অনিদ্ৰা ৰোগ ( INSOMNIA)
এই ৰোগ হোৱাৰ মুখ্য কাৰণ সমূহ হল
গভীৰ চিন্তা, হজমি শক্তি কমিলে জ্বৰ আৰু কিছুমান জটিল ৰোগত অনিদ্ৰা ৰোগ হয়। তদুপৰি পেটত ভোক, অতিপাত গৰম বা অতিপাত ঠাণ্ডা আৰু বয়সস্থ লোকৰ
Neeramoy |
সাধাৰণতে টোপনি কম হয়। লেতেৰা আৰু আৰামদায়ক নোহোৱা সাজ- পোচাক আৰু টান বিচনাৰ কাৰণেও অনিদ্ৰা ৰোগ হয়।
এই ৰোগ হোৱাৰ সাধাৰণ লক্ষণ হল
টোপনি কম, ঘনে ঘনে হাৰ পায় আৰু মূৰৰ বিষ হয়।
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ পিপলিৰ ২০ গ্ৰাম আৰু অলপ গুৰ মিহলি কৰি খালে ভাল টোপনি হয়।
২/ নেমুৰ ৰস ভাল সৰিয়হৰ তেল ভৰিৰ তলুৱাত সানিলে টোপনি ভাল হয়।
৩/ দৈৰ লগত দুটা জালুক পিচি মিহলি কৰি অলপ চেনী দি খালে ৰাতি টোপনি ভাল আহে।
৪/ ৫ চামুচ ৰঙা পিয়াজৰ ৰসেই খুৱাটো এই ৰোগ আৰোগ্য কাৰণে যথেষ্ট।
৫/ ১০০ গ্ৰাম চফ্ গুটি আধা লিটাৰ পানীত উতলাই আধা ভাগ হলে তাক চেকি গৰুৰ গাখীৰ ২৫০ গ্ৰাম আৰু ১৫ গ্ৰাম ঘিউৰ লগত অলপ চেনী মিহলাই খালে অনিদ্ৰা ৰোগ নাশ হয়।
৬/ জাইফল পিচি ঘিউত মিহলি কৰি অলপ পানী দি লেপলেপিয়া কৰি কপালত লগালে টোপনি আহে।
নিৰাময় |
৭/ সৰ্প গন্ধাৰ শিপা ৰস ২০ গ্ৰাম উলিয়াই তাত সামান্য পানী মিশ্ৰণ কৰি খাদ্য খোৱাৰ আধা ঘণ্টাৰ পাছতে খাব লাগে। এনে কৰিলে টোপনি সোনকালে আহে।
৮/ মানিমুনি শাক দিনে ২০০ গ্ৰামকৈ আঞ্জা কৰি খোৱা ভাল।
৯/ তেঙেচি টেঙাৰ ৰস ২০০ গ্রামত ১০০ গ্ৰাম গাখীৰ মিহলাই খাব লাগে।
১০/ মেদেলুৱা গছৰ ( সৰু জোপোহা গছ) কুমলীয়া ৩/৪ খন পাত পিচি ৰাতি শোৱাৰ আগতে খালে ৰাতি সুন্দৰ টোপনি আহে।
এই ৰোগ হলে কি কি খোৱা উপযোগী
পুৰৈ শাক, মানি মুনি, দুৰোন বন, তেঙেচি টেঙা, মহৰ গাখীৰ, আদি সমূহ খুৱাটো অতিশয় প্ৰয়োজনীয়। পাতে গজা বা দুপৰ টেঙা পাত খুন্দি মূৰত প্ৰলেপ দিব লাগে।
এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী
সহজে হজম নোহোৱা বস্তু, টান খাদ্য বস্তু খাব নালাগে।