Sunday, September 5, 2021

নিউমোনিয়া PNEUMONIA

 নিউমোনিয়া PNEUMONIA

এই ৰোগৰ মুখ্য কাৰণ হল

কেইবিধমান জীৱাণু ১/ নিউমোকক্কাচ  pneumococcus ২/ streptococcus pneumoniae ৩/ staphylococcus phyegense ৪/ klebsiclla pneumoniae ৫/ haemoplilus influenzae ৬/ mycobactarium pneumoniae আৰু ৭/ বিভিন্ন প্ৰকাৰৰ ভেঁকুৰৰ পৰা এই ৰোগ হয়। ইয়াৰ ভিতৰত প্ৰধান জীৱাণু হল নিউমোকক্কাচ  pneumococcus ।

নিউমোনিয়া 

এই ৰোগৰ লক্ষণ সমূহ হল

হঠাৎ ঠাণ্ডা লাগি জ্বৰ হয়। ভুক নালাগে। মূৰৰ বিষ হয়। জ্বৰ ১০৩/১০৪ ফাঃ পৰ্য্যন্ত

হয়। গোটেই গাত বিষ অনুভৱ হয় । বুকুৰ বিষ অধিক হয় আৰু কাঁহ হয়। প্ৰথমে শুকান কাঁহ হয়। কাহোঁ তে কষ্ট হয়। দিন বেছি হলে কজলা বা হালধীয়া বৰণৰ খেকাৰ ওলায়। শ্বাহ খৰতকীয়া ( প্ৰতি মিনিটত ৩০-৪০ বাৰ) আৰু বেদনাদায়ক হয়। মুখৰ পৰা দুৰ্গন্ধ ওলায় , শৰীৰ দুৰ্বল হৈ পৰে, শৰীৰ চেঁচা হৈ পৰে। দুয়ো কুৱাৰিতে ঘাঁ হয়, জিভা বগা হয় আৰু মুখৰ ভিতৰৰ ছাল চিগে।

Pneumonia


এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল

১/ এক চামুচ নহৰুৰ ৰসৰ লগত সামান্য গৰম পানী মিহলি কৰি খাব লাগে।

২/ কলীয়া তুলসীৰ ৰসৰ লগত মৰাণ আদা আৰু মৌ মিহলি কৰি দিনে ১ বাৰকৈ খোৱা উচিত।

৩/ হিজো জুইত সেকি মূৰত প্ৰলেপ দিব লাগে।

৪/ দুৰোণ বনৰ ৰস ২৫ গ্ৰামকৈ দিনে তিনিবাৰকৈ খাব লাগে আৰু খুন্দি মূৰত প্ৰলেপ দিয়া ভাল। দুৰোন বনৰ পাতৰ ৰস কৰি বুকুত মালিচ কৰিলেও ৰোগীয়ে যথেষ্ট আৰাম পায়।

৫/ বোন্দা কেঁচু এটা ১০০ গ্ৰাম পানীত কিছু সময় তিয়াই ৰাখি তাত ৯ টা জালুক খুন্দি মিহলাই কেঁচুৱাক এক চামুচ আৰু বয়সস্থ লোকক ২ চামূচ কৈ দিনে দুবাৰকৈ একেৰাহে তিনিদিনমান খুৱাব লাগে। এনে কৰিলে সোনকালে নিৰাময় হয়।

এই ৰোগৰ সময়ত কি কি খোৱা উপযোগী

হুহনি বন, বগা বাহকৰ ফুল আৰু পাতৰ ৰস, লঘূপাকী খাদ্য উপকাৰী। প্ৰথম অৱস্থাত ৰাতিপুৱা শুদা পেটত একোটাকৈ মূৰ্গী কণী কেঁচাই খাব লাগে। পাঁচ দিনত পাঁচটা খোৱা ভাল।

এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী

বিড়ি, চিগাৰেট , ভাং, ধপাঁত, মদ, মাংস, মাছ, উৰহি, বৰা চাউল, মাটি কঁঠাল, বেঙেনা , টেঙা খাদ্য বস্তু, জ্বলা বা ভজা পোৰা বস্তু লগতে মচলা ইত্যাদি সমূহ খুৱাটো অতিশয় বেয়া। শৰীৰত ঠাণ্ডা লগাব নালাগে।