গৰ্ভধাৰণ pregnancy
কিছুমান কাৰণ বসত গৰ্ভধাৰণ হোৱাত সমস্যা আহি পৰে ইয়াৰ মূল কাৰণ সমূহ হল
পুৰুষ (স্বামী) বিভিন্ন ৰোগ প্ৰধানকৈ পুৰুষৰ ধ্বজভঙ্গ বা শুক্ৰ তাৰল্য, প্ৰমেহ, মূত্ৰকৃচ্চ, মূত্ৰাঘাত আদি কাৰণত আৰু সেইদৰে নাৰীৰ (স্ত্ৰী) বিভিন্ন ৰোগৰ কাৰণে বিশেষকৈ প্ৰদৰ, গৰ্মি ৰোগ, বহুমূত্ৰ, মূৰৰ বিষ, স্নায়বিক দুৰ্বলতা, জৰায়ু স্থান চ্যুত হলে আৰু দেহত খাদ্যাপ্রান ই ( ভিটামিন E) ৰ অভাৱ হলে নাৰীৰ সতি সন্তান নহয়। শৰীৰত দূষিত পদাৰ্থ জমা হলেও নাৰী বন্ধ্যাত্ব হব পাৰে।
![]() |
নিৰাময় |
জৰায়ু দুৰ্বল আৰু ৰুগীয়া হলে, বাধক বেদনা হলে, অতিশয় শকত নাৰীৰ লৰা। ছোৱালী হোৱা সম্ভাৱনা অলপ কম হয়। সঙ্গমৰ পাছত অতিপাত বিড়ি , চিগাৰেট, মাদক দ্ৰব্য, বিষাক্ত খাদ্য বা ঔষধ আদি খোৱাৰ কাৰণেও বন্ধ্যাত্ব হব পাৰে।
পুৰুষৰ (স্বামীৰ) পুৰুষত্ব হীন হলেও সতী সন্ততি হোৱা সম্ভাৱনা নাইকীয়া হয়।কিছুমান বনৌষধি ব্যৱহাৰ কৰি এনে ৰোগৰ পৰা হাত সাৰিব পাৰি
১/ পনৌনৌৱা আৰু বেল গছৰ শিপা পিপলিৰ সৈতে ঘিউত ভাজি খালে এই দোষ নাইকীয়া হবলৈ আৰম্ভ কৰে।
২/ ৬ গ্ৰাম চফগুতি গুঢ়ি কৰি ঘিউৰ লগত একেৰাহে তিনিমাহ মান খালে গৰ্ভধাৰণ কৰে।
৩/ তিনিটা নহৰু চোবাই খোৱা অলপ সময় পাছত ২৪০ গ্ৰাম গৰুৰ শুদ্ধ গাখীৰ খাব লাগে। এনেকৈ ১৫/২০ দিন খোৱা পাছত । সুফল পোৱা যাব।
![]() |
নিৰাময় |
৪/ নীলা অপৰাজিতা শিপা ছাগলী গাখীৰৰ সৈতে ৰাতি খালে বন্ধ্যা নাৰী গৰ্ভৱতী হয়। এনেদৰে প্ৰায় এক মাহ মান খাব পাৰিলে ভাল।
৫/ শিমলু ফুলৰ ৰস ৩০ গ্ৰাম , গৰুৰ গাখীৰ ২৫০ মিলি লিটাৰ আৰু ১০ গ্ৰাম মিচিৰি মিহলি কৰি ৰাতি প্ৰথম প্ৰহৰত খাব লাগে। এনেদৰে দ্বিতীয় মাহত ইয়াৰ দুগুণ আৰু তৃতীয় মাহত দ্বিতীয় মাহৰ দুগুনকৈ খালে বন্ধ্যা দুখ নাইকীয়া হয়। আৰু কামাবেগ বৃদ্ধি হোৱাৰ উপৰিও আয়ুস বৃদ্ধি কৰে।
৬/ গুক্ষুৰ বীজ ১০-১২ তা পিচি পচতীয়া পাতৰ ৰস ২০ গ্ৰাম লগত ঋতু কালত তিনি দিনৰ পৰা সাত দিনলৈকে একেৰাহে খালে বন্ধ্যা তিৰোতা গৰ্ভৱতী হয়।
৭/ সুনবৰীয়ালৰ ৰঙা আৰু বগা জাতৰ ৪ ইঞ্চি দীঘল এমুঠি শিপাৰ ৰস, গছৰ ৮-১০ ত ঠুৰিৰ ৰস, ষষ্ঠী মধু আৰু নাহৰ ফুলৰ কেশৰ ৰস প্ৰায় ২০ গ্ৰাম লৈ আটাইকেইটা ভালদৰে মিশ্ৰণ কৰি তাত সামান্য এঁৱা গাখীৰ, মৌ জোল আৰু চেনী দি ৰাতি ভাত খোৱাৰ ঠিক আধা ঘণ্টাৰ পাছত খাব লাগে। এনেদৰে একেৰাহে তিনি দিন খোৱা উচিত।
৮/ গোলাপ ফুল তিনিপাহ কেশ আৰু সম পৰিমাণৰ গৰুৰ ঘিউ লৈ হাতৰ তলোৱাত ভালদৰে মোহাৰি নাকেৰে হুঙিব লাগে। এনেদৰে গুন্ধিলে গৰ্ভধাৰণ হয়। কিছুমান দৰৱ শুঙিলে তাত থকা সৰু সৰু অংশ সমূহ নাকেৰে শৰীৰ ত মিহলি হয়।
৯/ কলগছত থকা কেঁচু এটা আৰু জোনাকী পৰুৱা এটা মালভোগ কলত সুমুৱাই চোবাই খালে সুফল পোৱা দেখা যায়।
বিঃ দঃ ***(পুৰুষৰ দোষ সমূহ আন এটা লিখনিত সন্নিবিষ্ট কৰা হল)***
এই বনৌষধ গ্ৰহণ কৰা সময়ত কি কি খোৱা উপযোগী
আমলখি, আপেল, কাঁতা খুটুৰা, চজিনা পাত, তিতা কেৰেলা, ধনীয়া, পদিনা, বন্ধাকবি, নেমু টেঙা, পকা বিলাহী, পালেং শাক, মধুৰি আম, হুমথিৰা টেঙা, ভেণ্ডী, নহৰু আদি খাদ্য সমূহ উপকাৰী।
এই বনৌষধি গ্ৰহণ কৰা সময়ত কি কি খোৱা অনুপযোগী
বেছি শকত তিৰোতাই মাছ, মাংস, চয়াবিন, ঘিউ, মাখন আৰু শ্বেত সাৰ, থকা খাদ্য খাব নালাগে। এনে আহাৰ তিৰোতাই দিনত কমকৈ খোৱা ভাল আৰু মাজে সময়ে উপবাস কৰা উচিত। পুং জনেন্দ্ৰিয় ৰোগীৰ লগত সহবাস কৰিব নালাগে। মাদক দ্ৰব্য, বিড়ি,চিগাৰেট আদি খোৱা অত্যন্ত বেয়া। মহেকত ৩-৪ দিনত কৈ বেছি সংগম কৰিব নালাগে।