈ যায়।
স্তনত খোদ খহো বা ফোঁহা হলে
১/ কেঁচা হালধি এটুকুৰা পিচি স্তনত সানিব লাগে আৰু ৫০ গ্ৰাম ৰস খাব লাগে । যদি এই ৰোগ ১২-১৫ দিনত কৈ অধিক হয় তেন্তে ডাক্তৰৰ পৰামৰ্শ লব লাগে।
স্তন টন টনালে
১/ কলমৌ শাক ১০০ পিচি স্তনত লগাব লাগে লগতে ইয়াৰ তৰকাৰী কৰি খোৱাটো ভাল।
স্তন দ্বয় তললৈ উলমি পৰিলে
ই যদিও ৰোগ নহয় প্ৰায় বিলাক নাৰীৰে ২/৩ টা সন্তান জন্ম দিয়াৰ পাছত স্তন দ্বয় তললৈ উলমি পৰা দেখা যায়। কেতিয়াবা আকৌ বহু গাভৰুৰ এনে হব পাৰে। স্তন যুগল এনেহলে পুৰুষৰ আকৰ্ষণ সাধাৰণতে কম হয়। বনৌষধি দ্বাৰা স্তন যুগল বয়সলৈকে স্থিৰ কৰি ৰাখিব পৰা যায়।
নিৰাময় |
১/ এৰি গছৰ তেল, শাল মাছৰ তেল আৰু কেঁচা বেল একেলগে তপতাই লব লাগে । শেষত যেতিয়া অকল তেল খিনি ৰবগৈ তেতিয়া তাক ভালদৰে বটলত ভৰাই ৰাখি নিয়মীয়াকৈ স্তন দ্বয়ত সানি মালিচ কৰিলে স্তন যুগল স্থিৰ হৈ অতি আকৰ্ষণীয় হৈ পৰে।
২/ ৫০ গ্ৰাম চাউল ২৫০ গ্ৰাম পানীত কিছুসময় এটা মাটিৰ পাত্ৰত তিয়াই ৰাখি সেই চাউল খচি তাৰ পানী খিনি খাব লাগে আৰু ঋতু হোৱা ছোৱালীয়ে ঋতু হোৱা সময়ৰ পৰা ৰাতিপুৱা আৰু গধূলি দিনে দুবাৰকৈ সেই পানী নাকেৰে খাব লাগে। স্তন কেতিয়াও উলমি পৰিব নোৱাৰে।
স্তনত আঘাত পায় তেজ ওলালে
এৰি তেলে লগাই কাপোৰৰ পত্তিৰে বান্ধিলে তেজ ওলোৱা বন্ধ হয় বিষ কমে।
স্তনৰ ৰোগ প্ৰতিষেধকৰ বন দৰৱ
স্তনৰ যিকোনো ৰোগ প্ৰতিৰোধ কৰিবলৈ হলে কুহুমীয়া পানীৰে স্তন দ্বয় ভালদৰে ধুই বিশুদ্ধ সৰিয়হৰ তেলেৰে স্তন দ্বয় ভালদৰে সদায় দুবাৰকৈ মালিচ কৰিব লাগে।